Home মুখ্য পৃষ্ঠা #গহপুৰৰ কুৰুৱা পথাৰত বন্যহস্তীৰ সন্ত্ৰাস…

#গহপুৰৰ কুৰুৱা পথাৰত বন্যহস্তীৰ সন্ত্ৰাস…

206
0
#গহপুৰৰ কুৰুৱা পথাৰত বন্যহস্তীৰ সন্ত্ৰাস

#গহপুৰৰ কুৰুৱা পথাৰত বন্যহস্তীৰ সন্ত্ৰাস

# দুশ বিঘা কৃষি ভূমিৰ বিস্তৰ ক্ষতিসাধন #

#গহপুৰৰ কুৰুৱা পথাৰত বন্যহস্তীৰ সন্ত্ৰাস

গহপুৰ: ৯ নবেম্বৰ : – এজাক বন্যহস্তী তীব্ৰ আতংকৰ কাৰণ হৈ আহিছে গহপুৰ মহকুমাৰ দক্ষিনাঞ্চলৰ । এমাহ দিন ধৰি গহপুৰৰ বিভিন্ন ধাননি পথাৰত উপদ্ৰব অব্যাহত ৰখাৰ লগতে ৰাইজৰ নিন্দ্ৰা হৰন কৰি আহিছে । বন্যহস্তীৰ সন্ত্ৰাস এক দীৰ্ঘ দিনীয়া সমস্যা হৈ আহিছে গহপুৰৰ দক্ষিনাঞ্চল ৰাইজৰ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা ১৫০/২০০ বন্যহস্তীয়ে গহপুৰ মহকুমাৰ দক্ষিনাঞ্চলৰ কুৰুৱা পথাৰ, গমিৰি আদি অঞ্চলত প্ৰবেশ কৰি নিন্দ্ৰা হৰন কৰিছে গঞাৰ । পথাৰত ধান পকিবলৈ আৰম্ভ কৰাৰ সময়তে পুণৰ এজাক বন্যহস্তীয়ে তীব্ৰ তাণ্ডৱ লীলা আৰম্ভ। দুশ বিঘা খেতিৰ গুটি ধান খায় নষ্ট কৰিছে এই বৃহৎ হাতীৰ জাকটোৱে । নিশাৰ ভাগত জাক পাতি ওলাই অহা হাতীৰ জাকটোৱে আতংকৰ কাৰণ হৈ উজাগৰী নিশা কটাবলৈ বাধ্য কৰিছে গঞা ৰাইজক । হাতী খেদিবলৈ বনবিভাগৰ কৰ্মীয়ে চেষ্টা চলাইছে যদিও হাতী খেদাত ব্যৰ্থ হৈছে গহপুৰ বনবিভাগ। কাৰন প্ৰয়োজনীয় সা সুবিধা নথকাৰ বাবে হাতী খেদিবলৈ অসুবিধাৰ সন্মুখীন হৈ আহিছে। কুৰুৱা পথাৰ ৰাইজে নিজেই হাতে হাতে জোঁৰ, লাঠি, টিং বজাই হাতী খেদিবলৈ ওলাই আহিবলগীয়াত পৰিছে। সময় থাকোঁতে বন বিভাগে যদি কাটাঁ তাৰঁৰ ব্যৱস্থা নকৰে তেন্তে অনাগত দিনত ইয়াতকৈও ভয়ানক পৰিস্থিতি সন্মুখীন হব গহপুৰীয়া ৰাইজে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here