Home মুখ্য পৃষ্ঠা জামুগুৰিহাটত উদ্ধাৰ হোৱা কণ্যা শিশুৰ পৰিচয় উদ্ধাৰ

জামুগুৰিহাটত উদ্ধাৰ হোৱা কণ্যা শিশুৰ পৰিচয় উদ্ধাৰ

100
0
জামুগুৰিহাটত উদ্ধাৰ হোৱা কণ্যা শিশুৰ পৰিচয় উদ্ধাৰ ____________________
দৈনন্দিন বাৰ্তা live@ , জামুগুৰিহাট,২২ ডিচেম্বৰ:জামুগুৰিহাটৰ ধলাইবিল কেন্দ্ৰস্থলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বুধবাৰে পৰিচয়হীন এটি পাঁচ ছয় বছৰীয়া কণ্যা শিশুয়ে পুৱা চিঞৰি চিঞৰি কান্দি থকা প্ৰত্যক্ষ কৰি স্থানীয় শিশুপ্ৰেমী যুৱক শিশিৰ বৰঠাকুৰে শিশুটিক উদ্ধাৰ কৰি আনি আশ্ৰয় দি নিজৰ ঘৰতেই মৰম চেনেহৰে ৰখাৰ বাতৰি এই কাকতত সবিস্তাৰে পোৱাৰ পিছতেই শিশুটিৰ পৰিচয় উদ্ধাৰ হ’বলৈ সক্ষম হয়। শিশুটিৰ মুখত ঘৰৰ পৰিচয় ‘ঘাগ্ৰা’ বুলি প্ৰকাশ হৈছিল যদিও কোন চহৰৰ ঠাই ‘ঘাগ্ৰা’ সেই লৈ বিপাঙত পৰিছিল যদিও আজি শিশুটিৰ পৰিয়ালৰ লোক আহি উপস্থিত হোৱাত কুকি ভেংৰা নামৰ শিশুটি ঢেকীয়াজুলিৰ ঘাগ্ৰাবস্তিৰ বুলি চিনাক্ত হয়।জানিব পৰা মতে যোৱা মঙ্গলবাৰে শিশুটি মাতৃ সুমিত্ৰা ভেংৰাৰ সৈতে জামুগুৰিহাটৰ চামধৰা পানীগাঁওৰ জেঠায়েকৰ ঘৰলৈ আহিছিল আৰু সেই দিনটোৱেই আইতাকৰ মৃত্যু হোৱাত বুধবাৰে শিশুটিক জেঠায়েকৰ সন্তানৰ লগতে এৰি মাতৃ আৰু জেঠায়েক মৃতকৰ খবৰ কৰিবলৈ ওলাই গৈছিল।ঘৰত কোনো নথকাৰ বাবেই শিশুটি অচিনাকী কোনো লোকৰ পিছে পিছে বহুদূৰ আহি ৰাষ্ট্রীয় ঘাইপথ পাইহি আৰু পৰৱৰ্তী সময়ত কোনো উৱাদিহ নোপোৱাত শিশুটিয়ে কান্দিবলৈ আৰম্ভ কৰে।অৱশ্যে শিশুপ্ৰেমী শিশিৰ বৰঠাকুৰে শিশুটিক উদ্ধাৰ কৰি আনি গাঁ ধুৱাই পখাই চাফ চিকুণ কৰি নতুন কাপোৰ পিন্ধাই উমলিবলৈ দি নিজৰ পৰিয়ালৰ সদস্যৰ দৰে সম্পূৰ্ণ দুটা দিন শিশুটিক নিজৰ ঘৰতে ৰখাৰ অন্তত আজি পৰিয়ালৰ লোক আহি উপস্থিত হোৱাত মাতৃৰ হাতত শিশুটিক চমজি দিয়ে।পৰিয়ালৰ লোকৰপৰা বিচ্চিন্ন হৈ পৰা শিশুটিক এনেদৰে উদ্ধাৰ কৰি আনি সম্পূৰ্ণ দুটা দিন মৰম চেনেহৰে নিজৰ ঘৰত ৰাখি আজি পৰিয়ালৰ লোকক সুস্থ শৰীৰে চমজি দিবলৈ সক্ষম হোৱা শিশুপ্ৰেমী শিশিৰ বৰঠাকুৰৰ এনে মহান কৰ্মৰ শলাগ লৈছে অঞ্চলবাসীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here