Home মুখ্য পৃষ্ঠা মাজুলীত  নীতিন গাডকাৰীৰ ৩৩৬ কোটি টকাৰ আচনি উদ্বোধনঃ মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে অসুস্থ...

মাজুলীত  নীতিন গাডকাৰীৰ ৩৩৬ কোটি টকাৰ আচনি উদ্বোধনঃ মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে অসুস্থ হৈ পৰিল গাডকাৰী…

190
0

মাজুলীত  নীতিন গাডকাৰীৰ ৩৩৬ কোটি টকাৰ আচনি উদ্বোধনঃ
মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে অসুস্থ হৈ পৰিল গাডকাৰী…

মাজুলী ২৯ ডিচেম্বৰ-গৰমত চটফটাইছে গাডকাৰীয়ে 
কেন্দ্ৰীয় মন্ত্ৰীৰ সভাত নাই ফেন।
নাই বিচনী…
কাগজেৰে বিচিছে গাডকাৰীক।–
—————————————-


বান খহনীয়াত ককবকাই থকা মাজুলীলৈ সু খবৰ। শুকুবাৰৰ দিনতো মাজুলীবাসীৰ বাবে অাছিল এক ঐতিহাসিক দিন। আজি মাজুলীৰ ভৌগলীক স্বায়ী সুৰক্ষা আৰু ব্ৰহ্মপুত্ৰ বৰ্ডৰ কাৰ্যালয় উদ্বোধন বাবে ৩৩৬ কোটি আচনীৰ শুভ উদ্বোধন কৰে।
পুৱা ১১ বজাৰ লগে লগে অাকাশ মাৰ্গেৰে মাজুলীৰ অৱতৰন কৰি মাজুলী সুৰক্ষাৰ  বিশেষ প্ৰকল্পৰ অাধাৰশিলা কৰে কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী নীতিন গাডকাৰীয়ে।সভাত জলসম্পদ সম্পদ মন্ত্ৰী কেশৱ মহন্ত,  সাংসদ প্ৰদান বৰুৱা, বিমল বৰা ব্ৰহ্মপুত্ৰ বৰ্ডৰ চেয়াৰ মেন লগতে মাজুলীৰ বিভিন্ন সত্ৰৰ সত্ৰধিকাৰ সকল উপস্থিত থাকে, মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ  ডিপি আৰ কাম হৈছে ,যেতিয়া তেওঁ হাতত অৰ্পণ কৰিব দলঙৰ কাম আৰম্ভ কথা কয় ভাষণত কয় মন্ত্ৰী গৰাকীয়ে। 
সভাৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভাষণ দি থকা অৱস্থাতে হঠাৎ অসুস্থ হৈ পৰে। চকীৰে ধলি পৰে গাডকাৰী।  মূখ্যমন্ত্ৰীৰ ভাষণ সামৰিয়ে ততাতৈয়াকৈ গুৱাহাটী অভিমুখে উন্নত চিকিৎসাৰ বাবে যায়গৈ গাডকাৰী। 
কিন্তু  কিয় এই অৱস্থা হল গাডকাৰীৰ ।লজ্জাজনক ভাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত থাকিবলগীয়া সভাখনক লৈ জিলাপ্ৰশাসনৰ যেনে তৎপৰতা প্ৰদৰ্শন কৰিব লাগিছিল কিন্ত্ত তাৰ সম্পূৰ্ণ বিপৰীত দৃশ্যহে দেখিবলৈ পোৱা গল । জিলা প্ৰশাসনে কেন্দ্ৰীয় মন্ত্ৰীজনলৈ ব্যৱস্থা কৰিলে দহ টকীয়া পানীৰ বটল। জিলা প্ৰশাসনৰ ফোপোলা ৰূপ মাজুলীত প্ৰদৰ্শন কৰি অসুস্থ গাডকাৰীক প্ৰথমে এখন কাগজ, পাছত বিচনি আৰু বহু পৰৰ পাছত হে আহিল এখন ফেন। চকীতে গৰমত চতফটাই থাকিল গাডকাৰী। মুখ্যমন্ত্ৰীয়ে আধাতে ভাষণ সামৰি, সভা ভংগ কৰি ততাতৈয়াকৈ গুৱাহাটীলৈ ৰাৱণা হয়।
মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে মাজুলীক অনাগত দিনত বিশ্বৰ বুকুতে জিলিকাই তোলা হব, মাজুলীত হব লগীয়া প্ৰত্যেকটো কামৰ ওপৰত নজৰ দিবলৈ মাজুলিবাসীক আহ্বান জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here