Home মুখ্য পৃষ্ঠা ধনশিৰি পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থা গঠন

ধনশিৰি পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থা গঠন

110
0
Website and Internet concept with news word on four paper post it isolated on white background.
ধনশিৰি পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থা গঠন

দৈনন্দিন বাৰ্তাLive@,ধনশিৰি ১৯ ডিছেম্বৰ: 
বিশ্ববিদ্যালয়লৈকে পাথ্য পুথি বিনামূলীয়া কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি ধনশিৰি মহকুমাৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিকলৈ ধনশিৰি মহকুমাৰ পুথি প্ৰকাশক আৰু বিক্ৰেতা সকলৰ এখন জৰুৰী সভা অনুষ্ঠিত হয় ৷ তদুপলক্ষে  স্হানীয় বিশিষ্ট সমাজকৰ্মী তথা সৰুপথাৰ শাখা সাহিত্য সভাৰ সম্পাদক সূৰ্য্য গগৈৰ সভাপতিত্বত দক্ষিণ গোলাঘাট খণ্ড উন্নয়ন  কাৰ্যালয়ৰ অতিথিশালাত সভাখন অনুষ্ঠিত হয় ৷ গ্ৰন্হ ব্যৱসায়ৰ লগত জৰিত দ্বীপেন কুমাৰ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত গোলাঘাট জিলা সাংবাদিক সংস্হাৰ সভাপতি সোনাৰাম ভৰালী, ধনশিৰি মহকুমা কৰ্মচাৰী পৰিষদৰ সভাপতি দিলীপ কোঁৱৰ,সম্পাদক ৰঞ্জন মহন্ত, প্ৰকাশক, ব্যৱসায়ী পাৰ্থপ্ৰতীম দাস,গ্ৰন্হ ব্যৱসায়ী বিবকানন্দ দত্ত, দীপক শৰ্মাই চৰকাৰৰ এনে সিদ্ধান্তই গ্ৰন্হ ব্যৱসায়ৰ লগত জড়িত পৰিয়াল সমূহক অৰ্থনৈতিকভাৱে পংগো কৰি তোলা হব বুলি মত পোষণ কৰে ৷ বক্তাসকলে বিশ্ববিদ্যালয়লৈকে পাথ্যপুথি বিনামূলীয়া নকৰি ছাত্ৰ ছাত্ৰী সকলক পাথ্যপুথি ক্ৰয়ৰ বাবে অৰ্থানুদান দিয়াৰ আহবান জনাই ৷ চৰকাৰে এনে ব্যৱস্হা গ্ৰহণ কৰিলে ছাত্ৰ ছাত্ৰী সকলক উপকৃত কৰাৰ লগতে গ্ৰন্হ ব্যৱসায়ৰ লগত জড়িত ব্যক্তি সকলকো জীয়াই ৰখা হব বুলি কয়৷  সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্হাই চৰকাৰক বাৰম্বাৰ এই আহবান কৰি অহাৰ পাছতো চৰকাৰে তেওঁলোকৰ এই আহবানৰ প্ৰতি আজিকোপতি কোনো গুৰত্ব নিদিয়াৰ প্ৰতিবাদত অহা ২০ ডিচম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈকে ৰাজ্যখনৰ সকলো গ্ৰন্হ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে৷ সন্হাৰ এই আন্দোলন কাৰ্যসূচীৰ প্ৰতি সহাৰি জনাই ধনশিৰিৰ সকলো গ্ৰন্হ ব্যৱসায়ীয়ে ধনশিৰি মহকুমাৰ গ্ৰন্থ ব্যৱসায় প্ৰতিষ্ঠান সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ এই সভাতে সোনাৰাম ভৰালীক সভাপতি,দ্বীপেন কুমাৰ বৰাক সম্পাদক, বিবেকানন্দ দত্ত আৰু পাৰ্থপ্ৰতিম দাসক সহকাৰী সম্পাদক হিচাপেলৈ ধনশিৰি মহকুমা গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা সন্থা গঠন কৰা হয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here