Home মুখ্য পৃষ্ঠা পঞ্চায়তত শিক্ষাগত অৰ্হতা-অংকত আউল লগা বহু প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে পত্নী-কন্যাক সাজু কৰিবলৈ উঠি-পৰি...

পঞ্চায়তত শিক্ষাগত অৰ্হতা-অংকত আউল লগা বহু প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে পত্নী-কন্যাক সাজু কৰিবলৈ উঠি-পৰি লাগিছে- সন্তুষ্টি প্ৰকাশ ৰূপহীহাটৰ ৰাইজৰ

128
0
Website and Internet concept with news word on four paper post it isolated on white background.
পঞ্চায়তত শিক্ষাগত অৰ্হতা-অংকত আউল লগা বহু প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে পত্নী-কন্যাক সাজু কৰিবলৈ উঠি-পৰি লাগিছে-
  • সন্তুষ্টি প্ৰকাশ ৰূপহীহাটৰ ৰাইজৰ
দৈনন্দিন বাৰ্তাLive@, ৰূপহীহাট, ২৯ ডিচেম্বৰ- বিগত কেইবা মাহৰ পৰা পঞ্চায়তত নিৰ্বাচন খেলিবলৈ পূৰ্ণোদ্যমে প্ৰচাৰ কাৰ্য চলাই থকা বিভিন্ন দলৰ অৰ্ধশিক্ষিত লোকসকলৰ ৰাজনৈতিক ক্ষমতা আদায়ৰ অংকত শেষতীয়াকৈ আউল লগোৱা দেখা গল যোৱা কালি ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তই । ইমান দিনে ক্ষমতাৰ সোৱাদ লবলৈ নিজকে প্ৰস্তুত কৰি তোলা নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ অশিক্ষিত প্ৰাৰ্থীত্ব প্ৰত্যাশী সকল দুখিত হৈ পৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ কেবিনেটৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তত সন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে সচেতন মহলে । উল্লেখ্য যে বিগত দিনবিলাকত একাংশ  অশিক্ষিত লোকৰ হাতত ৰাজনৈতিক ক্ষমতা যোৱাৰ বাবেই সৰ্বসাধাৰণ ৰাইজে শোষণ আৰু বঞ্চনাৰ সন্মুখীন হব লগীয়া হৈছিল ।একাংশ নাম মাত্ৰ শিক্ষিত আৰু অশিক্ষিতই একমাত্ৰ ধনবল আৰু বাহু বলৰ জৰিয়তে পঞ্চায়ত প্ৰতিনিধি নিৰ্বাচিত হৈ জনতাক পিঠি দি আহিছিল । আনকি সাধাৰণ জ্ঞানৰো অভাৱ থকা একাংশ জধা মুৰ্খ পঞ্চায়ত প্ৰতিনিধিয়ে একমাত্ৰ সম্পত্তিৰ লোভতেই দৰিদ্ৰ দুৰ্বল লোকে সহায় বিচাৰি, চৰকাৰী আচঁনি বিচাৰি গলে মাৰধৰ কৰাৰো উদাহৰণ আছে । যাৰ বাবে এতিয়া শিক্ষিত আৰু জ্ঞান সম্পন্ন লোকেহে ৰাজনৈতিক ক্ষমতা লাভ কৰিব যৰ পৰা তেনে অমানৱিক আৰু মুৰ্খামীৰ বলি হবলগীয়া নহব বুলিও আশা কৰিছে বহুতে । যোৱা কালি চৰকাৰে লোৱা সিদ্ধান্তৰ পাছতে ক্ষমতা লাভৰ আশাত চেঁচা পানী পৰা একাংশ ধুৰন্ধৰ প্ৰকৃতিৰ জধা মূৰ্খ পালি নেতাই এতিয়া যিকোনো প্ৰকাৰে ৰাজনৈতিক ছত্ৰছায়াত থাকিব পৰাকৈ কৌশল ৰচনা কৰাত লাগি পৰিছে । চৰ্চা চলা মতে পূৰ্বেও প্ৰতিনিধি থকা একাংশ অশিক্ষিত প্ৰতিনিধিয়ে এতিয়া আগন্তুক নিৰ্বাচনত নিজৰ পত্নী, পুত্ৰ, কন্যা আদিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সাজু কৰিবলৈ কচৰত আৰম্ভ কৰাত লাগি পৰিছে বুলিও ব্যাপক চৰ্চা চলিছে । পূৰ্বে লুন্ঠন, আত্মসাত্ চলাই ক্ষমতাৰ লোভ লগা তেনে পালি নেতাই পুনৰ ক্ষমতাৰ ৰাগীত সম্প্ৰতি এক প্ৰকাৰ বলিয়া হৈ পৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here