Home মুখ্য পৃষ্ঠা পঞ্চায়ত ৰ্নিবাচনৰ দিন কাষ চাপি অহাৰ সময়তে  সমষ্টিত বিধায়িকা ৰ’জলীনা তিৰ্কী

পঞ্চায়ত ৰ্নিবাচনৰ দিন কাষ চাপি অহাৰ সময়তে  সমষ্টিত বিধায়িকা ৰ’জলীনা তিৰ্কী

149
0
পঞ্চায়ত ৰ্নিবাচনৰ দিন কাষ চাপি অহাৰ সময়তে  সমষ্টিত বিধায়িকা ৰ’জলীনা তিৰ্কী
  • বহুকেইটা আচনিৰ আধাৰশিলা স্হাপন 
দৈনন্দিন বাৰ্তাLive@ধনশিৰি ,১৮ ডিচেম্বৰ :- পঞ্চায়ত নিৰ্বাচনৰ দিন  কাষ চাপি অহাৰ সময়তে  সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰজলীনা তিৰ্কীয়ে  অসম -নগালেণ্ড সীমান্ত অঞ্চলৰ চুঙাজান নাওঁঘাট  চাৰিআলিত  প্ৰধানমন্ত্ৰী স্বচ্চ- ভাৰত অভিযান (গ্ৰামীন )২০১৭-১৮ বৰ্ষৰ অধিনত নিৰ্মিত হোৱা এটি সূলভ মূল্যৰ ৰাজহুৱা শৌচাগাৰৰ শুভ উদ্ধোধন কৰে ৷ ইয়াৰ ওপৰিও গোলাঘাট দক্ষিণ উন্নয়ণ খণ্ডৰ অন্তৰ্গত পঞ্চায়ত সমূহত বহুকেইটা চি চি ব্লকৰ  পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ  গৃহৰো উদ্বোধন কৰে ৷ বিশেষকৈ অসম নাগালেণ্ড সীমামুৰীয়া চুঙাজান মাজগাঁও, চুঙাজান এম, ভি, পূৱ নাওজান আৰু পশ্চিম নাওজান গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেকাসমুহত উন্নয়ণৰ বাবে স্থানীয় বিধায়িকা গৰাকীয়ে গুৰুত্ব আৰোপ কৰি আহিছে ৷ দিনজোৰা কাৰ্যসুচীৰে সমষ্টিলৈ অহা বিধায়িকা গৰাকীয়ে আধাৰশিলা স্থাপন কৰাৰ লগতে সীমান্তৰ নখুটিত আত্মসহায়ক গোটৰ এখন সজাগতা সভাতো অংশগ্ৰহণ কৰে ৷ উক্ত সজাগতা সভাত মহিলা সবলীকৰণৰ বাবে আত্ম সহায়ক গোট সমুহক কাম কৰি যাবলৈ পৰামৰ্শ আগবঢ়ায় বিধায়িকাগৰাকীয়ে ৷ এই কাৰ্যসুচীত বিধায়িকাগৰাকীৰ লগত গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলে,ধনশিৰি মহকুমাৰ মহকুমাধিপতি বিপুল দাস , খণ্ড উন্নয়ণ বিষয়া চৌকত অালী, কণিষ্ঠ অভিযন্তা কৃষ্ণ পোষৰেল, ৰঞ্জিত বৰা আৰু দিপাংকৰ কোঁৱৰ ,জনস্বাস্হ্য কাৰীকৰী কাৰ্য্যবাহী অভিযন্তা মনোৰঞ্জন শইকীয়া ,সহ-কাৰ্য্যকৰি অভিযন্তা অমূল্য কুমাৰ প্ৰাণজ্যোক , দিনেশ দাস,খণ্ড সমন্বয়ক মিলন ৰাজপুট ,পদমেশ্বৰ বৰা আদিৰ লগতে  অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তিসকল  উপস্হিত থাকে ৷ ইফালে বিজেপি-অগপৰ মিত্ৰতাক লৈ জল্পনা কল্পনা চলি থকাৰ সময়তে সৰুপথাৰ সমষ্টিত কংগ্ৰেছ দলে আধাৰশিলা স্থাপনেৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ ইতিমধ্যেই আৰম্ভ কৰি দিলে বুলি সৰ্বত্ৰে ব্যাপক চৰ্চা হৈছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here