Home মুখ্য পৃষ্ঠা বিদ্যালয়ৰ পৰিচালনা সমিতিক বুঢ়া আঙুলি দেখুৱাই আত্মসাত কৰিছে মধ্যাহ্ন ভোজনৰ ধন

বিদ্যালয়ৰ পৰিচালনা সমিতিক বুঢ়া আঙুলি দেখুৱাই আত্মসাত কৰিছে মধ্যাহ্ন ভোজনৰ ধন

293
0

দুৰ্নীতিৰ বিৰূদ্ধে মাত মাতিলেই প্ৰধান শিক্ষকে দিয়ে এজাহাৰ
বিদ্যালয়ৰ পৰিচালনা সমিতিক বুঢ়া আঙুলি দেখুৱাই আত্মসাত কৰিছে মধ্যাহ্ন ভোজনৰ ধন

দৈনন্দিন বাৰ্তাৰLIVE  খাৰুপেটিয়া ৯ নবেম্বৰঃ দুৰ্নীতি ভ্ৰষ্টাৰ আৰু উন্নয়নৰ নামত ঢাক-ঢোল বজোৱা বিজেপি নেতৃতাধীন অসম চৰকাৰৰ শিক্ষা বিভাগটো বৰ্তমান শোচনীয়া অৱস্থাত পৰিনত হৈছে  ৷ শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে ৰাজ্যৰ শিক্ষা বিভাগে কোটি কোটি টকা খৰচ কৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত গুনোৎসৱ আৰম্ভ কৰিবলৈ লৈছে সেই গুনোৎসৱৰ বাহানা লৈ নিজ কৰ্মক ফাকি দি ৰাজ্যৰ একাংশ প্ৰধান শিক্ষকে বিদ্যালয়ত শিক্ষাদানৰ পৰা আতৰত থকা যেন দেখা যায় ৷ উল্লেখযোগ্য যে গুনোৎসৱৰ দিন চমু চাপি অহাৰ লগে লগে দৰং জিলাৰ দলগাওঁ শিয়ালমাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয় সমুহত শিক্ষক শিক্ষয়িত্ৰী সকলে বিদ্যালয়ৰ পৰিবেশ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে বিভিন্ন ফুলৰ বাগিছা সজাৰ লগতে শৈক্ষিক দিশত তীব্ৰ গতিত আগবঢ়াৰ পৰিলক্ষিত হোৱা দেখা যায় আনহাতে একে শিক্ষা খণ্ডৰ অন্তৰ্গত শিলবৰী মণ্ডল সমল কেন্দ্ৰৰ বেছিমাৰি চাপৰি আদৰ্শ বালিকা প্ৰাথমিক বিদ্যালয়ত পৰিবেশ আৰু শৈক্ষিক দিশৰ পৰা সম্পুৰ্ণ বিপৰিত ছবি দেখা যায় ৷ বিদ্যালয় খনত থকা তিনি জন শিক্ষক শিক্ষয়িত্ৰীৰ ভিতৰত প্ৰধান শিক্ষক জনে মাজে সময়ে বিদ্যালয়ত উপস্থিত হয় যদিও বিভিন্ন অজুহাত দেখুৱাই পাঠ দানৰ পৰা বিৰত থাকি নিৰ্ধাৰিত সময়ৰ আগতেই গুচি যায় ৷ স্থানীয় ৰাইজ তথা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সদস্য সকলে দিয়া অভিযোগ অনুসৰি গুৰু-গোহাঁই নমনা এইজন প্ৰধান শিক্ষকে বিভাগীয় কৰ্তৃপক্ষ পৰা পোৱা বিদ্যালয়ৰ আন্তঃগাথনিৰ ধন আত্মসাঁত কৰি, বিদ্যালয়ত পূৰ্বতে থকা টিনৰ ঘৰটো ভাঙি ঘৰলৈ লৈ যোৱাৰ ফলত একেটা কোঠাতে সকলো ছাত্ৰ ছাত্ৰীক শ্ৰেনী অনুযায়ী ভাগ ভাগ কৰি বহুৱাই হুলস্থুল পৰিবেশৰ মাজতে পাঠদান কৰে ৷ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ দায়িত্বত থকা পুখুৰীৰ মাছ সমুহ পৰিচালনা সমিতিৰ অজ্ঞাতে বজাৰত বিক্ৰি কৰি সম্পুৰ্ণ ধন আত্মসাত কৰে৷কণ-কণ ছাত্ৰ ছাত্ৰী সকলৰ  বাবে বিতৰন কৰা মধ্যাহ্ন ভোজনৰ ধন আত্মসাত কৰি নিজৰ খ্যাল খুচিমতে মাজে সময়ে নিম্নমানৰ খাদ্য ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিতৰন কৰে৷ মধ্যাহ্ন ভোজনৰ চাউলৰ পৰা আদিকৰি বিভাগিয় কাৰ্যালয়ৰ পৰা দিয়া সা-সামগ্ৰী সমুহ বিদ্যালয়ত নাৰাখি অবৈধ ভাৱে প্ৰধান শিক্ষকজনৰ ঘৰত ৰখাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে ৷মধ্যাহ্ন ভোজনৰ ধন আত্মসাত কৰাৰ বাবে প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে পৰিচালনা সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষক দুইবাৰ অভিযোগ দিয়াৰ পিচতো শিক্ষকজনৰ বিৰূদ্ধে কোনো ধৰনৰ ব্যৱস্থা নোলোৱাৰ বাবে ক্ষোভিত হৈ পৰিছে বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে ৷ তাৎপৰ্য্যপুৰ্ণ কথা হল বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি জনে শিক্ষক জনৰ এনে কু-কৰ্ম সমুহত বাধা দিয়াৰ বাবেই সভাপতিজনৰ বিৰূদ্ধে মিছা অভিযোগ আনি শিলবৰী থানাত এখন এজাহাৰ দাখিল কৰিছিল প্ৰধান শিক্ষক কোৰবান আলীয়ে, সেই এজাহাৰৰ ভিত্তিত শিলবৰী আৰক্ষীয়ে তদন্ত কৰি মিছা অভিযোগ বুলি প্ৰমানিত হয়,তাৰ পৰিবৰ্তে শিক্ষকজনে বিদ্যালয়ৰ ধন আত্মসাত কৰাৰ অভিযোগত অভিযুক্ত শিক্ষক জনৰ বিৰূদ্ধে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে  শিলবৰী থানাত এখন এজাহাৰ দাখিল কৰে ৷ দুৰ্নীতিৰ বিৰূদ্ধে যুজ দিয়া অসম চৰকাৰৰ শিক্ষামন্ত্ৰীক অতি শীঘ্ৰে বেছিমাৰি চাপৰি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জনক বদলিৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা পৰিচালনা সমিতিয়ে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here