Home মুখ্য পৃষ্ঠা গহপুৰত এন¸আৰ¸চি¸ক লৈ দিনে নিশাই প্ৰশাসনৰ সজাগতা সভা #

গহপুৰত এন¸আৰ¸চি¸ক লৈ দিনে নিশাই প্ৰশাসনৰ সজাগতা সভা #

264
0

 গহপুৰত এন¸আৰ¸চি¸ক লৈ দিনে নিশাই প্ৰশাসনৰ সজাগতা সভা #

 গহপুৰ : ২৮ ডিচেম্বৰ :-  ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী পথম খন খচৰা প্ৰস্তুত হবলৈ মাজত মাথো দুটা দিন । অহা ৩১ ডিচেম্বৰ মাজনিশা প্ৰকাশ পাব এই খচৰা । এই খচৰা প্ৰকাশ পোৱাৰ পিছত যাতে কোনোধৰণৰ বেয়া পৰিবেশৰ সৃষ্টি নহয় তাক লৈ গহপুৰ প্ৰশাসনে দিনে নিশাই আৰাম্ভ কৰিছে সজাগতা মূলক সভা । কালি গহপুৰ মহকুমাৰ মহকুমাধিপতিৰ নেতৃত্বত গহপুৰৰ হেলেম আৰু গহপুৰ ৰাজহ চক্ৰ ৰ সৰ্বমুঠ ২২ টা এন¸আৰ¸চি¸ সেৱা কেন্দ্ৰৰ অন্তৰ্ভুক্ত প্ৰতিটো অঞ্চলত চলিছে এই সভা । গহপুৰৰ দক্ষিণ কলাবাৰী এন¸আৰ¸চি সেৱাকেন্দ্ৰ শকুৰা গাৱঁৰ লোকসকলৰ মাজত আৰু গহপুৰৰ এ¸এচ¸টি¸চি¸ বাছ আস্থানত চলে এই সজাগতা সভা । আজি দিনৰ ১১ বজাত  গহপুৰ মহকুমাধিপতি কাৰ্যালয়ত গুৰুত্ব পূৰ্ণ সভা অনুস্থিত হয় । ভোটাৰ তালিকা সংশোধনী আৰু চূড়ান্ত তালিকা প্ৰকাশৰ দিন সাল – সলনিৰ বিষয়ে আলোচনা কৰে । পূৰ্বে নিৰ্ধাৰিত কৰা ১২ জানুৱাৰী ২০১৮ ৰ পৰিবৰ্তে ২০১৮ বৰ্ষৰ ১৭ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ দিন ধাৰ্য । নাম অন্তৰ্ভুক্তি, কৰ্তন, ওজৰ -আপত্তি তথা বিভিন্ন সংশোধনী ৩১ জানুৱাৰী’২০১৮ ৰ ভিতৰত কৰিব পাৰিব । বিভিন্ন সংশোধনীসমূহ ২০১৮ ৰ ৭ ফেব্ৰুৱাৰী পূৰ্বে আপডেট কৰা হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here