Home মুখ্য পৃষ্ঠা ওৰাং আৰক্ষী থানাত যান বাহন আইন উলংঘাৰ ১৪২টা গোচৰ ৰুজু, লক্ষাধিক...

ওৰাং আৰক্ষী থানাত যান বাহন আইন উলংঘাৰ ১৪২টা গোচৰ ৰুজু, লক্ষাধিক ৰাজহ সংগ্ৰহ

73
0
ওৰাং আৰক্ষী থানাত যান বাহন আইন উলংঘাৰ ১৪২টা  গোচৰ ৰুজু, লক্ষাধিক ৰাজহ সংগ্ৰহ 
দৈনন্দিন বাৰ্তাlive, ওদালগুৰি, ৩১ ডিচেম্বৰ : প্ৰতিদিনে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শোকাবহ পথ দুৰ্ঘটনাত বিভিন্ন লোকে প্ৰাণ হেৰুৱাব লগা হৈ আহিছে । ইয়াৰ অধিকাংশ দুৰ্ঘটনাই যানবাহন আইন উলংঘাৰ ফলত সংঘটিত হোৱা দেখা যায়। প্ৰশাসন তথা চৰকাৰে যানবাহন আইনৰ ব্যাপক সংশোধন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও যানবাহন আইন উলংঘাৰ হাৰ হ্ৰাস হোৱা নাই । বৰং দিনক দিনে তীব্ৰ গতিত বৃদ্ধি হবলৈ ধৰিছে ৷ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাত ২০১৭ চনত বৰ্তমানলৈ ১৪২টা গোচৰ ৰুজু হৈছে অঞ্চলটোত সংঘটিত হোৱা  যানবাহন বিভিন্ন আইন উলংঘা আৰু দুৰ্ঘটনা সন্দৰ্ভত । তাৰ বিপৰীতে  অক্টোবৰ, নবেম্বৰ আৰু ডিচেম্বৰ মাহত ডেৰ লক্ষাধিক টকাৰ ৰাজহ সংগৃহিত হয় যানবাহন আইন উলংঘাৰ হেতুকে । ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গগন চন্দ্ৰ ডেকা আৰু উপ পৰিদৰ্শক অনিৰাম বড়োৱে কয় যে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিতৌ সংঘটিত হবলৈ ধৰা যানবাহন আইন উলংঘনে প্ৰত্যক্ষ আৰু পৰোক্ষভাবে বহু লোকৰ জীৱন আৰু  পৰিয়াললৈ হঠাতে অমানিশা কঢ়িয়াই আনে । একমাত্ৰ জৰিমনা আৰু গোচৰ ৰুজুৰ জৰিয়তে আৰক্ষীয়ে এই ধৰণৰ  দুৰ্ঘটনা সমূহ বন্ধ কৰিব নোৱাৰে যদিও সংঘটিত পথ দুৰ্ঘটনাৰ হাৰ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাই যাব। আৰক্ষী বিষয়া গৰাকীয়ে আশা ৰাখিছে যে ৰাষ্ট্ৰীয় ঘাইপথত জনসাধাৰণে যানবাহন আইন মানি চলি জৰিমনাৰ পৰা মুক্ত হোৱাৰ লগতে নিজৰ লগতে আনৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি সচেতনতা অবলম্বন কৰক।
গতিকে সমগ্ৰ ওৰাঙত প্ৰতিদিনে বাইক,মটৰচাইকেল আদিত ৩/৪ জনকৈ উঠাসকলক,হেলমেড নথকা উদণ্ড  আৰোহী সকলক প্ৰতিদিনে জৰিমনা আৰু গোচৰ তৰিবলৈ সচেতন নাগৰিক সকলে আৰক্ষী থানাৰ আৰক্ষী বিষয়া  দাবী জনাইছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here