Home মুখ্য পৃষ্ঠা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উজ্বলি উঠিল কাৰ্বি পাহাৰৰ এজন উদীয়মান খেলুৱৈ

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উজ্বলি উঠিল কাৰ্বি পাহাৰৰ এজন উদীয়মান খেলুৱৈ

101
0
Howraghat : প্ৰতিভাৰ কোনো অভাৱ নাই, যদি অভাৱ হৈছে তেন্তে সেইয়া কেৱল চৰকাৰী সদিচ্ছাৰ। মাথোঁ ৰাষ্ট্ৰীয় পৰ্যায়তে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উজ্বলি উঠিল কাৰ্বি পাহাৰৰ এজন উদীয়মান খেলুৱৈ। আন্তঃৰাষ্ট্ৰীয় ক্যাৰাটে প্ৰতিযোগিতাত স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হোৱা খেলুৱৈজনৰ কিন্তু খবৰ ল’বলৈ আহৰি নহ’ল কাৰো… (?)
আৰ্থিক দীনতাৰ বাবেই এতিয়া জীৱনৰ প্ৰতিটো খোজত থমকি ৰ’ব লগা হৈছে কেইবাটাও স্বৰ্ণপদক জয়ী প্ৰতিভাৱান যুৱ খেলুৱৈ হামজানান্ লাংথাছা।

#আন্তঃৰাষ্ট্ৰীয় বক্সিঙত স্বৰ্ণজয়ী অংকুশিতা বড়োক আপুনি চিনি পায় ৷ 
# অংকুশিতাক চিনি পায় চৰকাৰেও
# কিন্তু ২০১৭ ত একেদৰে আন্তঃৰাষ্ট্ৰীয় ক্যাৰাটেত স্বৰ্ণজয়ী হামজানন্ লাংথাছাক আপুনি চিনি পায়নে  ?


হামজানন্ লাংথাছ ঘৰ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ চূণপোৰা ডিমাছা গাঁৱত ৷ ফুলমন লাংথাছা আৰু শুভদ্ৰা ফংল’ছাৰ পুত্ৰ হামজানান্  দশম শ্ৰেণীৰ ছাত্ৰ ৷ সৰুৰে পৰা খেলা-ধূলাত যথেষ্ট ৰাপ থকা হামজানান্ এগৰাকী ক্যাৰাটে খেলুৱৈ ৷ জিলাভিত্তিক প্ৰতিযোগিতা বাদেই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা য’তেই অংশ লৈছে তাতেই অপ্ৰতিৰোধ্য হৈ স্বৰ্ণ বুটলিবলৈ সক্ষম হৈছে হামজানান্ ৷ ২০১৭ বৰ্ষও হামজানানৰ বাবে এটা ইতিবাচক তথা অন্যতম সফলতাৰ বছৰ হিচাপে চিহ্নিত হয় ৷ কিয়নো ২০১৭ ৰ  মে’ (২৮ মে’) মাহত পশ্চিমবংগৰ দীঘা বীছ্ত অনুষ্ঠিত INTERNATIONAL KARATE CHAMPIONSHIP ত স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হয় হামজানন্ ৷ কিন্তু এইক্ষেত্ৰত চৰকাৰৰ পৰা হামজাননে ফুটা-কড়ি এটা লাভ কৰিব দূৰৰে কথা শুভেচ্ছামূলক বাৰ্তা এটাও নাপালে খেলুৱৈগৰাকীয়ে ৷ উদ্বেগজনকভাৱে নীৰৱ স্থানীয় স্বায়ত্ত পৰিষদ কৰ্তৃপক্ষ ৷ সেয়া যি কি নহওক হামজাননৰ এই কৃতিত্বক গৌৰৱান্বিত চূণপোৰা অঞ্চলবাসী I 

উল্লেখ্য যে ইয়াৰ পূৰ্বেও হামজাননে নেপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্যাৰাটেৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল ৷ কিন্তু আৰ্থিক দীনতাৰ বাবে সেই সপোন পূৰণ হোৱা নাছিল ৷  এইক্ষেত্ৰত ক্ষোভ আছে হামজাননৰ পিতৃৰ ৷
 এইবাৰ হামজাননৰ ইচ্ছা এছিয়ান গেমছ আৰু অলিম্পিকত স্বৰ্ণজয় ৷ হামজাননলৈ শুভেচ্ছা থাকিল ৷ অনাগত দিনত আৰু আগুৱাই যাওক অসম-অসমীয়াৰ সম্পদ হামজানন লাংথাছা  ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here