Home মুখ্য পৃষ্ঠা নগাঁও বাসীক লজ্জানত কৰিলে ছয় নগঞাই => ধনৰ বিনিময়ত চাকৰি লোৱা নগাঁৱৰ...

নগাঁও বাসীক লজ্জানত কৰিলে ছয় নগঞাই => ধনৰ বিনিময়ত চাকৰি লোৱা নগাঁৱৰ ৰহস্যময়ী যুৱতীয়ে  দিছিল বহু এ পি এচ ছিৰ চাকৰি => ভিন্ন জনৰ প্ৰতিক্ৰিয়া 

381
0

নগাঁও বাসীক লজ্জানত কৰিলে ছয় নগঞাই
=> ধনৰ বিনিময়ত চাকৰি লোৱা নগাঁৱৰ ৰহস্যময়ী যুৱতীয়ে  দিছিল বহু এ পি এচ ছিৰ চাকৰি
=> ভিন্ন জনৰ প্ৰতিক্ৰিয়া       

জিলা প্ৰতিনিধি :নগাওঁ , ৯ নৱেম্বৰ ::  ৰাকেশ পাল এণ্ড কোম্পানীৰ পৰা লাখ লাখ টকাৰ উৎকোচ দি চৰম জালিয়াতীৰে অসম প্ৰশাসনিক সেৱা, অসম আৰক্ষী সেৱা আৰু সংযুক্ত সেৱাৰ বিষয়াৰ পদ দখল কৰি নগাঁৱৰ চাৰিগৰাকী লোক আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ আৰু দুগৰাকী মহিলা বিষয়া গ্ৰেপ্তাৰৰ ভয়ত আত্মগোপন কৰি থকা ঘটনাই সমগ্ৰ নগাঁও জিলাত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নগঞা এই বিষয়াসকলৰ দুস্কাৰ্য‌ই সমগ্ৰ দেশবাসীৰ ওচৰত নগাঁও জিলা বাসীক হেয় প্ৰতিপন্ন কৰিছে বুলিও বিভিন্ন মহলত চৰ্চা লাভ কৰিছে। অসমৰ লোকসেৱা আয়োগৰ এই নিযুক্তি কেলেংকাৰীয়ে সমগ্র দেশজুৰি জোকাৰনিৰ সৃষ্টি কৰাৰ সময়তে নগাঁৱৰ এগৰাকী যুৱতীৰ জৰিয়তে জিলাখনৰ কেইবাজনো অযোগ্য প্ৰাৰ্থীয়ে কেৱল ধনৰ বিনিময়ত বক্ৰ পথেৰে যে এ চি এছ, এ পি এছ বিষয়া হোৱাৰ লগতে আন কেইবাজন কৰ অধীক্ষক, কৰ পৰিদৰ্শক আদি চাকৰি লবলৈ সক্ষম হোৱাৰ কেতবোৰ তথ্য পোহৰলৈ আহিছে। নগাওঁ চহৰৰ কচলুখোৱাৰ জনৈক শইকীয়া উপাধিৰ এই গৰাকী ৰহস্যময়ী যুৱতীয়ে কৰ অধীক্ষক হিচাপে নিজে এ পি এছ চিৰ চাকৰি লোৱাৰ পাছত জিলাখনৰ আন একাংশ এ পি এছ চিৰ প্ৰাৰ্থীক এ পি এছ চি কৰ্তপক্ষক মেনেজ কৰি চাকৰি দিবলৈ সক্ষম হোৱাৰ উপৰিও নিজৰ প্ৰেমিক দেৱজিত বৰাকো এ চি এছ বিষয়া হিচাপে নিযুক্তি দিছিল। এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে,

