Home মুখ্য পৃষ্ঠা বিধ্বংসী বান আৰু ছটাকৈ  বন্যহস্তীৰ  কৰুণ মৃত্যুৰ কথাৰে …………

বিধ্বংসী বান আৰু ছটাকৈ  বন্যহস্তীৰ  কৰুণ মৃত্যুৰ কথাৰে …………

296
0
(বালিপৰাৰ  বিভীষিকা    ১০ ছেপ্তেম্বৰ আৰু ১০ ডিচেম্বৰ ::  বিধ্বংসী বান আৰু ছটাকৈ  বন্যহস্তীৰ  কৰুণ মৃত্যুৰ কথাৰে ………… নৱবৰ্ষত পুনৰাবৃত্তি নোহোৱাৰ কামনাৰে একলম )
 
                                                  প্ৰাঞ্জল প্ৰতিম বৰা :: বালিপৰা ::শোণিতপুৰ: 
                                                                 (৯৯৫৪১৯৪১১৩)
   শোণিতপুৰৰ বালিপৰাবাসীৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব দুটা বিশেষ তাৰিখ । প্ৰথমটো ১০ ছেপ্তেম্বৰ ,২০১৭ আৰু দ্বিতীয়টো ১০ ডিচেম্বৰ,২০১৭ । নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপূৰ আৰু অসমীয়া, নেপালী।মিৰি, মিছিং, অঁকা।নিছি, ডফলা, বড়ো, গাৰো, আদি বিভিন্ন জনগোষ্ঠীয় লোকসকলৰ অন্যতম শান্তিপূৰ্ণ সমন্বয়স্থলী হিচাপে খ্যাতি অৰ্জন কৰা বালিপৰাবাসীৰ বাবে আছিল ২০১৭ বৰ্ষৰ ১০ ছেপ্তেম্বৰ দিনটো এক অকল্পনীয় দিন । সেইদিনা পুৱতি নিশাৰে পৰা হঠাতে বালিপৰা, চাৰিদুৱাৰ অঞ্চলৰ জৰাসৰ, মানশিৰি, বানিসিঁহা, আদি কৰি   নদীসমূহ ফেনে-ফোটোকাৰে বাঢ়ি আহি জলমগ্ন কৰিলে সমগ্ৰ অঞ্চলটো। বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল জনজীৱন, জীৱ-কূল । নৈকেইখনে  বিভীষিকাৰ সৃষ্টি কৰি বালিপৰাবাসীয়ে কাহানিও নেদেখা বানেৰে সমগ্ৰ বালিপৰা, বামগাঁও, দীঘলী, দীঘলী বালিজান, উদমাৰী গাঁও, ভকতগাঁও, গড়মৰা, ঢেকেৰীগাঁও, কমাৰী গাঁও, এৰাগাঁও, বোকাগাঁও, মাজুলিগাঁও, বিষ্ণুপুৰ, কালনিবস্তি, বামুণগোলা, আহোম গাঁও, পাটগাঁও, খেলমাটি, অকাবস্তি, গুদামঘাট, অকাবস্তি মিৰি,বালিগাঁওকে আদি কৰি প্ৰায় ২৩ খন গাঁও সম্পূৰ্ণৰূপে তৎক্ষণাতে জলমগ্ন কৰাৰ লগতে  মোলানগাঁও-বালিপৰাা-সংযোগী দলং, কেইবাটাও কালভাৰ্ট উটুৱাই নি ৰাইজৰ মাজত এক হাহাকাৰময় তথা অনাকাংক্ষিত পৰিৱেশৰ সূচনা কৰাৰ কথা অঞ্চলবাসীয়ে কেতিয়াও নাপাহৰে । বালিপৰাৰ সদাব্যস্ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এবুকু পৰ্যন্ত পানী হোৱাত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ  হোৱাৰ উপৰিও জলমগ্ন জনতাই গছৰ ওপৰত,ঘৰৰ  মূধচতো আশ্ৰয় ল’বলগীয়াত পৰিছিল, সমান্তৰালভাৱে নষ্ট হৈছিল বালিপৰা।চাৰিদুৱাৰ আৰু পাশ্বৱৰ্তী অঞ্চলৰ হাজাৰ-হাজাৰ কৃষিভূমি । অৰুণাচল প্ৰদেশত স্লুইচ গেট ভাঙি বালিপৰা অঞ্চলৰে প্ৰৱাহিত নৈত পানীৰ আকস্মিক উজান উঠা প্ৰলংকাৰী বানত অঞ্চলবাসী , প্ৰশাসন, সাক্ষী হৈ ৰ’ল । একেদৰে, বালিপৰাৰ বাবে স্মৰণীয় হৈ ৰ’ব ১২ ডিচেম্বৰ,২০১৭ ৰ দিনটো । উক্ত দিনা   গুৱাহাটী- বালিপৰা হৈ নাহৰলগুণ অভিমুখী উজনিমুৱা ডনিপল’ এক্সপ্ৰেছৰ খুন্দাত পুৱতি নিশা বালিপৰা বামগাঁৱত ৰে’লৱে লাইন পাৰ হ’ব খোজা হাতীৰ জাক এটাৰ গৰ্ভস্থ পোৱালীসহ সৰ্বমুঠ ছটাকৈ হাতীয়ে কৰুণভাৱে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাতো অঞ্চলবাসীৰ বাবে লগতে ৰাজ্যবাসীৰ বাবে দুৰ্ভাগ্যজনক । ঘটনাটোৰ বাবে ৰাইজে ৰে’লৰ তীব্ৰবেগ আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলকে আদি কৰি বনাঞ্চলসমূহত অবাধ হাৰত বৃদ্ধি পোৱা বনাঞ্চল ধ্বংস,বেদখলকে জগৰীয়া কৰিবলগীয়াত পৰাটো ২০১৭ বৰ্ষৰ এক নজিৰবিহীন ঘটনা । নৱবৰ্ষত বালিপৰা অঞ্চলত এনেধৰণৰ অনাহুত দুৰ্যোগৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বালিপৰাৰ এজন সচেতন যুৱক হিচাপে কামনা কৰিছো ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here