Home মুখ্য পৃষ্ঠা নগাঁও কলেজৰ এন এছ এছ গোটৰ উদ্যোগত ডিমৌত প্ৰাক্ গণতন্ত্ৰ দিৱস উদযাপন

নগাঁও কলেজৰ এন এছ এছ গোটৰ উদ্যোগত ডিমৌত প্ৰাক্ গণতন্ত্ৰ দিৱস উদযাপন

259
0

নগাঁও কলেজৰ এন এছ এছ গোটৰ উদ্যোগত ডিমৌত প্ৰাক্ গণতন্ত্ৰ দিৱস উদযাপন :

  • গণতন্ত্ৰ শক্তিশালী কৰাত নৱ প্ৰজন্মৰ দায়িত্ব অধিক : অধ্যাপক ডঃ চুতীয়া

দৈনন্দিন বাৰ্তা Live@   নগাঁও, ২৫ জানুৱাৰী : ৰাষ্ট্ৰীয় সেৱা যোজনা চমুকৈ এন এছ এছৰ নগাঁও কলেজ গোটৰ উদ্যোগত সাতদিনীয়া কাৰ্যসূচীৰে এখন শিবিৰ আজিৰে পৰা আৰম্ভ হয়। তদুপলক্ষে কলেজ প্ৰাংগণত অধ্যক্ষ ডঃ শৰৎ বৰকটকীৰ পৌৰহিত্যত  অনুষ্ঠিত উদ্ধোধনী সভাত এন এছ এছৰ সমন্বয়ক ড: ভূবন চুতীয়া, অধ্যাপক ক্ৰমে ডঃ দিলীপ শৰ্মা, ডঃ ৰঞ্জিত কুমাৰ মজিন্দাৰ, বিশ্বজিৎ ভূঞাৰ লগতে অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। এই সভাত নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ বিষয়া ধনঞ্জয় তালুকদাৰে অংশ লৈ এন এছ এছৰ কৰ্মী তথা ছাত্ৰ-ছাত্ৰী সকলক নিস্বাৰ্থ ভাৱে সামাজিক কাম-কাজত নিয়োজিত হ’বলৈ আহ্বান জনায়। পিছত, ৩১ জানুৱাৰীলৈ চলিব লগা শিবিৰখনৰ অংশ হিচাপে এন এছ এছৰ কলেজ গোটৰ সমন্বয়ক ড: ভুবন চুতীয়া আৰু উপদেষ্টা অধ্যাপক ডঃ লক্ষ্যজ্যোতি বৰঠাকুৰৰ নেতৃত্বত এটা ৩০জনীয়া দল কলেজখনে আদৰ্শ গাওঁ হিচাপে গঢ় তুলিব বিচৰা জিলাখনৰ ডিমৌ গাৱলৈ যায়। উল্লেখ যে, কলেজখনে ইতিমধ্যে এই গাওঁখনক তোলনীয়া গাওঁ হিচাপে বাচঁনি কৰিছে।  আজি এই গাওঁখনত এই দলটোৰ উপস্থিত হৈ স্থানীয় নিজ ডিমৌ প্ৰাথমিক বিদ্যালয় আৰু পণ্ডিত কমলাকান্ত বৰদলৈ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত “প্ৰাক গণতন্ত্ৰ দিৱস”-শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰে‌।  বিদ্যালয়দুখনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত সভাত অধ্যাপক ডঃ বৰঠাকুৰে গণতন্ত্ৰ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। অনুষ্ঠানত অধ্যাপক ডঃ ভুবন চুতীয়াই কয় – গণতন্ত্ৰ শক্তিশালী কৰাত নৱ প্ৰজন্ম তথা ছাত্ৰ- ছাত্ৰী সকল আগবাঢ়ি আহিব লাগিব। নৱপ্ৰজন্ম‌ই  গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব। শিবিৰখনৰ লগত সংগতি ৰাখি বিদ্যালয় দুখনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ছবি অঁকা প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে তেওঁলোকৰ দেশ প্ৰেমমূলক গীত আৰু নৃত্য প্ৰদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। উল্লেখ্য, ছাত্র-ছাত্ৰী সকলে সামাজিক কাম -কাজৰ জৰিয়তে সমাজ তথা দেশৰ সৰ্বাঙ্গীন বিকাশ সাধনত অৰিহণা যোগোৱাৰ উদ্দেশ্যে কলেজখনে গ্ৰহণ কৰা তোলনীয়া গাওঁখনতে অহা ৩১ জানুৱাৰীলৈ চলিব লগা শিবিৰৰ কাৰ্যসূচী অনুসৰি -স্বাস্থ্য পৰীক্ষা শিবিৰ, জনপ্ৰিয় আলোচনা চক্ৰ, বৃক্ষৰোপন, যোগ প্ৰশিক্ষণ শিবিৰ আদি আয়োজনৰ দিহা কৰা হৈছে।  

LEAVE A REPLY

Please enter your comment!
Please enter your name here