এ পি এছ চিৰ দুৰ্নীতিৰ মহাসম্ৰাট ৰাকেশ পালৰ লগত অতি মধুৰ সম্পৰ্ক থকা এইগৰাকী যুৱতীয়ে নগাঁৱত ৰাকেশ পালৰ এজেণ্ট হৈ কাম কৰিছিল। আনকি ৰাকেশ পাল এইগৰাকী যুৱতীৰ নগাঁৱৰ কচলুখুৱাৰ ঘৰ‌লৈও সঘন আহযাহ আছিল। ২০১৩ আৰু ২০১৫ বৰ্ষৰ এ পি এছ চিৰ পৰীক্ষাত নগাঁৱৰ কুৰি জনৰো অধিক প্ৰাৰ্থীক ধনৰ বিনিময়ত এই গৰাকী যুৱতীয়ে এপি এচ চিৰ চাকৰি দিবলৈ সক্ষম হৈছিল। ইতিমধ্যে শেহতীয়া ভাবে অভিযুক্ত ২৫ জন এ পি এছ চিয়ে নিৰ্বাচন কৰি নিযুক্তি দিয়া বিষয়াৰ ভিতৰত ছয়জন নগাঁৱৰ হোৱা ঘটনাই এই কথাক স্পষ্ট ৰূপত প্ৰমাণ কৰিছে। এই সকলৰ ভিতৰত এ চি এছ বিষয়া দেৱজিত বৰা,এ পি এছ বিষয়া চাবিৰা ইমৰান, দিলীপ কলিতা, যতিন্দ্ৰ প্ৰসাদ বৰুৱা, ৰুমী শ‌ইকীয়া আৰু কৰ অধীক্ষক সুনয়না আইদেও কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ আত্মীয় আৰু চাবিৰা ইমৰান ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ নাজনীন ফাৰুকৰ আত্মীয়। সুনয়নাৰ ঘৰ নগাঁও চহৰৰ আমোলাপট্টি আৰু চাবিৰা ইমৰানৰ ঘৰ নগাঁও চহৰৰ এম ডি ৰোডত। সুনয়না আইদেওয়ে নগাঁও আইন মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা অৱস্থাত অসৎ পন্থা অৱলম্বন কৰাৰ গুৰুতৰ অভিযোগ ইতিপূৰ্বে উঠিছে। আনহাতে নগাঁও চহৰৰ লাওখোৱা ৰোডৰ দেৱজিত বৰাই ধনৰ বিনিময়ত এ পি এচ চি চাকৰি পোৱাৰ অতি কম সময়ৰ ভিতৰতে বৃহৎ অট্টালিকা গঢ়ি তুলি চমক দিবলৈ সক্ষম হৈছিল। প্ৰেয়সীৰ জৰিয়তে এ প এচ চিৰ চাকৰি লোৱা দেৱজিত বৰাৰ আন কেতবোৰ কাহিনীও সকলোৰে মুখে মুখে। ধনৰ বিনিময়ত চাকৰি লোৱা নগাঁৱৰ আন কেইজন বিষয়া হ’ল- শেনচোৱাৰ দিলীপ কলিতা আমোলাপট্টিৰ যতিন্দ্ৰ প্ৰসাদ বৰুৱা আৰু পানীগাঁও চাৰিআলিৰ ৰুমী শ‌ইকীয়া। নিৰ্ভৰযোগ্য সুত্ৰটোৰ মতে, শ‌ইকীয়া উপাধিৰ ৰহস্যময়ী যুৱতী তথা বৰ্তমান কৰ অধীক্ষক হিচাপে কৰ্মৰত এই বিষয়া গৰাকীৰ জৰিয়তে নগাঁৱৰ এই সকলৰ লগতে আন একাংশক এপি এচ চিত চাকৰি দিবলৈ সক্ষম হৈছিল। এ পি এছ চিৰ সমগ্ৰ তদন্ত অব্যাহত ৰখা তদন্তকাৰী আৰক্ষীয়ে নগাঁৱৰ এই গৰাকী ৰহস্যময়ী যুৱতীক তদন্তৰ আওতালৈ আনিলে আৰু অধিক তথ্যৰ পোহৰলৈ অহাৰ সম্ভাবনা আছে। ইপিনে, নগাঁও বাসীক লজ্জানত কৰা এই ঘটনাক অসম এডভকেট ফৰাম, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নগাঁও জিলা সমিতি, নগাঁও জিলা আমছু, নগাঁও জিলা নাগৰিক ঐক্য মঞ্চকে ধৰি বিভিন্ন দল সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দুৰ্নীতিগ্ৰস্ত ৰাকেশ পালৰ আমোলত নিযুক্তি লাভ কৰা সকলো নিযুক্তি এই তদন্ত প্ৰক্ৰিয়াৰ আওতালৈ আনিবলৈ দাবী জনাইছে।

  

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here