Home মুখ্য পৃষ্ঠা ডিমৌত পথ দুৰ্ঘটনাত নিহত মস্য ব্যৱসায়ী

ডিমৌত পথ দুৰ্ঘটনাত নিহত মস্য ব্যৱসায়ী

88
0
ডিমৌত পথ দুৰ্ঘটনাত নিহত মস্য ব্যৱসায়ী : সৰ্বত্তে শোকৰ ছাঁ
ডিমৌ,২২ ডিচেম্বৰ:- পুনৰ কিলাৰ হাইৱেত প্ৰাণ গ’ল এজন দৰিদ্ৰ পৰিয়ালৰ যুৱকৰ । শুক্ৰবাৰে ডিমৌৰ সমীপৰ চকলীয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত নিহত হ’ল ভদ্ৰ গগৈ নামৰ যুৱকজনৰ । পেচাত মৎস্য ব্যৱসায়ী যুৱকজনে অন্য দিনৰ দৰে শুক্ৰবাৰেও নিজৰ চুপাৰ স্পেল্ণ্ডাৰ মটৰ চাইকেলখনেৰে ডিমৌৰ দিশৰ পৰা মাছ কঢ়িয়াই মৰাণৰ বজাৰলৈ গৈ থকা অৱস্থাত পুৱা প্ৰায় ৮ বজাত  চকলীয়াত পিছফালৰ পৰা এখন অচিনাক্ত বাহনে খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় । ঘটনাৰ পিছতেই স্থানীয় লোকৰ তৎপৰতাত আহত যুৱকজনক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে যদিও বিয়লিলৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত যুৱকজনৰ মৃত্যু হয় । ডিমৌৰ পালেঙী ধোন্দৰমুখ গাঁৱৰ দৰিদ্ৰ কৃষক যগেশ্বৰ গগৈৰ ২৫ বছৰীয়া একমাত্ৰ পুত্ৰ ভদ্ৰৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত । ইফালে, এতিয়ালৈকে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ কোনো শুংসুত্ৰ উলিয়াব পৰা হোৱা নাই বুলি জানিব পৰা গৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here