Home মুখ্য পৃষ্ঠা ষষ্ঠদশ ৰাজ‍্যিক শিশু সমাৰোহ

ষষ্ঠদশ ৰাজ‍্যিক শিশু সমাৰোহ

360
0
ষষ্ঠদশ ৰাজ‍্যিক শিশু সমাৰোহ
কলিয়াবৰ: ২৫ ডিচেম্বৰ : ককা মহাদেৱ শৰ্মা, পক্ষী ত্ৰৈলোক‍্যনাথ শৰ্মা আৰু আইতা নলিনীবালা দেৱীৰ সপোন বাস্তৱায়িত কৰাত নিৰৱাচ্ছিন্ন সাধনাত ব্ৰতী ‘সদৌ অসম মইনা পাৰিজাত’ৰ “ষষ্ঠদশ দ্বি-বাৰ্ষিক ৰাজ‍্যিক শিশু সমাৰোহ” এইবাৰ কলিয়াবৰ জিলা মইনা পাৰিজাতৰ ব‍্যৱস্থাপনাত ২৬, ২৭, ২৮ আৰু ২৯ ডিচেম্বৰ, ২০১৭ তাৰিখে বিস্তৃত কাৰ্য‍্যসূচীৰে কলিয়াবৰৰ কুঁৱৰীটোলৰ মুক্তি যুঁজাৰু ভৱন প্ৰাঙ্গনৰ লগতে সমীপৰ গান্ধী পথাৰ আৰু কলিয়াবৰ মহাবিদ‍্যালয়ৰ প্ৰেক্ষাগৃহত  আয়োজন কৰা হৈছে।
অসমৰ বিভিন্ন জিলাৰ পৰা আহিবলগীয়া প্ৰায় পাঁচ সহস্ৰাধিক মইনা, প্ৰাক্তন-মইনা আৰু পৰিচালক-কৰ্ম-কৰ্তাক কলিয়াবৰলৈ আদৰিবলৈ শিশু সমাৰোহৰ ব‍্যৱস্থাপক, কলিয়াবৰীয়া ৰাইজ এতিয়া ব‍্যস্ত‍ হৈ পৰিছে। ২৬ ডিচেম্বৰত বিয়লি চাৰি বজাত স্বাগতম সঙ্গীতেৰে অনাগত মইনাসকলক আদৰণি জনোৱা হ’ব। ২৭ ডিচেম্বৰৰ দিনা পুৱা ৮:৩০ বজাত কলিয়াবৰ মইনা পাৰিজাতৰ মইনা লুলাক্ষী কে মহন্তই পতাকা উত্তোলন কৰি ৰাজ‍্যিক শিশু সমাৰোহৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব। বিয়লি বেলা অনুষ্ঠিত হ’বলগীয়া ১ম মুকলি অধিৱেশনত স্মৃতিগ্ৰন্থ “চুপহী” উন্মোচন কৰিব মুখ‍্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা তথা শিশু সাহিত‍্যিক হৃষীকেশ গোস্বামীয়ে। আৰু আন দুখনি শিশু গ্ৰন্থ উন্মোচন কৰিব। ২য় দিনাৰ মুকলি অধিৱেশনত অসমৰ মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিয়েও শিশুসকলক সম্বোধন কৰিব। 
চাৰিও দিনৰ অনুষ্ঠানৰ সকলো কাৰ্য‍্যসূচীতে ৰাইজৰ উপস্থিতি উদ‍্যোক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে।
 
ফটো : সঞ্জীৱ গগন

LEAVE A REPLY

Please enter your comment!
Please enter your name here