Home মুখ্য পৃষ্ঠা মোৰাঝাৰত প্ৰতিবন্ধকতাই বাধা দিব নোৱাৰা এগৰাকী মেধাবী ছাত্ৰীয়ে মেট্ৰিক দিব 

মোৰাঝাৰত প্ৰতিবন্ধকতাই বাধা দিব নোৱাৰা এগৰাকী মেধাবী ছাত্ৰীয়ে মেট্ৰিক দিব 

265
0
মোৰাঝাৰত প্ৰতিবন্ধকতাই বাধা দিব নোৱাৰা এগৰাকী মেধাবী ছাত্ৰীয়ে মেট্ৰিক দিব
ছাদিকুজ জামান@মোৰাঝাৰ  ২৮ ডিচেম্বৰ 
এইবাৰ ভৰিৰে লিখি মেট্ৰিকত অৱতীৰ্ণ হব এগৰাকী ছাত্ৰী ।জেবিন কৌচৰ নামৰ ছাত্ৰী গৰাকীয়ে এইবাৰ মেট্ৰিক ফেইনেল দিব?
মোৰাঝাৰ জ্ঞান জোতি একাডেমীৰ ছাত্ৰী তথা চাবাজপুৰৰ বাসিন্দা আব্দুল জব্বাৰৰ কন্যা জেবিন ।
স্থানীয়  সাংবাদিকে বিচাৰি উলি য়াইছে এই গৰাকী বহল মনৰ ছাত্ৰীক।তাই আন ছাত্ৰ ছাত্ৰীৰ দৰে ডাঙৰ মানুহ হোৱাৰ মন।তাই হব বিচাৰে শিক্ষক ।এতিয়া পঢ়া শুনাৰ ওপৰিও কবিতা আবৃতি ,ছবি অংকন,গান পৰিবেশ কৰিব জানে।প্ৰতিবন্ধি হেঙাৰ নহয়,দৰিদ্ৰতাই কিছু হেঙাৰ হৈছে তাইৰ।দশম শ্ৰেণী পাওতে তাইৰ অভিভাৱক স্বৰূপে সহায় কৰিছে একাডেমীৰ অধ্যক্ষা আফচানা বেগম চৌধৰীয়ে।এতিয়া আৰু সহায়ৰ প্ৰয়োজন  যাৰ বাবে চৰকাৰ তথা শিক্ষা মন্ত্ৰীৰ সহায় বিচাৰিছে পৰিয়ালে। তাইৰ নামত থকা sbi  a/c no 01190007762 নতুবা 8638094943 ন ম্বৰত যোগাযোগ কৰি কোনোৱা দল সংঘঠন আগুৱাই আহি সহায় কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।
উল্লেখযোগ্য যে 
 মনত প্ৰৱল উচাহ থাকিলে মানুহৰ লক্ষ্যত উপনিত হবলৈ কোনো বাধাই প্ৰাচীৰ হব নোৱাৰে৷ যুগে যুগে প্ৰমাণ হৈ আহিছে কথা৷ দুয়োখন হাত সম্পূ্ৰ্ণ বিকল হৈ জন্ম গ্ৰহণ কৰা এগৰাকী কিশোৰী৷  সপোন দেখিছে শিক্ষয়িত্ৰী হোৱাৰ৷  প্ৰৱল মেধাসম্পন্ন ছাত্ৰী গৰাকীয়ে ভৰিৰে কলম ধৰি এইবাৰ লিখিব মেট্ৰীকৰ উত্তৰ বহী৷
আপুনি মই ভাৱিৱ নোৱাৰা এক বাস্তৱ কাহিনী৷ আমাৰ শৰিৰৰ এক এক অংগ হৈছে ভৰি৷ কেতিয়াবা দুয়োখন ভৰি নথকা বহু লেকো হুইল চেয়াৰত বহি হাতেৰে সকলো কাম সমাধা কৰিব পাৰে৷ কিন্তু হাত দুখন নহলে  ?
হয় হাত দুখন নহলে কি কৰিব  ?  তাৰো উত্তৰ আছে৷ আপোনাৰ যদি মনচো দুৰ্বল নহয় তেন্তে শাৰিৰীক অক্ষমতাই হাৰ মানিবই লাগিব৷ 
হোজাই জিলাৰ মোৰাজাৰ বজাৰৰ নিচেই কাষতে ঘৰ ছোৱালীজনীৰ৷  দেখাত ধুনীয়া মৰমলগা চেহেৰাৰ ছোৱালীজনীক সৃষ্টিকৰ্তাই জন্মৰ পৰাই সকলো ঠিকে দিছিল কিন্তু, হাত দুখনহে তেওঁ নিদিলে৷ কিন্তু মনত দি থৈছিল এক অদম্য হেপাহ৷ যি হেপাহত তাই সপোন দেখিলে শিক্ষয়িত্ৰী হোৱাৰ৷ জন্মৰ পিছতে পিতৃমাতৃয়ে তাইক ঘৰৰ বোজা হিচাপে ভাৱিছিল৷ কিন্তু সাত বছৰ বয়সত তাই যেতিয়া পঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰিলে তেতিযাা সকলো আচৰিত হল৷ হাত নথকা কণমানি জনীয়ে পঢ়িব পাৰিব যদিও লিখিবনো কেনেকৈ  ?  কিন্তু সেয়াও সম্ভৱ হৈ উঠিল৷
মোৰাঝাৰৰ এখন আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান জ্ঞানজোতি একাডেমিৰ প্ৰধান শিক্ষয়িত্ৰী আফচানা বেগম চৌধৰীয়ে তাইক ভৰ্তি কৰালে নিজৰ স্কুলত৷ চমজি ললে সকলো দায়িত্ব৷ শিক্ষয়িত্ৰী গৰাকীৰ প্ৰচেষ্ঠাত প্ৰতিবন্ধী ছোৱালী জনীয়ে নিজৰ ভৰিৰে আৰম্ভ কৰিলে লিখামেলা৷ প্ৰতিটো শ্ৰেণীতে ভাল ফলাফল প্ৰদৰ্শন কৰি এতিয়া তাই মেট্ৰীকৰ ছাত্ৰী৷ ভৰিৰে লিখি প্ৰি-টেষ্টত তাই 51 শতাংশতকৈও অধিক নম্বৰ লাভ কৰিলে৷ আগন্তক মেট্ৰিকৰ ফাইনেলত বহিব ছাত্ৰী গৰাকী৷ 
এইখিনি সময়ত তাই জীৱনলৈ দুটাকৈ সংকটে দেখা দিছে৷ এটা হৈছে আৰ্থিক দুৰ্বলতা, আনটো হৈছে শাৰিৰীক অসুস্থতা৷ শাৰিৰীক প্ৰতিবন্ধকতা নেউচি আগবাঢ়ি গলেও বৰ্তমান তাই বিভিন্ন বেমাৰত ভুগি আছে৷ পৰিয়ালৰ আৰ্থীক দুৰ্বলতায়ো তাইক বিপাঙত পেলাইছে৷ তাইৰ সপোন পুৰণত আহি পৰিছে যটিলতা৷ 
এতিয়া এই মেধাবী ছাত্ৰী জনীক সহায় লাগে আপোনাৰ মোৰ দৰে হৃদয়বান লোকৰ৷ সহায় লাগে চৰকাৰৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here