Home মুখ্য পৃষ্ঠা বিজেপিৰ দখলত থকা পঞ্চায়তত দূৰ্নীতি

বিজেপিৰ দখলত থকা পঞ্চায়তত দূৰ্নীতি

127
0
Website and Internet concept with news word on four paper post it isolated on white background.
বিজেপিৰ দখলত থকা পঞ্চায়তত দূৰ্নীতি
 মোৰাঝাৰ ২৯ ডিচেম্বৰ @সমাগত পঞ্চায়ত নিৰ্বাচন, সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুুতি আৰম্ভ হৈছে পঞ্চায়তসমূহত ৷ বিগত ৫ বছৰে কি কৰিলে নকৰিলে সেয়া সকলোৰে হিচাপৰ সময় এতিয়া ৷ আজি আমি আপোনালোকক লৈ যাম হোজাই জিলাৰ লামডিঙৰ ১০ বছৰ কাৰ্যকাল কৰা দক্ষিণ লামডিং গাওঁ পঞ্চায়তলৈ ৷ পঞ্চায়তখনৰ দুৰ্নীতি আৰু ৰাইজক দিয়া যি ৰামঠগনৰ বাতৰি পোহৰলৈ আহিছে কিন্তু যিমানেই ৰাইজৰ কাষলৈ সংবাদ মাধ্যমৰ ব্যক্তি  গৈছে সিমানেই  এটাৰ পাছত এটা দুৰ্নীতিৰ নগ্ন বাস্তৱ স্বৰূপ পোহৰলৈ আহিছে  পঞ্চায়তখনৰ বিৰুদ্ধে ৷ ৰাস্তাৰ নামত দক্ষিন লামডিং পঞ্চায়তে ৰাম ঠগন সোধাইছে দক্ষিণ লামডিং পঞ্চায়তৰ অধীনত থকা গাওঁবাসীকলক ৷ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ মুহুৰ্তত জনপ্ৰতিনিধিৰ কাম কাজৰ হিচাপ নিকাচ আৰম্ভ হৈছে ৷ 
লামডিং উন্নয়ন খণ্ডৰ অধীনৰ বিজেপী দখলত থকা দক্ষিন লামডিং গাওঁ পঞ্চায়তৰ সভাপতি অমিত দাস আৰু তেওঁৰ সাংগু পাংগু প্ৰদীপ দাস বিৰুদ্ধে পথ উন্নয়নৰ ধন আত্মসাৎৰ অভিযোগেই অভিযোগ ৷ এটা ৰাস্তাৰ নামত  এঠাইত যদি ২২ লাখ আন ঠাইত আকৌ  ৮ লাখ, ১০ লাখ টকাৰ  আধাৰশীলা স্থাপন কৰি চেঞ্চুৰী দিশে আগবাঢ়িছে লামডিং বিধায়ক শিবু মিশ্ৰই ৷ কাম কৰিছে অকল ঠায়ে ঠায়ে আধাৰশীলাৰ ফিটা কটাৰ কাম ৷ আকৌ এটা ৰাস্তা বাবে এখন নহয় তিনিখনকৈ আধাৰশীলা স্থাপন কৰাহে দেখা গল ৷  ৰাস্তা নামত  লাখ লাখ টকাৰ আধাৰশীলা দক্ষিন লামডিং পঞ্চায়তৰ প্ৰতিখন গাওঁত ২০১৬ চনতেই স্থাপন কৰা হৈছিল যদিও আজিলৈকে গাওঁৰ ৰাইজে ভাল ৰাস্তাৰ সুবিধাকনো নাপালে ৷ এটা পকা ৰাস্তাৰ সপোনত গাওঁ ৰাইজক কংগ্ৰেছৰ আমোলতো ৰাম ঠগন আৰু বিজেপী দিনতো ৰাম ঠগন সোধালে ৷ কিন্ত বিজেপী দখলৰ পঞ্চায়তৰ সভাপতি ভাষ্য মতে  চৰকাৰ পৰা আজিলৈকে ব্যয় কৰিবগীয়া ধন লাভ নকৰিলে ৷ তাৰো পৰি স্থানীয় ৰাইজে অভিযোগ কৰা মতে কিছু কিছু এনৰেগাৰ  কামত জব কাৰ্ডৰ নামত জেচিবি লগাই কাম কৰিও ধন আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷ পঞ্চায়তে প্ৰতিনিধিয়ে গাওঁ কিছুমান ৰাইজৰ জৱ কাৰ্ডত কাম দিয়াৰ প্ৰলোভনেৰে টিপ চহী লৈ ধন আত্মসাৎ কৰাৰো ভয়ংকৰ অভিযোগ কৰিছে৷ মুঠতে পঞ্চায়ত খনত কামৰ নামত একোৱে হোৱা নাই লগতে সাধাৰণ ৰাইজক আভোৱা ভূৱা দিয়া হে পৰিলক্ষিত হৈছে ৷ আগোন্তুক কিছু দিনৰ পিছতে পঞ্চায়ত নিৰ্বাচন আৰু  তাত ৰাইজে প্ৰতিওোওৰ দিবলৈ সাজু হৈছে।
@ছাদিকুজ জামান

LEAVE A REPLY

Please enter your comment!
Please enter your name here