Home মুখ্য পৃষ্ঠা চাৰি বছৰে  পৰিত্যক্ত  অৱস্থাত ২০লাখ টকাৰে নিৰ্মিত ঐতিহাসিক নেঘেৰটিঙ শিব দলৰ আৱাসিক...

চাৰি বছৰে  পৰিত্যক্ত  অৱস্থাত ২০লাখ টকাৰে নিৰ্মিত ঐতিহাসিক নেঘেৰটিঙ শিব দলৰ আৱাসিক ভৱন,

138
0
Website and Internet concept with news word on four paper post it isolated on white background.

চাৰি বছৰে  পৰিত্যক্ত  অৱস্থাত ২০লাখ টকাৰে নিৰ্মিত ঐতিহাসিক নেঘেৰটিঙ শিব দলৰ আৱাসিক ভৱন,

 কুম্ভ কৰ্ণ নিদ্ৰাত চৰকাৰ প্ৰশাসন 

দৈনন্দিন বাৰ্তা Live@ দেৰগাওঁ ২ জানুৱাৰী:
পৰ্য্যটনৰ  অন্যতম  আকৰ্ষনস্থলি  তথা   প্ৰচুৰ  সম্ভাৱনাসস্পন্ন  গোলাঘাট  জিলাৰ  দেৰগাঁৱৰ  ঐতিহাসিক  নেঘেৰিটিঙ  শিৱ  দলত  দীৰ্ঘদিনৰে  পৰা  বিভিন্ন  সমস্যাই  গা  কৰি  উঠিছে  যদিও  গুৰুত্ব  নাই  চৰকাৰৰ  |  বিশেষকৈ  খোৱাপানী  , প্ৰস্বাৱগাৰ  , শৌচাগাৰ ,জিৰনী  চৰা আদি  জ্বলন্ত  সমস্যাই  শিৱ  দলটোত  বিৰাজ  কৰি  থকাৰ  সময়তে  শেহতীয়াকৈ  দলৰ  চৌহদ  নিৰ্মান  কৰা  এটা  ভৱন  দীৰ্ঘদিন  মুকলি  নকৰাক  লৈ  ৰাইজৰ  মাজত  প্ৰতিক্ৰিয়াৰ  সৃষ্টি  হৈছে | এই  ক্ষেত্রত আজি  “দৈনন্দিন বাৰ্তাৰ” ৰ  দেৰগাওঁৰ সাংবাদিকে সমগ্ৰ  এলেকাটোত  পৰিভ্ৰমন  কৰি  ক্ষেত্রভিত্তিত  তদন্ত  কৰাত  বহুতো  ৰাজহুৱা  অভিযোগ  লাভ  কৰা  হয়  |  বিশেষকৈ  ২০১৩ -১৪  বৰ্ষতে  দেৰগাঁও  জিলা  পৰিষদৰ  পুঁজিৰ  পৰা  আৱন্টন  লাভ  কৰা  ২০  লাখ  টকা  ব্যয়সাপেক্ষে  নিৰ্মাণ  কৰা  এটা  আবাসিক  ভৱন  নিৰ্মানৰ  চাৰি  বছৰৰ  পাছতো  পৰিত্যক্ত  অৱস্থাতে  ক্ৰমাত  ধ্বংসৰ  মুখলৈ  গতি  কৰা  পৰিলক্ষিত  হৈছে |  উল্লেখ্য যে  কংগ্ৰেছৰ  কাৰ্যকালতে  আবাধ  দুৰ্নীতি -অনিয়মেৰে  দ’লৰ  চৌহদৰ  পৰা  তলৰ  স্থানত  নিৰ্মান  হোৱা  ভৱনটোৰ  নিৰ্মানৰ  বেলিকা  বহুটকা  আত্মসাত  কৰাৰো  আভিযোগ  উঠিছে  |  বিশেষকৈ  জিলা পৰিষদ সদস্য  ভবেন  গগৈৰ  আৰ্শিবাদপুষ্ট  ঠিকাদাৰৰ  হাতোৰাত  পৰি  নিৰ্মান  হোৱা  ভৱনটো  নিৰ্মান  সম্পূৰ্ন   হোৱা  চাৰি  বছৰৰ  পাছতো  কিয়  ৰাইজ  কিম্বা পৰ্যটকৰ  বাবে  মুকলি  কৰা  নহল  সকলোৰে  বাবে অতদিনে  ই  এক  নুবুজা সাথঁৰ হৈ  পৰিছে  | জানিবপৰামতে  শীতলপথাৰ  গাঁও  পঞ্চায়তৰ  বাবে আৱন্টিত  ভৱনটো  কৌশলেৰে  নেঘেৰিটিং  গাঁও  পঞ্চায়তত  নিৰ্মান  কৰি  আদ্যপি  মুকলি  কৰাৰ  ব্যৱস্থা  গ্ৰহন  কৰা  নহল  | জনামতে,  ভৱনটোৰ  চাৰিবেৰ  নিৰ্মান  কৰিবলৈ  পুনৰ  ১০  লাখ  টকা  প্ৰয়োজন  হোৱাৰ  অজুহাততে  অতদিনে  ভৱনটো  পৰিত্যক্ত  অৱস্থাতে  ৰাখিছে  | বৰ্তমান  হাবি  জংঘলেৰে  আৱৰি  ধৰি  ভৱনটো  ক্ৰমাত  নি:শেষ  কৰিব  বিচৰা  সময়তো  কিন্তু  কোনো  গুৰুত্ব  নাই  জনপ্ৰতিনিধি  কিম্বা  ৰাজ্য  চৰকাৰৰ  বিয়াগোম  পৰ্যটন  বিভাগৰ  | সেয়ে অঞ্চলত  ৰাইজে দীৰ্ঘদিন ধৰি অব্যহিত  অৱস্থাত  থকা  ভৱনটো  শীঘ্ৰে  ৰাইজৰ  বাবে  মুকলি  কৰিবৰ  বাবে  চৰকাৰৰ  প্ৰতি  আহ্বান জনাইছে, পিছে ৰাইজৰ আহ্বানক সচাঁকৈয়ে গুৰত্ব দিব নে চৰকাৰ প্ৰশাসনে ,

LEAVE A REPLY

Please enter your comment!
Please enter your name here