Home মুখ্য পৃষ্ঠা অ’ এন জি চিৰ তৈলক্ষেত্ৰ কামৰ নিবিদাত বিজেপি যুৱ মৰ্চাৰ ১০% চিণ্ডিকেট

অ’ এন জি চিৰ তৈলক্ষেত্ৰ কামৰ নিবিদাত বিজেপি যুৱ মৰ্চাৰ ১০% চিণ্ডিকেট

144
0

অ’ এন জি চিৰ তৈলক্ষেত্ৰ কামৰ নিবিদাত বিজেপি যুৱ মৰ্চাৰ ১০% চিণ্ডিকেট

  • মেনেজ সাংবাদিক সহ প্ৰশাসন
  • গেলেকীৰ মাতৃ কন্যা সহ এজনক মাৰপিট চিণ্ডিকেট গুণ্ডা বাহিনীৰ
দৈনন্দিন বাৰ্তা লাইভ@গেলেকীৰ পৰা ফাৰহাণ্ লস্কৰৰ ৰিপৰ্ট#প্ৰতিনিধি, গেলেকী, ২৫জানুৱাৰী: দেশৰ নৱৰত্ন উদ্যোগ হিচাপে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ চমুকৈ অ’ এন জি চিৰ (অসম সম্পদ)ত শিৱসাগৰ জিলা খনত দীৰ্ঘদিন ধৰি তৈলক্ষেত্ৰৰ কামৰ নিবিদাত ব্যাপক অনিয়ম হোৱাৰ অভিযুগ উত্থাপিত হৈ আহিছে | কেৱল সিমানেই নহ’য় ৰাজ্যৰ শাসনৰ দায়িত্ব লোৱাৰ আগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰ খনে সকলোবোৰ চেকগেট, চিণ্ডিকেট উঠাই দিয়া যেন ফুটুকাৰ ফেনত পৰিণত হ’ল | যাৰ বাবে এতিয়া শিৱসাগৰ জিলা খনত বিজেপি দলৰে দুজকৈ বিধায়ক লগত ঘনিষ্ঠ থকা যুৱ মৰ্চাৰ ব্যক্তিয়ে নিগমৰ কামত এখন কমিটি গঠন কৰি ১০% চিণ্ডিকেট লৈ তৈলক্ষেত্ৰৰ কাম দি আহিছে | মেনেজ কৰিব পৰা এই শক্তিশালী চিণ্ডিকেট বাহিনীৰ তলত মূৰ দুৱাই শিৱসাগৰ জিলা একাধিক মুনাফালোভী সাংবাদিকৰ লগতে জিলা আৰক্ষী প্ৰশাসনে | যাৰ বাবে যোৱা সময়ত শিৱসাগৰ জিলা সদৰ আৰক্ষী জালত পৰা কুখ্যাত তেল চোৰ এটাই জিলা দুজন সাংবাদিক সহ আৰক্ষী বিষয়াই কমিচনৰ অংকত কাম কৰা বুলি বিস্ফুৰক মন্তব্য ৰাখি যোৱা কেইদিন পাৰ নহওঁতেই পুনৰ সাংবাদিক সহ আৰক্ষীৰ বিৰুদ্ধে নিগমৰ নিবিদা চিণ্ডিকেট বাহিনীৰ হৈতে মেনেজ হোৱাৰ গুৰুত্বৰ অভিযুগ উত্থাপিত হৈ আহিছে | সামন্তৰাল ভাৱে ১০% চিণ্ডিকেট নিদিয়াকৈ যোৱা কালি ২৪জানুৱাৰীৰ দিনা তৈলক্ষেত্ৰ কামৰ নিবিদাৰ বাকচত আবেদন পেলাবলৈ যোৱা নাজিৰা মহকুমা সীমান্তৱৰ্তী গেলেকীৰ ৰীতা শইকীয়া নামৰ মহিলা গৰাকী সহ তেখেতৰ স্বামী নিপেন শইকীয়াক শিৱসাগৰ জিলা অ’ এন জি চিৰ তৈলক্ষেত্ৰ নিবিদাত চিণ্ডিকেট বহুৱা বিজেপি যুৱ মৰ্চাৰ এটা চিণ্ডিকেট বাহিনীয়ে মাৰপিট কৰাৰ গুৰুত্বৰ অভিযুগ উঠিছে | সম সাময়িক ভাৱে ঘটনাস্থলীত থকা লোক সকলৰ লগতে উপস্থিত নিগমৰ সুৰক্ষা বাহিনী সহ আৰক্ষীয়ে মহিলা সহ তেখেতৰ স্বামীক গুণ্ডা বাহিনীয়ে মাৰপিট কৰাৰ পাছতো উদ্ধাৰ নকৰা ঘটনাতো মানুহ হিচাপে গৰিহণা তুল্য | উল্লেখ্য যে মহিলা গৰাকীৰ কন্যা সেই সময়তে ঘটনাস্থলীত উপস্থিত থকা প্ৰাক্ ক্ষণত ভুক্তভূগী পিতৃ আৰু মাতৃক উদ্ধাৰ কৰিবলৈ গৈ চিণ্ডিকেট গুণ্ডা বাহিনীৰ কৱলৰ পৰা কথমপি ৰক্ষা পৰে কন্যা তথা যুৱতী গৰাকী | অৱশেষত চিণ্ডিকেট গুণ্ডা বাহিনীৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে | ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভূগীয়ে কেওজন অভিযুক্তকেই চিনাক্ত কৰিছে | অভিযুক্ত কেইজন ক্ৰমে ময়ূৰ গোঁহাই, নাজিৰাৰ আদিত্য দুৱৰা, অপূৰ্ব বৰা, ৰূপজ্যোত লাহন, পুস্প বৰা, বিনোদ শইকীয়া, নাজিৰা ন মাটিৰ মহম্মদ আলিয়ে আক্ৰমণ চলাই | শিৱসাগৰ জিলা সদৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত ভুক্তভূগীয়ে এখন এজাহাৰ দাখিল কৰিছে | অনাগত দিনত শিৱসাগৰ জিলা খনত অ’ এন জি চিক লৈ গঢ়ি উঠা এই চিণ্ডিকেট গুণ্ডা বাহিনীটোক ৰাজ্যৰ শাসনাধীস্ত চৰকাৰ খনে কেনেকৈ দমন কৰে | সেইটো অতিকৈ লক্ষ্যনীয় হ’ব |

LEAVE A REPLY

Please enter your comment!
Please enter your name here