Home মুখ্য পৃষ্ঠা মমতা বেনাৰ্জীৰ অসম বিৰোধী মন্তব্যত জাঙুৰ খাই উঠিল বাঙালী সংগঠন

মমতা বেনাৰ্জীৰ অসম বিৰোধী মন্তব্যত জাঙুৰ খাই উঠিল বাঙালী সংগঠন

115
0

শান্তি-সম্প্ৰীতি অটুট ৰখাৰ আহ্বান

মমতা বেনাৰ্জীৰ অসম বিৰোধী মন্তব্যত জাঙুৰ খাই উঠিল বাঙালী সংগঠন

দৈনন্দিন বাৰ্তাLive@(দীপজ্যোতি শইকীয়া)জিলা প্ৰতিনিধি,নগাঁও, ৪ জানুৱাৰী : পশ্চিম বঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এন আৰ চিৰ জৰিয়তে অসমৰ পৰা  ১.২৫ কোটি বঙালী লোকক খেদাৰ ষড়যন্ত্ৰ চলিছে বুলি কালি কৰা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন বঙালী সংগঠন। নগাঁও বাঙালী সন্মিলনীৰ সভাপতি ৰবিশংকৰ মজুমদাৰে আজি সংবাদ মাধ্যমৰ আগত কয় যে – অসমত অসমীয়া আৰু বাঙালী সকল দীৰ্ঘদিন ধৰি সমিল মিলেৰে বসবাস কৰি আহিছে। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মন্তব্য অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি মজুমদাৰে কয় – তেওঁ অসমত অসমীয়া বাঙালীৰ মাজত সংঘাত সৃষ্টি কৰাৰ লগতে সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে। মজুমদাৰে মমতাক সকিয়াই দি কয় যে- অসমৰ থকা  বাঙালী সকলৰ কাৰণে তেওঁ চিন্তা কৰাৰ প্ৰয়োজন নাই। অসমৰ বাঙালীৰ কাৰণে চিন্তা কৰিবলৈ অসম চৰকাৰ আৰু বৃহত্তৰ অসমীয়া জাতি আছে। সৰ্বোচ্চ ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এন আৰ চিৰ ওপৰত কোনো জ্ঞান নথকা মমতাই অদ্ভুট মন্তব্য কৰিছে। অসমত যাতে এন আৰ চি নহয়, তাৰ অভিসন্ধি কৰিছে মমতাই। তেওঁৰ এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে সজাগ থাকিবলৈ অসমৰ বাঙালী সম্প্ৰদায়ৰ লোক সকলক আহ্বান জনায়। যুৱ নেতা পিণ্টু দত্তই মমতা বেনাৰ্জীৰ মন্তব্যক তীব্ৰ গৰিহণা দি কয় – অসমৰ বাঙালী সকলৰ হকে মাত মতাৰ অধিকাৰ বেনাৰ্জীৰ নাই। এন আৰ চি হলে অসমত থকা হিন্দু বাঙালী সকল সুৰক্ষিত হ’ব। অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশী নাগৰিকে অসম ত্যাগ কৰিব লাগিব। এন আৰ চি হলে বিদেশী বা বাংলাদেশী সমস্যাৰ সমাধান হ’ব বুলি মন্তব্য কৰি তেওঁ কয় – মমতা বেনাৰ্জীয়ে হিন্দু বাঙালী আৰু মুছলমান বাঙালীৰ ভোট পাবৰ বাবেই এনে মন্তব্য কৰিছে। হয়বৰগাঁও বাঙালী পুজাবাৰী সমিতিৰ সভাপতি চিত্ত পালে কয় – মমতা বেনাৰ্জীৰ মন্তব্য গৰিহণাৰ যোগ্য আৰু অসম বিৰোধী। বৃহত্তৰ অসম বাঙালী উন্নয়ন সমিতিৰ সভাপতি অলক ঘোষ আৰু সাধাৰণ সম্পাদক সুৰেশ চৰকাৰে এক বিবৃতি যোগে পশ্চিম বঙ্গৰ মুখ্যমন্ত্ৰীৰ মন্তব্য অতি গৰিহণাৰ যোগ্য বুলি মন্তব্য কৰি কয় – ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’ব‌ই ,তাত কোনো সন্দেহ নাই। সমিতিৰ নেতাদ্বয়ে কয় – আমি অখণ্ড ভাৰতৰ নাগৰিক। আমি ভাৰতীয় নাগৰিকত্ব পোৱাৰ অধিকাৰ আছে। অসমত অসমীয়া আৰু বাঙালী সম্প্ৰদায়ৰ লোক অতিযৰে পৰা মিলিজুলি বসবাস কৰি আহিছে। আচলতে মমতাই এন আৰ চি সন্দৰ্ভত সাম্প্ৰদায়িক মন্তব্য কৰি অসমীয়া আৰু বাঙালীৰ মাজত থকা সাতাপুৰুষীয়া সম্পৰ্ক বিনষ্ট কৰি ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰিছে। ইয়াক আমি কেতিয়াও মানি নল‌ও। অসমত থকা বাঙালী সকলে অসমীয়া জাতিৰ হকে কাম কৰিব আৰু মাত মাতি যাব বুলি উল্লেখ কৰি কয় – আগন্তুক দিনত কোনো বহিৰাগত ৰাজনৈতিক নেতাই যাতে এনে ধৰণৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে উচটনিমুলক মন্তব্য নিদিয়ে তাৰ বাবে সকিয়াই দিয়ে। সংগঠনটোৱে সকলোকে শান্তি- সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায়। ইপিনে, নগাঁৱৰ এগৰাকী অন্যতম  সমাজকৰ্মী কাৰ্তিক সাহাই কয় – অসমৰ বায়ু-পানীৰ লগত বিলীন হৈ থকা বঙালী সম্প্ৰদায়ৰ লোকে কেতিয়াও আন ৰাজ্যৰ ৰাজনৈতিক নেতাৰ মন্তব্যক প্ৰশ্ৰয় নিদিয়ে। আমি অসম আৰু অসমীয়া বিৰোধী কোনো মন্তব্যক ভূল গৈ আমাৰ মাজত তাহানিৰে পৰা বৰ্তি থকা ঐক্য-সংহতিত বিশ্বাস কৰো আৰু কোনেও মমতাৰ এনে ধৰণৰ কথাত পতিয়ান যোৱা উচিত নহয় বুলি সাহাই মন্তব্য কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here