Home মুখ্য পৃষ্ঠা বঢ়মপুৰত হাতী মানুহৰ সংঘাত অব্যাহত

বঢ়মপুৰত হাতী মানুহৰ সংঘাত অব্যাহত

205
0
বঢ়মপুৰত হাতী মানুহৰ সংঘাত অব্যাহত:::
  • চৰকাৰে হাতী মানুহৰ সংঘাত ৰোধৰ ব্যৱস্থা নকৰিলে পঞ্চায়ত নিবাৰ্চন বৰ্জনৰ হুংকাৰ স্থানীয় ৰাইজৰ
নয়ন মনি বৰা,পুৰণিগুদাম,১৯নবেম্বৰ–নগাওঁ জিলাৰ বিভিন্ন স্থানত অব্যাহত আছে হাতী মানুহৰ সংঘাত lজিলাখনৰ বিভিন্ন স্থানৰ লগতে চামগুৰি,পুৰণিগুদাম,বঢ়মপুৰ,চলচলী,বালিজুৰি,চাপানালা,,বামুনী,বৰবাৰী,কণ্ডলী আদি অঞ্চলৰ ৰাইজে বন্যহস্তীৰ উপদ্ৰবৰ ফলত বিনিদ্ৰ ৰজনী যাপন কৰিবলগীয়া হৈছে । খাদ্যৰ সন্ধানত পাহাৰৰ পৰা   নামি অহা বন্যহস্তীৰ জাকে  বিভিন্ন স্থানৰ লগতে  বঢ়মপুৰত  বিগত কিছু দিন ধৰি তাণ্ডৱ চলায় আহিছে । যোৱা নিশাও বঢ়মপুৰৰ হাতীগাঁৱৰ শিৱস্থানখনত বন্যহস্তীয়ে উপদ্ৰব চলোৱাৰ  লগতে বঢ়মপুৰৰ পুতনি, ঘোগৰগাঁও, ভকত গাওঁ ,হাতীয়নিভেটা আদি অঞ্চলতো বন্যহস্তীৰ জাকটোৱে উপদ্ৰব চলাই ঘৰ দুৱাৰ ভঙাৰ লগতে  শ শ বিঘা কুঁহিয়াৰ খেতি, ধান খেতি আৰু সৰিয়হ খেতি নষ্ট কৰিছে বুলি জানিব পৰা গৈছে।আনহাতেদি বন্যহস্তীৰ উপদ্ৰবৰ ফলত হাতী গাৱঁৰ শিৱস্থানৰ পূজাৰী গৰাকীৰ কথমপি প্ৰাণ ৰক্ষা হয় ।উল্লেখ্য যে এতিয়া বন্যহস্তীয়ে কৃষকৰ সোণোৱালী পথাৰৰ শস্য সমূহ নষ্ট কৰাত  একমাত্ৰ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ ঘৰ সংসাৰ চলাব লগীয়া হোৱা কৃষকসকলৰ সপোনবোৰ ভাঙি চূৰ মাৰ হৈছে ।ক্ষোভিত কৃষক সকলে বনৰীয়া হাতীৰ সমস্যা চৰকাৰে  অনতিপলমে  দূৰ নকৰিলে আগন্তক পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে । উল্লেখ্য  যে ৰাজ্যৰ বনমন্ত্ৰী গৰাকী বিগত বৰ্ষত দুবাৰকৈ বঢ়মপুৰ অঞ্চলত উপস্থিত হৈ অতিশীঘ্ৰেই হাতী মানুহৰ সংঘাত দূৰ কৰা হব বুলি ঘোষণা কৰিছিল যদিও প্ৰতিবছৰৰ দৰে এইবাৰো বন্যহস্তীৰ উপদ্ৰব অব্যাহত থকাত স্থানীয় ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে l

LEAVE A REPLY

Please enter your comment!
Please enter your name here