Home মুখ্য পৃষ্ঠা গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীক বিনামূলীয়া পাঠদান

গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীক বিনামূলীয়া পাঠদান

112
0
গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীক বিনামূলীয়া পাঠদান
ফিল’বাৰী: ২০১৭-১৮ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু) ফিল’বাৰী আঞ্চলিক সমিতিয়ে যোৱা ১৫ ডিচেম্বৰৰ পৰা এক বিনামূলীয়া পাঠদান কাৰ্যসূচী হাতত লৈছে । ফিল’বাৰীৰ নতুন আমগুৰি প্ৰাথমিক বিদ্যালয়ত এই কাৰ্যসূচী চলি থকাৰ কথা জনাইছে আগছু ফিল’বাৰী আঞ্চলিক সমিতিৰ সম্পাদক ৰমণ শৰ্মাই । সংগঠনটোৱে বিগত কেইবাবছৰৰ পৰা এই কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে । অভিগ্য শিক্ষকসকলক লৈ ইংৰাজী, গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদান কৰি থকা হৈছে । অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰায় ৬০ জন ছাত্ৰ-ছাত্ৰীয়ে নিয়মিত এই পাঠদান গ্ৰহণ কৰি আহিছে । অহা ১৫ জানুৱাৰী তাৰিখে এই কাৰ্যসূচীৰ সমাপ্তি হ’ব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here