Home মুখ্য পৃষ্ঠা ওদালগুৰি জিলা চাওঁৰা সমাজৰ অধিৱেশন সম্পন্ন 

ওদালগুৰি জিলা চাওঁৰা সমাজৰ অধিৱেশন সম্পন্ন 

166
0

ওদালগুৰি জিলা চাওঁৰা সমাজৰ অধিৱেশন সম্পন্ন 
চাওঁৰা সকল অসমৰ ভূমিপুত্ৰ , জনজাতি কৰণ আমাৰ প্ৰাপ্য – – চাওঁৰা সমাজ 

দৈনন্দিন বাৰ্তা  LIVE @

ৰুদ্ৰ ডেকা REPORT , টংলা , ৯ নৱেম্বৰ : আদিৱাসী সকলৰ অন্যতম অংগ চাওঁৰা সকলৰ বৃহত জাতীয় অনুষ্ঠান সদৌ অসম চাওঁৰা সমাজৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ওদালগুৰি জিলা চাওঁৰা সমাজৰ পঞ্চম ত্ৰি- বাৰ্ষিক অধিৱেশন খন ৩ ৪ আৰু ৫ নৱেম্বৰত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ডিমাকুছি চাহ বাগিছা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় । প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ প্ৰথম দুদিনত চাওঁৰা সকলৰ বিভিন্ন পৰম্পৰাগত খেল ধেমালি  নৃত্য গীতৰ প্ৰতিযোগিতা , সাহিত্য সাংস্কৃতিক , বৃক্ষৰোপন , চাওঁৰা সমাজৰ প্ৰতিনিধি সভা , পতাকা উত্তোলনকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় । অন্তিম দিনা অৰ্থাৎ ৫ নৱেম্বৰৰ পুৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় । শোভাযাত্ৰা উদ্বোধন কৰে আৰক্ষী বিষয়া দিলিপ মিলিয়ে । আবেলি দুই বজাত অৰ্ভ্যথনা সমিতিৰ সভাপতি মাগন গাইন্তাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা । মুকলি সভা উদ্বোধন কৰে চাওঁৰা সমাজৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক বাৰিষ চাওঁৰাই । সভাত নিদ্দিষ্ট বক্তাৰ আসনৰ পৰা চাওঁৰা সমাজৰ কেন্দ্ৰীয় সম্পাদক জয়ন্ত চাওঁৰাই নিজৰ ভাষণত চাওঁৰা সকল অসমৰ খিলঞ্জীয়া বুলি দাৱী কৰে । ডেৰশ বছৰ পূৰ্বেই উৰিষ্যা , অন্ধপ্ৰদেশৰ গাঞ্জাম , গজপতি , ৰাইগড়া , চম্বলপুৰ আদিৰ পৰা জীৱিকাৰ তাড়নাত অসমত থিতাপি লৈ চাহ বাগিছাৰ বণুৱা হিচাপে জীৱিকা নিৰ্বাহ কৰা চাওঁৰা সকল আজি চৰকাৰৰ দ্বাৰা সৰ্বদিশতে উপেক্ষিত । নিজস্ব কলা কৃষ্টি , ভাষা সাহিত্যৰে মহীয়ান চাওঁৰা সকলক অস্তিত্বৰ সংকটৰ পৰা ৰক্ষা কৰিবলৈ জনগোষ্ঠীটোক জনজাতিকৰণৰ বিকল্প নাই । চৰকাৰক বাৰম্বাৰ দাৱী জনোৱাৰ পিছতো জনজাতি কৰণৰ ক্ষেত্রত কোনো গুৰুত্ব নিদিয়াত সম্পাদক জনে ভাষণত ক্ষোভ প্ৰকাশ কৰে । জনজাতিকৰণ চাওঁৰা সকলৰ প্ৰাপ্য বুলি দাৱী কৰি তেওঁ চৰকাৰে এই সুবিধাৰ পৰা জনগোষ্ঠীটোক দীৰ্ঘদিন বঞ্চিত কৰি ৰাখিব নোৱাৰে বুলি কয় । তদুপৰি সভাত উপস্থিত থাকি চাওঁৰা সমাজৰ কেন্দ্ৰীয় সভাপতি দীননাথ চাওঁৰাই চাওঁৰা সকলৰ লুপ্তপ্ৰায় সংস্কৃতি ভাষা কৃষ্টি পুনৰুদ্ধাৰৰ বাবে চাওঁৰা সমাজে সংগ্ৰাম অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে । অসমৰ জাতীয় জীৱনত চাওঁৰা সকলৰ অৱদান যথেষ্ট বুলি দাৱী কৰি তেওঁ জনগোষ্ঠীটোক শীৰ্ঘে জনজাতিকৰণৰ দাবী তোলে । সভাত আছাৰ সভাপতি প্ৰদীপ নাগ , আদিবাসী সাহিত্য সভাৰ সভাপতি উইলফ্ৰেড টপ্ন প্ৰমুখ্যে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here