Home মুখ্য পৃষ্ঠা গড় হত্যাত উগ্ৰপন্হী জড়িত থকাৰ অভিযোগ আছে যদিও স্পষ্ট প্ৰমান নাই–নগাঁৱত বনমন্ত্ৰী...

গড় হত্যাত উগ্ৰপন্হী জড়িত থকাৰ অভিযোগ আছে যদিও স্পষ্ট প্ৰমান নাই–নগাঁৱত বনমন্ত্ৰী প্ৰমিলাৰাণী বহ্ম

84
0

গড় হত্যাত উগ্ৰপন্হী জড়িত থকাৰ অভিযোগ আছে যদিও স্পষ্ট প্ৰমান নাই:

  • গাঁৱত বনমন্ত্ৰী প্ৰমিলাৰাণী বহ্ম

নগাঁও,১৯ ডিচেম্বৰ:গড় হত্যাত উগ্ৰপন্থী সংগঠনৰ লোক জড়িত থকাৰ সন্দেহ হয় যদিও আমাৰ হাতত সেই সম্পৰ্কত স্পষ্ট প্ৰমাণ নাই৷ কাজিৰঙাৰ গড় হত্যাত উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠন জড়িত বুলি অভিযোগ উঠাৰ সময়তে আজি নগাঁৱত এই মন্তব্য কৰে ৰাজ্যৰ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই ৷ নগাঁও বন বিভাগৰ শীৰ্ষ বিষয়া আৰু আৰক্ষী অধীক্ষকৰে এক বৈঠকত মিলিত হৈ সংবাদ মাধ্যমৰ আগত লগতে কয় যে গড় হত্যা ৰোধত বন বিভাগ অকলে সফল হোৱাটো সম্ভৱ নহয় ৷ কিয়নো চোৰাং চিকাৰীৰ সৈতে অকলে মোকাবিলা কৰিবলৈ বন বিভাগত পৰ্যাপ্ত সা-সুবিধা নাই ৷ সেয়ে আৰক্ষীৰ লগত যুটীয়াভাৱে অভিযান চলালেহে আমি গড় হত্যা ৰোধত সফল হব পাৰিম ৷ ইতিমধ্যে নগাঁও আৰক্ষী বিশেষকৈ জখলাবন্ধা আৰক্ষীয়ে গড় হত্যা ৰোধ আৰু চোৰাং চিকাৰী কৰায়ত্ব কৰাত গ্ৰহণ কৰা পদক্ষেপ অতি প্ৰশংসনীয় ৷ আগন্তুক দিনত কি দৰে গড় হত্যা ৰোধ কৰিব পৰা যাব সেই সম্পৰ্কেই আজিৰ বৈঠকত আলোচনা হোৱা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ আনহাতে পৰহি জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰী দুটাৰ পৰা যথেষ্ট তথ্য লাভ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে ৷ পৰৱৰ্তী সময়ত চোৰাংচিকাৰীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে চোৰাং চিকাৰী ধৰিবলৈ সক্ষম হব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here