Home মুখ্য পৃষ্ঠা ডিপলোঙা নৈৰ পানীয়ে বছৰ‌‌ি বছৰি মাধমাৰ শোধাইছে বেজৰহোলাৰ কৃষকক

ডিপলোঙা নৈৰ পানীয়ে বছৰ‌‌ি বছৰি মাধমাৰ শোধাইছে বেজৰহোলাৰ কৃষকক

178
0

ডিপলোঙা নৈৰ পানীয়ে বছৰ‌‌ি বছৰি মাধমাৰ শোধাইছে বেজৰহোলাৰ কৃষকক

  • পুহৰ পথাৰত সেউজীয়া ৰচিছে দৰিদ্ৰ কৃষকে

দৈনন্দিন বাৰ্তাLive@,চতিয়া ৩ জানুৱাৰী : – ঘৰলৈ সোণগুটি চপাই কৃষক ৰাইজ এতিয়া জীৰণি লোৱাৰ সময়। কিন্তু এই সময়তে কৃষি পথাৰত ব্যস্ত হৈ সেউজীয়া সপোন ৰচিছে অবিভক্ত শোণিতপুৰ জিলাৰ নদুৱাৰ ৰাজহ চক্ৰৰ অৰ্ন্তগত বেজৰহোলা অঞ্চলৰ বহু সংখ্যক দৰিদ্ৰ কৃষকে। যাৰ বাবে এতিয়া দীৰ্ঘদিন বিৰতিৰ পিছত পুনৰ গৰু চৰা বাকৰিৰ পৰা কৃষিভূমিত পৰিনত হল বেজৰহোলাৰ কেইবাশহেক্টৰ কৃষিভূমি। উল্লেখযোগ্য যে, এই বৃহৎ পৰিমাণৰ ভূমিত পূৰ্বতে কৃষি কাৰ্য্য কৰা হৈছিল আৰু ইয়াত উৎপাদিত ধানেই আছিল বহু দৰিদ্ৰ কৃষকৰ উপাৰ্জনৰ অন্যতম পথ। কিন্তু দহ পোন্ধৰ বছৰৰ পূৰ্বৰে পৰা এই কৃষিভূমি পৰিণত হৈ আহিছে একমাত্ৰ গৰু চৰণীয়া পথাৰত। কিয়নো এই কৃষিভূমিৰ মাজেদি বৈ যোৱা ডিপলোঙা উপনৈ খনৰ গভীৰতা দিনকদিনে হ্ৰাস হৈ অহাৰ ফলত প্ৰতিটো বাৰিষাই গভীৰ পানীৰ মাজত আৱদ্ধ হৈ আহিছে কৃষিভূমি সমূহ আৰু এই বাবেই বাৰিষাৰ বতৰত কৃষি কাৰ্য্য কৰাৰ পৰা বছৰি বছৰি বঞ্চিত হৈ আহিছে কৃষক সকল। কিন্তু এইবেলি বেজৰহোলাৰ সেউজ সংঘ নামৰ ২০ জনীয়া আত্মসহায়ক গোটতোৰ তৎপৰতাত পুণৰ যেন এক আশাৰ ৰেঙনি আহিছে দৰিদ্ৰ কৃষকসকললৈ। গোটটোৱে এতিয়া দীৰ্ঘদিনে চইন পৰি ৰোৱা এই বৃহৎ কৃষিভূমিৰ প্ৰায় ৭০ বিঘা মাটি চহাই আৰম্ভ কৰিছে বড়ো ধানৰ খেতি। যত নিয়োগ কৰা হৈছে অঞ্চলটোৰ দৰিদ্ৰ কৃষক সকলকো। যাৰ বাবে এতিয়া বাৰিষাৰ কৃষি পথাৰত বিৰাজ  কৰা ব্যস্তভৰা ছবিখন  জিলিকি উঠিছে বেজৰহোলাৰ পথাৰত। উল্লেখ্য যে এই বৃহৎ পৰিমাণৰ ভূমি কৃষিৰ অনুপযোগী হোৱাৰ বাবেই অঞ্চলটোৰ বহু দৰিদ্ৰ কৃষকৰো অৱস্থা এতিয়া অতি শোচনীয় হৈ পৰিছে আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই আত্মসহায়ক গোটটোৱে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি সদৰি কৰিছে গোটটোৰ সদস্য পিংকু সন্দিকৈয়। লক্ষ্যণীয় বিষয় এই যে বেজৰহোলাৰ এই বৃহৎ পৰিমাণৰ কৃষিভূমিৰ বাবে অভিশপ্ত হোৱা ডিপলোঙা নৈৰ গভীৰতা বৃদ্ধি কৰিলেই বাৰিষা শালি খেতিৰ বাবেও উপযোগী হৈ পৰিব এই সমূহ কৃষি ভূমি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here