Home মুখ্য পৃষ্ঠা ঢেকীয়াজুলিত বিমুদ্ৰাকৰণৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

ঢেকীয়াজুলিত বিমুদ্ৰাকৰণৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

316
0
Activists of Congress party protest as “black day” against demonetisation during 1st year of demonetisation making economic scenario unstable, in Nagaon on 08-11-17. Pix by UB Photos

# ঢেকীয়াজুলিত বিমুদ্ৰাকৰণৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ #

________________________________ _______________

  দৈনন্দিন বাৰ্তাLIVE :ঢেকীয়াজুলি ৯ নবেম্বৰ: ঢেকীয়াজুলি সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত ঢেকীয়াজুলিত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ বিমুদ্ৰাকৰণৰ বিৰুদ্ধে ৮ নৱেম্বৰত পুৱা ১০ বজাত প্ৰতিবাদ কৰি বিমুদ্ৰাকৰণৰ ফলত মৃত্যু হোৱা ১৩৭ জন সাধাৰণ শ্ৰমিক তথা বৃদ্ধ লোকৰ স্মৃতিত কলা বেজ পৰিধান কৰি কলা দিৱস হিচাপে পালন কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত তেজপুৰ লোকসভা সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা ঢেকীয়াজুলি সমষ্টি যুৱ কংগ্ৰেছৰ তত্বাবধায়ক নিৰ্মল ফয়েল , বিবেক পৰাজুলি ,ঢেকীয়াজুলি সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি তাপস পাল আৰু ঢেকীয়াজুলি সমষ্টি যুৱ কংগ্ৰেছৰ বিষয়ববীয়া কৰ্মকৰ্তা উপস্থিত থাকে৷ ইপিনে বৰছলা সমষ্টি যুৱ কংগ্ৰেছৰ দ্বাৰা সমষ্টিটোৰ পিৰাকাটাত কলা বেজ পৰিধান কৰি বিমুদ্ৰাকৰনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হয় ৷এই প্ৰতিবাদী কাৰ্য্যসুচীত তেজপুৰ লোকসভা সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা স্থানীয় যুৱ নেতা নিৰ্মল ফয়েল,বৰছলা সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি ৰেৱেন পান্না,পিৰাকাটা মণ্ডল কংগ্ৰেছৰ সভাপতি কুলেশ্বৰ ওৰাং,বৰছলা সমষ্টি যুৱ কংগ্ৰেছৰ সদস্য সকল , পিৰাকাটা মণ্ডল কংগ্ৰেছৰ বিষয়া আৰু স্থানীয় কংগ্ৰেছ কৰ্মী সকলে অংশ গ্ৰহণ কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here