Home মুখ্য পৃষ্ঠা সাহিত্যচাৰ্য্য ছৈয়দ আব্দুল মালিকৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি কবি সন্মিলন...

সাহিত্যচাৰ্য্য ছৈয়দ আব্দুল মালিকৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি কবি সন্মিলন আয়োজন।

109
0

সাহিত্যচাৰ্য্য ছৈয়দ আব্দুল মালিকৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি কবি সন্মিলন আয়োজন

দৈনন্দিন বাৰ্তা Live@দেৰগাঁৱ ৪ জানুৱাৰী:
অসম সাহিত্য সভাৰ  প্ৰাক্তন  সভাপতি, কথা – শিল্পী  দেৰগাঁৱৰ  নাহৰনিৰ  মাজগাঁৱত  জন্মগ্ৰহন  কৰা    বিশিষ্ট  সাহিত্যিক   ছৈয়দ আব্দুল মালিকৰ জন্ম শতবৰ্ষ  অনুষ্ঠান  ভাগ  আহা ২০ আৰু  ২১  জানুৱাৰীত  দুদিনীয়া  এক  বিস্তৃত কাৰ্যসুচীৰে দেৰগাঁৱৰ নাহৰণিৰ মাজগাঁৱত   অসম সাহিত্য সভাৰ কেন্দ্রীয়  সমিতিৰ সহযোগত  , মাজগাঁও  শিক্ষা সংস্কৃতি উন্নয়ন সমিতি  উদ্যোগত অনুষ্ঠিত কৰিবলৈ  লৈ  পূৰ্ণ  প্ৰস্তুতি  আব্যাহত  ৰখা  হৈছে  |  আদৰণি সমিতিৰ বিষয়ববীয়া সকলে জনোৱা মতে  সাহিত্য  সভাৰ  গোলাঘাট জিলা সমিতি , দেৰগাওঁ, কুৱালগুৰি, নাহৰণি, মিছামৰা, বাতিপৰীয়া, দেৰগাঁও পূৰ্বাঞ্চলিক শাখা সাহিত্য সভাৰ সহযোগত   অনুষ্ঠিত  হব  লগা  জন্ম  শতবৰ্ষৰ  সৈতে  সংগতি  ৰাখি  কাকডোঙাৰ  নিকটৱৰ্তী  হাতিয়াখোৱাৰ  বিষ্ণু  জ্যোতি  বিদ্যাপীঠত  অহা  ১৬  জানুৱাৰীত  এক  কবি  সন্মিলনৰ  আয়োজন  কৰা  হৈছে  বুলি  প্ৰচাৰ  বিভাগৰ  আহ্বায়ক  বিশ্বজিত  চেতিয়াই  জনাইছে  |  বৰ্তমান  পূৰ্ণ গতিত শতবৰ্ষ অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে |   এই  কবি  সন্মিলনত  অসমৰ  বহুকেইজন  বিশিষ্ট  কবিয়ে অংশ  গ্ৰহন  কৰিব  বুলি  উদযাপন  সমিতিৰ  হৈ  সভাপতি  কৌস্তুভমণি  হাজৰিকা  আৰু  সম্পাদক  ৱাজিৰ  আহমেদে  জনাই   উক্ত  দিনা  সকলোৰে  সহযোগিতা  কামনা  কৰিছে  |  উল্লেখ্য  যে   অলপতে   দেৰগাঁৱত উপস্থিত হৈ  সাহিত্য সভাৰ  নৱ  নিৰ্বাচিত  সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে  আদৰণি সমিতিৰ বিষয়ববীয়াৰ  লগত দেৰগাঁৱত এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰি শতবৰ্ষ  অনুষ্ঠানৰ অগ্ৰগতিৰ সম্পৰ্কত উদ্যোগতা  সকলৰ  সৈতে  আলোচনা  মিলিত  হৈছিল  |

LEAVE A REPLY

Please enter your comment!
Please enter your name here