Home মুখ্য পৃষ্ঠা হাউলীত ভয়াবহ অগ্নিকাণ্ড 

হাউলীত ভয়াবহ অগ্নিকাণ্ড 

68
0
হাউলীত ভয়াবহ অগ্নিকাণ্ড 
  • নিশাত জুই লাগি ভষ্মিভুত তিনিখনকৈ দোকান
  • নগদ ধন সহ চল্লিশ লক্ষাধিক টকাৰ ক্ষতি 
ছাহেদ  আলী আহমেদ, হাউলী ¸ ২৯ ডিচেম্বৰঃ  বৰপেটা জিলাৰ অন্যতম বানিজ্য নগৰী হাউলীত যোৱা নিশাত তিনিখনকৈ দোকানত এক ভয়াবহ অগ্নিকাণ্ড সংগঠিত হৈ প্ৰায় চল্লিশ লক্ষাধিক টকাৰ সম্পত্তি ভষ্মিভুত হৈ তিনিগৰাকী শিক্ষিত নিবনুৱা যুৱকে নিশাৰ ভিতৰতে ভিক্ষাৰীত পৰিনত হোৱা ঘটনাই অঞ্চল ব্যাপি এক মৰ্মান্তিক পৰিস্থিতিৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰ পৰা হাউলীত দোকান কৰি পৰিয়াল পোহপাল দিয়া আয়নাল হকৰ গ্ৰীলৰ দোকান  জে এম এণ্টাৰপ্ৰাইজ,  বছিৰ উদ্দিনৰ আছাম ফাৰ্ণিছাৰ হাউচ এণ্ড হোম ডেকৰ আৰু ময়নুল তালুকদাৰৰ ফাৰ্ণিছাৰ হাউচ এণ্ড  ইণ্ডাষ্ট্ৰিজ নামৰ তিনিখন দোকান সম্পূৰ্ণ ৰূপে জুইত পুৰি ছাই হয়। নিশা প্ৰায় এক বজাত  অগ্নিকাণ্ড সংগঠিত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয় যদিও কোনো সা- সম্পত্তি  ওলিয়াব নোৱাৰে । ঘটনা সংক্ৰান্তত ইতিমধ্যে হাউলী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে যদিও  অগ্নিকাণ্ড সংগঠিত হোৱাৰ প্ৰকৃত কাৰণ  এতিয়ালৈ জানিব পৰা হোৱা নাই । অৱশ্যে একাংশ ৰাইজে এই অগ্নিকাণ্ড বিদ্যুতৰ ছৰ্টছাৰ্কিটৰ পৰা হৈছে বুলি অনুমান কৰিছে । স্মৰ্তব্য যে, উক্ত তিনি যুৱকে হাউলীৰ মুখলেচুৰ ৰহমানৰ ঘৰত ভাৰাতীয়া হিচাপে দোকান কৰি আছিল । ফলত ঘৰৰ মালিকৰো বহু সম্পত্তিৰ ক্ষতি হৈছে । সম্প্ৰতি ক্ষতিগ্ৰস্ত যুৱক তিনিগৰাকীয়ে ক্ষতিপূৰণ বিচাৰি চৰকাৰলৈ কাতৰ আহ্বান জনাইছে ।
ফোনঃ 9854292630 

LEAVE A REPLY

Please enter your comment!
Please enter your name here