Home মুখ্য পৃষ্ঠা গোলাঘাটৰ বগীধলা চাহ বাগিচাৰ কাণ্ডৰ বিৰুদ্ধে মৰাণত আটছাৰ প্ৰতিবাদী কাৰ্যসূৰ্চী মুখ্য মন্ত্ৰীলৈ...

গোলাঘাটৰ বগীধলা চাহ বাগিচাৰ কাণ্ডৰ বিৰুদ্ধে মৰাণত আটছাৰ প্ৰতিবাদী কাৰ্যসূৰ্চী মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ

146
0

গোলাঘাটৰ বগীধলা চাহ বাগিচাৰ কাণ্ডৰ বিৰুদ্ধে মৰাণত আটছাৰ প্ৰতিবাদী কাৰ্যসূৰ্চী মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ

দৈনন্দিন বাৰ্তাLive@মৰাণ;১৮ ডিচেম্বৰ : নিজা প্ৰাপ্য বিচাৰি যাওঁতে গোলাঘাটৰ বগীধলা চাহ বাগিচাৰ স্বত্বাধিকাৰী ভাতৃদ্বয় সমীৰ ৰয় আৰু সুধীৰ ৰয়ে নিৰীহ শ্ৰমিকক যধে-মধে গুলিচালনা কৰি ১৫ জনকৈ শ্ৰমিকক আহত কৰা কাৰ্য্যৰ বিৰুদ্ধে এতিয়াও ৰাজ্যত সৰ্বত্ৰে ক্ষোভৰ অগ্নি জ্বলিয়েই আছে। আজি মৰাণত মৰাণ আৰু মাহমৰা ৰাজহ চক্ৰৰ কাৰ্য্যালয়ত চাহ জনজাতি ছাত্ৰ সন্থা(আটছা)ৰ মৰাণ আৰু মাহমৰা শাখাই উক্ত ঘটনাৰ মুল অভিযুক্ত সমীৰ ৰয় আৰু সুধীৰ ৰয়ক উপযুক্ত শাস্তি হিচাপে ফাঁচি দিয়া দাৱী তোলাৰ লগতে আহতসকলক পাঁচ লাখ টকাকৈ এক কালিন সাৰ্হয্য প্ৰদান কৰিবলৈ চৰকাৰৰ দাৱী জনায় আৰু শ্ৰমিকৰৰ প্ৰাপ্যখিনি শীঘ্ৰে প্ৰদান কৰিবলৈ দাৱী জনায়। চাহ জনগোষ্ঠীটোৰ পৰা প্ৰতিনিধিত্ব কৰি বিজেপি বা আন দলৰ বিধায়ক -সাংসদ হৈ থকা চাহ জনগোষ্ঠীৰ নেতাসকলক প্ৰতিবাদীসকলে হুংকাৰ প্ৰদান কৰিছে।যিহেতু এই জনপ্ৰতিনিধিসকলে চাহ জনগোষ্ঠীটোৰ হকে তিলমানো চিন্তা কৰা নাই । তাৰোপৰি বগীধলা কাণ্ডত শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাসকে ধৰি সকলো চাহ জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰা নেতাসকল নিমাতে আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here