Home মুখ্য পৃষ্ঠা নৱম আন্তৰাষ্ট্ৰীয় টাং-চু-ডো চেম্পিয়নশ্বিপত জিলিকিল শিৱসাগৰৰ দীক্ষিতা দত্ত:

নৱম আন্তৰাষ্ট্ৰীয় টাং-চু-ডো চেম্পিয়নশ্বিপত জিলিকিল শিৱসাগৰৰ দীক্ষিতা দত্ত:

154
0

নৱম আন্তৰাষ্ট্ৰীয় টাং-চু-ডো চেম্পিয়নশ্বিপত জিলিকিল শিৱসাগৰৰ দীক্ষিতা দত্ত:

দৈনন্দিন বাৰ্তাLive@(মুকুল গগৈ ) শিৱসাগৰ 29 ডিচেম্বৰ:     আন্তৰাষ্ট্ৰীয় টাং- চু-ডো চেম্পিয়নশ্বিপত জিলিকিল শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ পিচপৰা অঞ্চল শান্তিপুৰৰ দীক্ষিতা দত্ত। যোৱা 21 ডিচেম্বৰত দিল্লীৰ টাৰাকোটা ষ্টেডিয়ামত অনুষ্ঠিত নৱম আন্তৰাষ্ট্ৰীয় টাং-চু-ডো চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ 20-25 কেজিৰ শাখাত অংশ গ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰা দীক্ষিতাই গৌৰৱ কঢ়িয়াই আনিছে অসম তথা শিৱসাগৰ জিলা আৰু স্থানীয় অঞ্চল শান্তিপুৰলৈ। শিৱসাগৰ জিলাৰ প্ৰশ্চিম প্ৰান্তৰ অতিকে পিচপৰা কোঁৱৰপুৰ মৌজাৰ শান্তিপুৰ চুঙ্গীয়া নিবাসী মনোজ দত্ত আৰু ৰুবী বড়া দত্তৰ কনিষ্ঠ দুহিতা অৰ্থাৎ কেখেশ্বৰ দত্তৰ নাতি দীক্ষিতা সৰুৰে পৰাই প্ৰদৰ্শন কৰা ক্ৰিয়া সুলভ আচৰণৰ বাবে দেউতাক মনোজ দত্তই দৈনিক শিৱসাগৰ নগৰলৈ আহি সমৰ কলাৰ প্ৰশিক্ষণ দিয়েহি। শিৱসাগৰ নগৰত সৰ্বপৰিচিত সমৰকলাবিদ (5th done) মেদিনী গগৈৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি জীৱনৰ প্ৰথম আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰে দীক্ষিতাই। শংকৰদেৱ জাতীয় বিদ্যালয়, বলিয়াঘাটৰ তৃতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী দীক্ষিতা দত্তৰ সাফল্যই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰী সকলৰ মাজত বোৱাই দিছে আনন্দৰ বন্যা। যিটো সময়ত পিছপৰা অঞ্চলৰ লৰা ছোৱালীয়ে মঞ্চৰ অভাৱত প্ৰতিভা বিকাশৰ সুবিধা লাভ কৰা নাই তেনে সময়ত একক প্ৰচেষ্টাত দীক্ষিতাৰ সফলতা নিশ্চয় লক্ষণীয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here