Home মুখ্য পৃষ্ঠা বিশ্বনাথত উত্তৰ পূব ভাৰত চৈ কোৱাং ডো কৰ্মশালাৰ সফল সমাপ্তি

বিশ্বনাথত উত্তৰ পূব ভাৰত চৈ কোৱাং ডো কৰ্মশালাৰ সফল সমাপ্তি

93
0
Website and Internet concept with news word on four paper post it isolated on white background.

বিশ্বনাথত উত্তৰ পূব ভাৰত চৈ কোৱাং ডো কৰ্মশালাৰ সফল সমাপ্তি

*চেম্পিয়নচ্ মেকাৰ একাডেমীক মুখ্য প্ৰশিক্ষণকেন্দ্ৰ ৰূপে ঘোষণা 

দৈনন্দিন বাৰ্তাLive@বিশ্বনাথ চাৰিআলি,১৯ ডিচেম্বৰঃ বিশ্বনাথ চাৰিআলিৰ চেম্পিয়নচ্ মেকাৰ একাডেমীত আয়োজিত  উত্তৰ পূব ভাৰত চৈ কোৱাং ডো সমৰকলাৰ কৰ্মশালাৰ যোৱা ১৫ ডিচেম্বৰত সামৰণি পৰে। ১৪ আৰু ১৫ ডিচেম্বৰত দুদিনীয়াকৈ আয়োজিত উক্ত কৰ্মশালাখনিত খেলুৱৈ সকলক প্ৰশিক্ষণ প্ৰদান কৰে সৰ্ব্বভাৰতীয় চৈ কোৱাং ডো সন্থাৰ সম্পাদক বিক্ৰম থাপা, হাৰিয়ানা চৈ কোৱাং সন্থাৰ প্ৰশিক্ষক কৰন বাগ্লা আৰু উত্তৰ পূব ভাৰত চৈ কোৱাং ডো সন্থাৰ মুখ্য প্ৰশিক্ষক হৃদয়ানন্দ দাসে। কৰ্মশালাখনি উদ্বোধন কৰে সৰ্ব্বভাৰতীয় চৈ কোৱাং ডো সন্থাৰ সম্পাদক বিক্ৰম থাপাই আৰু অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে অসম চৈ কোৱাং ডো সন্থাৰ সম্পাদক ডাঃ বিকাশ চৰকাৰে। চেম্পিয়নচ্ মেকাৰ একাডেমীৰ উপদেষ্টা দিব্যজ্যোতি বৰুৱাই আঁত ধৰা উদ্বোধনী  অনুষ্ঠানত শোণিতপুৰ নবোদয় বিদ্যালয়ৰ নৱজ্যোতি হাজৰিকাৰ লগতে আন আন গণ্য-মান্য ব্যক্তি সকলেও বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত সৰ্ব্বভাৰতীয় চৈ কোৱাং ডো সন্থাৰ সম্পাদক গৰাকীয়ে মুখ্য প্ৰশিক্ষক হৃদয়ানন্দ দাসৰ তত্বাৱধানত বিশ্বনাথত স্থাপন হোৱা চেম্পিয়নচ্ মেকাৰ একাডেমীক উত্তৰ পূৱ ভাৰতৰ মুখ্য  প্ৰশিক্ষণ কেন্দ্ৰ হিচাবে  আনুষ্ঠানিক ভাৱে  ঘোষণা কৰে। সামৰণি অনুষ্ঠানত উপস্থিত থাকি বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই চেম্পিয়নচ্ মেকাৰ একাডেমীৰ উজ্বল ভবিষ্যত কামনা কৰাৰ লগতে সৰ্ব্বভাৰতীয় চৈ কোৱাং ডো সন্থাৰ  শলাগ লয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here