Home মুখ্য পৃষ্ঠা টেঙাখাত পথ নিৰ্মাণৰ নামত অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ হেমাহি   

টেঙাখাত পথ নিৰ্মাণৰ নামত অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ হেমাহি   

68
0
চাবুৱা – টেঙাখাত পথ নিৰ্মাণৰ নামত অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ হেমাহি 
ছাত্ৰ মুক্তি – জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদৰ অইল অৱৰোধ 
দৈনন্দিন বাৰ্তাlive@, চাবুৱা ২৯ ডিচেম্বৰ  : ঐতিসাহিক চাবুৱা – টেঙাখাত সংযোগী অতি জৰাজীৰ্ণ গড়কাপ্তানী পথটো অতি সোণকালে নিমাৰ্ণ কৰাৰ দাবীত  ২৭ তাৰিখৰ পৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদে অইল অৱৰোধ কাৰ্যসূচী পালন কৰিছে  । উল্লেখযোগ্য যে ২৬ নৱেম্বৰ তাৰিখে পথটোত এজন ১৫ বছৰীয়া ছাত্ৰৰ এক দুৰ্ঘটনাত মৃত্যু হৈছিল । তাৰ পিছতেই সংগঠনদুটাই  পথটোত গধুৰ যান – বাহন চলাচল বন্ধ কৰি দিছিল । তাৰ পিছতেই চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৩০ নৱেম্বৰ তাৰিখে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ  সৈতে চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আলোচনাত মিলিত হয় । উক্ত আলোচনাতেই অইল ইণ্ডিয়া কৰ্তৃপক্ষই সংগঠনদুটাক উক্ত পথটোত সৃস্থি হোৱা দ- দ গাতসমূহ অতি সোণকালে পুটি  দিয়াৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে । তাৰ পিছতেই অইল ইণ্ডিয়া কৰ্তৃপক্ষই পথটোৰ কেইটামান গাতত শিলতকৈ মাটি বেছি দি দায়িত্ব সামৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰি যোৱা ২৭ ডিচেম্বৰ তাৰিখৰ পৰা অইল অৱৰোধ কাৰ্যসূচী যোষণা কৰে । সংগঠনদুটাৰ অইল অৱৰোধ কাৰ্যসূচীৰ ফলত অঞ্চলটোত থকা অইলসমূহ বন্ধ হৈ পৰিছে । সংগঠনদুটাই লগতে কয় যে অইল ইণ্ডিয়া কৰ্তৃপক্ষই দিয়া প্ৰতিশ্ৰুতি পালন কৰক । অন্যথা আগন্তক সময়ত যিকোনো পৰিস্থিতিৰ সন্মুখীন হবলৈ সাজু থাকক । লগতে কয় যে অইল ইণ্ডিয়া কৰ্তৃপক্ষই পুলিচ প্ৰশাসনক ব্যৱহাৰ কৰি যদি ৰাইজৰ প্ৰতিবাদী কণ্ঠ বন্ধ কৰিব পাৰিম বুলি ভাবিছে তেন্তে পথটো নিৰ্মাণৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ নিৰাপত্তাৰ  স্বাৰ্থত যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ আমি সাজু আছো বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি জগজিত গোঁহাই , জিতুপন শইকীয়া আৰু সম্পাদক দিপাঙ্কৰ গগৈয়ে জানিবলৈ দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here