Home মুখ্য পৃষ্ঠা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জামুগুৰি অাঞ্চলিক কমিটি গঠন

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জামুগুৰি অাঞ্চলিক কমিটি গঠন

108
0

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জামুগুৰি অাঞ্চলিক কমিটি গঠন

_দুই বিষয়ববীয়া নিলম্বনৰ পাছত ভংগ হৈছিল জামুগুৰি অাঞ্চলিক সমিতিখন

দৈনন্দিন বাৰ্তা live   :জামুগুৰিহাট , ২৫ জানুৱাৰী :  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জামুগুৰি অাঞ্চলিক সমিতিৰ দুই বিষয় ববীয়া সভাপতি অনিল বৰা , সম্পাদক তপন ডেকাক যুৱ ছাত্ৰ পৰিষদৰ সংবিধান অৱমাননা কৰাৰ অভিযোগত বিগত বৰ্ষৰ শেষৰ ফালে নিলম্বিত কৰাৰ পৰৱৰ্ত্তী পৰ্য্যায়ত এখন সাতজনীয়া আহ্বায়ক সমিতি গঠন কৰা হয় । এই কমিতি খনৰ অাহ্বান ক্ৰমে অাজি জামুগুৰিহাটৰ অভিযাত্ৰী কলা কেন্দ্ৰত দিনৰ ১১ বজাত পাঁচটা শাখাৰ দুই শতাধিক প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হয় এখন প্ৰতিনিধি মুলক সভা । তেজপুৰ জিলা সমিতিৰ উপদেষ্টা তথা কেন্দ্ৰীয় কমিটিৰ কাৰ্য্যনিবাহক সদস্য কেশৱ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখন উদ্ধোধন কৰে তেজপুৰ জিলা সমিতিৰ সভাপতি ৰাজেন বৰাই । তেজপুৰ জিলা সমিতিৰ সাধাৰন সম্পাদক নৃপেন নাথ পৰ্য্যবেক্ষক হিচাপে উপস্থিত থকা সভাখনত জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ জামুগুৰি অাঞ্চলিক সমিতি খন পুৰ্নাংগ ৰূপত গঠন কৰা হয় । প্ৰতিনিধি সভাত প্ৰকাশ শইকীয়া সভাপতি , সঞ্জিৱ দাস , গুলজাৰ অালী উপসভাপতি ,  সাধাৰন সম্পাদক প্ৰাঞ্জল বৰা , সহকাৰী যুতীয়া সম্পাদক ক্ৰমে প্ৰসন্ন দাস , অচ্যুত বৰা , সাংগঠনিক সম্পাদক ৭ জন সাংস্কৃতিক সম্পাদক তিনি জন , বিত্তীয় সম্পাদক তিনি জন , কাৰ্য্যনিৰ্বাহক সদস্য ৮ জন , অাৰু উপদেষ্টা ৫ জনক লৈ এখন শক্তিশালী  যুৱ ছাত্ৰ পৰিষদৰ জামুগুৰি অাঞ্চলিক সমিতি গঠন কৰাৰ কথা এক প্ৰেছ বিজ্ঞপ্তি যোগে যুৱ ছাত্ৰ পৰিষদৰ মুখ্য অাহ্বায়ক প্ৰকাশ শইকীয়াই জনায় । উল্লেখ্য যে অাজি প্ৰতিনিধি মুলক সভাখনত উদ্দেশ্য লক্ষ্যৰ বিষয়ে অাঁতধৰে ৭ জনীয়া অাহ্বায়ক কমিতিৰ মুখ্য অাহ্বায়ক প্ৰকাশ শইকীয়াই ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here