Home মুখ্য পৃষ্ঠা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক মিছলীয়া প্ৰধানমন্ত্ৰীৰ অাখ্যা– ৰিপুন বৰাৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক মিছলীয়া প্ৰধানমন্ত্ৰীৰ অাখ্যা– ৰিপুন বৰাৰ

211
0

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক মিছলীয়া প্ৰধানমন্ত্ৰীৰ অাখ্যা— ৰিপুন বৰাৰ

চতিয়াত কংগ্ৰেছৰ বিশাল জনসভাত কেইবা শতাধিক বিজেপি , অগপ , চি পি অাই (এম ) এ অাই এ ইউ ডি এফৰ সদস্যৰ যোগদান

দৈনন্দিন বাৰ্তা Live,@, জামুগুৰিহাট , ২৫ জানুৱাৰী :    “কংগ্ৰেছ দ’ল দুখীয়া দৰিদ্ৰৰ দ’ল । কংগ্ৰেছ দ’লে গনতন্ত্ৰক বিশ্বাস কৰে , কংগ্ৰেছৰ ১২০ বছৰীয়া ইতিহাস অাছে । ইয়াৰ বিপৰীতে বিজেপি দ’ল হৈছে ধনীক শ্ৰেনীৰ পুঁঁজি পতিৰ দ’ল । দুখীয়াৰ ধন কাঢ়ি পুঁজিপতিৰ ভৰাল টনকিয়াল কৰে এই দ’লে । বিজেপি দলত গনতন্ত্ৰ নাই । এই দ’লে কেৱল মিছা কথাৰে ৰাইজক অাভুৱা ভাৰি ক্ষমতা দখল কৰিব বিছাৰে । বিশ্বৰ ভিতৰত মিছলীয়া প্ৰধান মন্ত্ৰী হিচাপে স্থান দখল কৰিবলৈ সক্ষম হোৱা নৰেন্দ্ৰ মোদীয়ে বিদেশত থকা কলা ধন অানি প্ৰত্যেকজন ব্যক্তিৰ একাউন্টত ১৫ লাখকৈ টকা জমা কৰাব বুলি যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হ’ল ।” এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ । অাজি নদুৱাৰ ব্লক কংগ্ৰেছৰ অাহ্বানত জামুগুৰিহাটৰ বাপুজী ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কংগ্ৰেছ দ’লৰ বিশাল কৰ্মী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে তীব্ৰ বাক্য বানেৰে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে ক্ষোভ উজাৰে । কংগ্ৰেছ দ’লৰ সভাপতি গৰাকীয়ে বিজেপি দলক তীব্ৰ সমালোচনা কৰি কয় যে বিজেপি দলে দুখীয়া দৰিদ্ৰৰ বাবে যুগুতোৱা ১২০ খন কল্যাণকামী আঁচনি ইতিমধ্যে বন্ধ কৰি দুখীয়াক ৰামটাঙোন সোধাইছে । মুল্য বৃদ্ধিয়ে ৰাইজক কোঙা কৰি পেলাইছে । নিৰ্বাচনৰ পুৰ্বে পৰিবৰ্ত্তনৰ নামত বিজেপি দ’লে যি প্ৰতিশ্ৰুতি দিছিল বাস্তৱ ক্ষেত্ৰত পৰিবৰ্ত্তন একোৱেই নহ’ল । ইয়াৰ বিপৰীতে নাগৰিকত্ব অাইন সংশোধন কৰি হিন্দু বাংলাদেশীক অসমত অানি সংস্থাপন দিবলৈ তৎপৰ হৈ পৰিছে । কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে   সৌচ্ছাৰ    হৈ ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী মোদিক হিটলাৰ লগত তুলনা কৰি তেওঁ ভাৰত বৰ্ষত হিটলাৰী শাসন চলোৱা বুলিও অভিহিত কৰে । সভাপতি গৰাকীয়ে কেন্দ্ৰৰ চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম্মা তথা চতিয়া সমষ্টিৰ বিধায়ক গৰাকীৰ ওপৰতো খৰ্গহস্ত হৈ চতিয়াৰ কংগ্ৰেছ কৰ্মীক ভয় ভিত্তি প্ৰদৰ্শন কৰাৰ গুৰুত্ব অভিযোগ অানে । নদুৱাৰ ব্লক কংগ্ৰেছৰ সভানেত্ৰী গিতালী ভট্ৰৰাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ কৰ্মী সভাত কেইবা শতাধিক অগপ , বিজেপি , চি পি অাই এম দলৰ সদস্যই অানুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান কৰে । অন্য দলৰ পৰা কংগ্ৰেছদলত যোগদান কাৰীক একোখনকৈ ফুলাম গামোচাৰে কংগ্ৰেছ দ’ললৈ আদৰনি জনায় । নদুৱাৰ ব্লক কংগ্ৰেছে অায়োজন কৰা এই বিশাল কৰ্মী সভাত শোণিতপুৰ জিলাৰ কংগ্ৰেছৰ সভাপতি , ভীমানন্দ্ৰ তাঁতি বিশ্বনাথ জিলাৰ সভাপতি দিলীপ বৰুৱা , প্ৰদেশ কংগ্ৰেছৰ সাধাৰন সম্পাদক তথা মুখপাত্ৰ অপুৰ্ব কুমাৰ ভট্ৰাচাৰ্য্য , চতিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰানেশ্বৰ বসুমতাৰী , প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰেমলাল গঞ্জু , প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱা , সম্পাদক ক্ৰমে দিগন্ত বৰ্মন , গজেন্দ্ৰ উপমান্য , ধীৰেন তিৰ্কী , প্ৰমুখ্যে জিলা কংগ্ৰেছৰ বিষয়ববীয়া , এন এছ ইউ অাই , সেৱা দ’ল , যুৱ কংগ্ৰেছ , মহিলা কংগ্ৰেছৰ নেতৃবৃন্দ উপস্থিত অাছিল । সভাত চি পি অাই ( এম) ৰ ৰাজ্যিক সম্পাদক তথা সভাত অানুষ্ঠানিক ভাৱে যোগদান কৰা কৃষক নেতা ক্ষেম ৰাজ ছেত্ৰী , অপুৰ্ব ভট্ৰচাৰ্য্য , দীপক বৰুৱা , প্ৰানেশ্বৰ বসুমতাৰীয়েও ভাষন প্ৰদান কৰি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ কাম কাজক তীব্ৰ কটাক্ষ কৰে । উল্লেখ্য যে  দীৰ্ঘ বিৰতিৰ পাছত চতিয়াৰ কংগ্ৰেছ দ’লে অায়োজন কৰা এই বিশাল জন সভাই অনাগত দিনত কংগ্ৰেছ দলক কিমান সাৰ পানী যোগাব সেইয়া সময়ত লক্ষনীয় হব । 

LEAVE A REPLY

Please enter your comment!
Please enter your name here