Home মুখ্য পৃষ্ঠা পুৰণিগুদাম অংগাভিনয়ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ প্ৰস্ততি

পুৰণিগুদাম অংগাভিনয়ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ প্ৰস্ততি

131
0

পুৰণিগুদাম অংগাভিনয়ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ প্ৰস্ততি:

 চামগুৰি, 3 জানুৱাৰী:–
নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ নৃত্যানুষ্ঠান “অংগাভিনয়”ৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে অহা চাৰি জানুৱাৰীত “নৃত্যৰ এনিশা” অনুষ্ঠান আয়োজনৰ প্ৰস্ততি চলিছে৷পুৰণিগুদাম ভবেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত সন্ধ্যা সাত বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া নৃত্যানুষ্ঠানত শিশু নাটক “মূৰ্খ ৰজাৰ বিচাৰ” আৰু “যোগাসন”ৰ অনুষ্ঠানো পৰিবেশন কৰা হ’ব৷ অংগাভিনয়ৰ প্ৰশিক্ষক বিনোদ ভূঞা আৰু বনশ্ৰী শৰ্মা কলিতাৰ পৰিচালনাত নৃত্যানুষ্ঠান, ৰবীন শইকীয়াৰ পৰিচালনাত নাটক “মূৰ্খ ৰজাৰ বিচাৰ” আৰু যুক্তা বৰাৰ পৰিচালনাত “যোগাসন” পৰিবেশন হ’ব বুলি অংগাভিনয়ৰ সঞ্চালক পল্লৱ কলিতাই জানিবলৈ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here