Home মুখ্য পৃষ্ঠা ব্ৰহ্মপুত্ৰৰ পানী প্ৰদূষণমুক্ত কৰাৰ দাবী : তিতাবৰত মুখ্যমন্ত্ৰীলৈ আছুৰ স্মাৰক পত্ৰ

ব্ৰহ্মপুত্ৰৰ পানী প্ৰদূষণমুক্ত কৰাৰ দাবী : তিতাবৰত মুখ্যমন্ত্ৰীলৈ আছুৰ স্মাৰক পত্ৰ

209
0

ব্ৰহ্মপুত্ৰৰ পানী প্ৰদূষণমুক্ত কৰাৰ দাবী : তিতাবৰত মুখ্যমন্ত্ৰীলৈ আছুৰ স্মাৰক পত্ৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, তিতাবৰ, 18 ডিচেম্বৰ :

ব্ৰহ্মপুত্ৰৰ পানী প্ৰদূষণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ দাবীত বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই কালি তিতাবৰ মহকুমাৰ মহকুমাধিপতিৰ যোগেদি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সন্থাৰ সভাপতি, সম্পাদকসহ বিষয়ববীয়াৰ লগতে বৃহত্তৰ বৰহোলা অঞ্চলৰ শতাধিক সচেতন ব্যক্তিৰ স্বাক্ষৰিত স্মাৰক পত্ৰত গংগা নদৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যি আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে ঠিক তেনেদৰে আন্ত:ৰাষ্ট্ৰীয় নদ হিচাপে অসমৰ ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত কোনোধৰণৰ যথোচিত পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। যাৰ ফলশ্ৰুতিত এতিয়া ব্ৰহ্মপুত্ৰৰ পানী সম্পূৰ্ণ খোৱাৰ অনুপযোগী হৈ পৰিছে বুলি চৰকাৰে ঘোষণা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰে অসমৰ এনেধৰণৰ সমস্যাসমূহত দৃষ্টি নিক্ষেপ কৰা পৰিলক্ষিত হোৱা নাই বুলি উল্লেখ কৰি শীঘ্ৰে কেন্দ্ৰীয় মন্ত্ৰীৰ দল, দেশৰ বিজ্ঞানী, বিশেষজ্ঞ অসমলৈ প্ৰেৰণ কৰি ব্ৰহ্মপুত্ৰ নদৰ পানী প্ৰদূষণ সন্দৰ্ভত উচিত তদন্তৰে ব্ৰহ্মপুত্ৰক প্ৰদূষণমুক্ত কৰি তুলিবলৈ বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here