Home মুখ্য পৃষ্ঠা বিশ্ব অভিলেখৰ দিশে গহপুৰৰ মনজিৎ দিহিঙীয়া

বিশ্ব অভিলেখৰ দিশে গহপুৰৰ মনজিৎ দিহিঙীয়া

139
0
বিশ্ব অভিলেখৰ দিশে গহপুৰৰ মনজিৎ দিহিঙীয়া

বিশ্ব অভিলেখৰ দিশে গহপুৰৰ মনজিৎ দিহিঙীয়া #

  • খালি ভৰিৰে গহপুৰৰ পৰা জীয়া ভৰলীলৈ ২০০ কি:মি: দৌৰি বিশ্ব অভিলেখৰ লক্ষ্য #

    দৈনন্দিন বাৰ্তাLIve@( মুন গগৈ) : গহপুৰ : ১৯ ডিচেম্বৰ :- ৰেঞ্জাৰ চাইকেলৰ হেণ্ডেলত হাত নিদিয়াকৈ ৮০ কি: মি: দূৰত্ব অতিক্ৰম কৰাৰ পিছত গহপুৰৰ সন্তান মনজিৎ দিহিঙীয়াৰ নতুন পদক্ষেপ। অসম্ভৱকো সম্ভৱ কৰিবলৈ আগবাঢ়িছে মনজিতে। আজি পুৱা দহ বজাত  গহপুৰৰ  এ, এচ, টি, চি, পৰা ২০০ কি: মি: দূৰত্ব খালি ভৰিৰে ২৫ ঘন্টা একেৰাহে দৌৰি বিশ্ব অভিলেখ গঢ়িবলৈ আগবাঢ়িছে দিহিঙীয়াই। ইতিমধ্যে মনজিতে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত দৌৰি আছে ।

    বিশ্ব অভিলেখৰ দিশে গহপুৰৰ মনজিৎ দিহিঙীয়া

    জামুগুৰিহাট জীয়া ভৰলীৰ পৰা গহপুৰ বাছ আস্হানলৈকে পুণৰ ঘূৰি আহি কাইলৈ পুৱা মনজিতে তেওঁৰ এই বিশ্ব অভিলেখ দৌৰ সমাপ্ত কৰিব ।উল্লেখ্য যে ইয়াৰ পূৰ্বে মনজিতে ২০১৬ চনত খালি হাতে হেণ্ডেলত স্পৰ্শ নকৰাকৈ অসমৰ থলুৱা লোকবাদ্য ঢোল ,পেঁপা ,তাল ,বাঁহী বজাই ৮০ কিলোমিটাৰ অতিক্ৰম কৰি বিশ্ব অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল । ৰেকৰ্ড পৰিচালক হিচাপে থাকে নুৰ আলম চৰকাৰ, বিশ্ব অভিলেখ অধিকাৰী, আন্তঃৰাষ্ট্ৰীয় বটাঁ বিজেতা, ইউ, আৰ, এফ, কাৰ্যকৰী সদস্য, নৰ্থ ইষ্ট মুখ্য পৰিচালক ইউ, আৰ, এফ । এই মাৰাথান দৌৰৰ শুভ উদ্ধোধন কৰে গহপুৰ মহকুমাৰ মহকুমাধিপতি  ড° ইন্দ্ৰানসী দাসে । উপস্থিত থাকে গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সোমেশ্বৰ বৰা , যানবাহন আৰক্ষী বিষয়া দুলৰ্ভ নাথ আৰু গহপুৰৰ কেইবাগৰাকী ক্ৰীয়া প্ৰেমী ব্যক্তি ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here