Home মুখ্য পৃষ্ঠা কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে চতিয়াত আপকুৰ ৰূপালী জয়ন্তী বৰ্ষৰ বিশেষ অনুষ্ঠান

কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে চতিয়াত আপকুৰ ৰূপালী জয়ন্তী বৰ্ষৰ বিশেষ অনুষ্ঠান

151
0

কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে চতিয়াত আপকুৰ ৰূপালী জয়ন্তী বৰ্ষৰ বিশেষ অনুষ্ঠান

 

দৈনন্দিন বাৰ্তা Live@,চতিয়া : ৰাজ্যৰ সাংবাদিক সকলৰ সংগ্ৰামী মঞ্চ আসাম প্ৰেছ কৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৱে চলিত বৰ্ষত সম্পূৰ্ণ কৰিলে ২৫ বছৰ। এই উপলক্ষে  বৰ্ষজোৰা ৰূপালী জয়ন্তী সমাৰোহ আৰম্ভ হৈছে সমগ্ৰ ৰাজ্যজুৰি। এই উপলক্ষে ৰাজ্যৰ জিলাই জিলাই অনুষ্ঠিত হৈছে  ৰূপালী জয়ন্তী বৰ্ষৰ বিশেষ অনুষ্ঠান। আপকুৰ বিশ্বনাথ জিলা সমিতিয়ে ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান আৰম্ভ কৰিছে। এই উপলক্ষে যোৱা ২৬ নবেম্বৰ তাৰিখে বিশ্বনাথৰ সৎ সংগ প্ৰাথমিক বিদ্যালয়ত চিত্ৰাংকন প্ৰতিযোগীতা আৰু ১০ ডিচেম্বৰ তাৰিখে বিহালীৰ বটিয়ামাৰীৰ ভানু ৰংগ মঞ্চত কবিতা আবৃতি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। ৰূপালী জয়ন্তীৰ মূল অনুষ্ঠান  দুদিনীয়া কাৰ্যসূচীৰে চতিয়া নাট্য ভৱনত প্ৰাংগনত  ২০ আৰু ২১ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হব। ৰূপালী জয়ন্তী বৰ্ষৰ এই  বিশেষ অনুষ্ঠানৰ পূৰ্ণদমে  প্ৰস্তুতি চলাইছে আপকুৰ বিশ্বনাথ জিলা সমিতিয়ে। কাৰ্যসূচী অনুযায়ী ২০ ডিচেম্বৰত বৃক্ষৰোপন কাৰ্যসূচীৰ উদ্বোধন কৰিব বিশ্বনাথ জিলা আপকুৰ কাৰ্যকৰী সভাপতি সৌৰভ হাজৰিকাই। ইয়াৰ পিছতে পুৱা দহ বজাত অনুষ্ঠিত হব লগীয়া জিলা ভিত্তিক  দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰিব প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকাই। আনহাতে ২১ ডিচেম্বৰৰ পুৱা আপকুৰ কেন্দ্ৰীয় সভাপতি মনোজ সিং আৰু জাতীয় দল সংগঠনৰ নেতৃবৃন্দৰ লগতে বিশিষ্ট ব্যক্তিৰ দ্বাৰা আপকুৰ ২৫ খনকৈ  পতাকা উত্তোলন কৰি আৰম্ভ কৰা হব দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী । ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰিব আপকুৰ সম্পাদক প্ৰধান হেমন্ত শইকীয়াই । দিনৰ ১১বজাত বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে আপকুৰ পৰিয়ালৰ সদস্য আৰু স্থানীয় শিল্পীয়ে আপকুৰ মঞ্চ উদ্বোধনী গীত পৰিৱেশন কৰিব। ইয়াৰ পিছত বিশ্বনাথ জিলা আপকুৰ সভানেত্ৰী প্ৰণীতা ৰায় ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হব লগীয়া মূল সভা উদ্বোধন কৰিব বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই। সভাত  মুখ্য অতিথি হিচাপে বিশিষ্ট সাংবাদিক কনক সেন ডেকা আৰু বিশিষ্ট অতিথি হিচাপে সাংবাদিক নৰেশ কলিতা উপস্থিত থাকিব। লগতে নিমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ। সভাত বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা জিলাখনৰ অন্তৰ্গত দহ গৰাকীকৈ বিশিষ্ট ব্যক্তিক বিশেষ ভাৱে সম্বর্ধনা জনোৱা হব। লগতে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া সংগঠনটোৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে  অনুষ্ঠানিকভাৱে উন্মোচন কৰা হব এখনি আটক ধুনীয়া স্মৃতিগ্ৰন্থ। সন্ধ্যাৰ ভাগলৈ অনুষ্ঠিত হব লগীয়া বাৰেৰহণীয়া  সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট সমাজ কৰ্মী উদয় গোস্বামীয়ে। ২০ আৰু ২১ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হবলগীয়া  এই সমূহ কাৰ্যসূচী সাফল্য মণ্ডিত কৰি তুলিবলৈ আপকুৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি প্ৰণীতা ৰায় ভূঞা আৰু সম্পাদক তুষাৰ হাজৰিকাই ৰাইজৰ  উপস্থিত তথা সহায় সহযোগীতা আন্তৰিকতাৰে  কামনা কৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here