Home মুখ্য পৃষ্ঠা আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় 

আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় 

63
0
কৃষিভূমি ধ্বংস কৰি চাবুৱাৰ ইটাভাতীয়ে ভাবুকি আনিছে কৃষকলৈ 
 
আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় 
দৈনন্দিন বাৰ্তাLive , চাবুৱা ২৯ ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত কদমণি , আমগুৰি – পোলোঙা , উদালগুৰি , কপৌহুৱা আদি অঞ্চলৰ ইটাভাটাসমূহে চুড়ান্ত অন্যায় – অনিয়মেৰে সকলো নীতি – নিয়ম জলাঞ্জলি দি ইটা প্ৰস্তুত কৰি থকাৰ পিছতো জিলা প্ৰশাসনে সকলো দেখিও নেদেখাৰ ভাওঁ ধৰা বিষয়টোৱে অঞ্চলটোত সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্ঠি হৈছে । যোৱা কালি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ চাবুৱা আঞ্চলিক সমিতিয়ে চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । সংগঠনটোৱে পোলোঙা – লেংৰাই মৌজাৰ লগতে চাবুৱা অঞ্চলটোত অবৈধভাৱে চলি থকা মাটি খনন খনন কাৰ্য বন্ধ কৰা , লেংৰাই মৌজাত অবৈধভাৱে চলি থকা ইটাভাটা বন্ধ কৰা , পুলুঙা আৰু লেংৰাই মৌজাত আদিবাসী লোকসকলে ভোগ দখল কৰা মাটিৰ পট্ৰা প্ৰদান কৰাৰ লগতে শিশু শ্ৰমিক আৰু সুৰা বন্ধ কৰাৰ দাবীত আছাই দিনৰ ১১. ৩০ বজাৰ পৰা চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে মৌজা দুটাত অবৈধভাৱে মাটি খনন কাৰ্য চলি থকা বৃহৎ আকাৰৰ পুখুৰীসদৃশ গাত সৃষ্টি হোৱাত বিগত বছৰত ছাত্ৰ ছাত্ৰীৰ লগতে কেইবাজনো ব্যক্তি এই পুখুৰীসমূহত পৰি মৃত্যু হ’বলগীয়া হৈছে । ইটাভাটাসমূহে কোনো নীতি – নীয়ম নামানি , আইন ভংগ কৰি এখোপ ওপৰত গৈ য’তে – ত’তে মাটি কাটি , ৰাজহ ভূমি কটি তহিলং কৰিব ধৰিছে । এলেকাটোৰ পথাৰসমূহত মুকলিকৈ ডাম্পাৰ – জে চি বিৰে মাটি কাটি ইটাভাটাসমূহলৈ মাটি নি দিনে – নিশাই ইটা প্ৰস্তুট কৰি ব্যৱসায় অব্যাহত ৰাখিছে । সংগঠনটোৱে পোলাঙা আৰু লেংৰাই মৌজাৰ গাঁও সমূহত অবৈধভাৱে চলি থকা মাটি খনন বন্ধ কৰাৰ দাবী জনাই  চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ডিব্ৰুগড় জিলাৰ উপায়ুক্তলৈ এখন স্মাৰক প্ৰেৰণ  কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here