Home মুখ্য পৃষ্ঠা বকোৰ ৰঙাপানীৰ দলৱদ্ধ ধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা ছাত্ৰীৰ পৰিয়ালে ২১ দিনৰ...

বকোৰ ৰঙাপানীৰ দলৱদ্ধ ধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা ছাত্ৰীৰ পৰিয়ালে ২১ দিনৰ পিছতো নাপালে ন্যায়

116
0

বকোৰ ৰঙাপানীৰ দলৱদ্ধ ধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা ছাত্ৰীৰ পৰিয়ালে ২১ দিনৰ পিছতো নাপালে ন্যায়

  • আৰক্ষীৰ অকৰ্মণ্যতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ 
দৈনন্দিন বাৰ্তাLive@(মিজানুৰ ৰহমান)নগৰবেৰা,  ৪ জানুৱাৰী : কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত  ৰাঙাপানীৰ গাঁৱত যোৱা ১৪ ডিচেম্বৰৰ নিশা সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক দলৱদ্ধ ভাৱে ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ ফলত মৃত্যু হৈছিল কিশোৰী গৰাকীৰ।হত্যা কাণ্ড সংঘটিত কৰাৰ ২১ দিন পিছতো আৰক্ষীয়ে প্ৰকৃত অপৰাধীক কৰায়াত্ব কৰিব নোৱাৰাৰ বাবেই আজি আমছু’য়ে এটি তীব্ৰ  প্ৰতিবাদী  কাৰ্যসূচী অনুষ্ঠিত কৰে । উল্লেখ্য যে যোৱা  ১৪ ডিচেম্বৰৰ নিশাৰ ঘটনা। এদল পাষণ্ডই ৰঙাপানীৰ এটি দৰিদ্ৰ পৰিয়ালৰ সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক দলৱদ্ধ ভাৱে ধৰ্ষণ কৰিছিল। ২৬ ডিচেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উন্নত চিকিৎসাৰ বাবে আই ছি ইউ ত ভৰ্তি কৰোৱা হৈছিল যদিও তাতেই মৃত্যু হৈছিল কিশোৰী গৰাকীৰ। এই জঘন্য ঘটনাৰ ২১ দিন পাৰ হৈ যোৱাৰ পিছতো সোণতলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে এজনো প্ৰকৃত অপৰাধীক। ইপিনে ঘটনাত জৰিত থকা সকলোক শীঘ্ৰে গ্ৰেপ্তাৰৰ আশ্বাস দিছিল অসম আৰক্ষীয়ে। কিন্তু আৰক্ষীৰ প্ৰতিশ্ৰুতি সকলো বুমেৰাং হল। আৰক্ষীৰ এনে ব্যৰ্থতাৰ বিৰুদ্ধে আজি  আমছুৱে সোণতলী আৰক্ষী থানা ঘেৰাও কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ খৱৰ পাই সংগঠণটোৰ এনে প্ৰতিবাদী কাৰ্যসূচী ব্যৰ্থ কৰিবলৈ বিভিন্ন প্ৰকাৰে ভয় ভাবুকি দিয়ে একাংশ লোকক। অন্তিম মুহূৰ্তত আমছুৱে এই কাৰ্যসূচী বাতিল কৰিলেও আৰক্ষীৰ বিৰুদ্ধে সহস্ৰাধিকে প্ৰতিবাদ সাব্যস্ত কৰে ৰঙাপানীত। সোণতলী টুপামাৰী পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। সকীয়াই দিয়ে আৰক্ষী প্ৰশাসনক। প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড, ফেষ্টুন, বেনাৰ আদি লৈ ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰক, অসম চৰকাৰ হায়! হায়, অসম পুলিচ হায় হায় ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here