Home মুখ্য পৃষ্ঠা ৰূপহীত ২৯ জানুৱাৰী পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজাব বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ...

ৰূপহীত ২৯ জানুৱাৰী পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজাব বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে

252
0
ৰূপহীত ২৯ জানুৱাৰী পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজাব বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে
  • ৰূপহীহাটৰ পৰা কংগ্ৰেছ মুক্ত কৰাৰ সংকল্প কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াৰ
দৈনন্দিন বাৰ্তা Live@ জহিৰুল ইছলাম-ৰূপহীহাট-২৭ জানুৱাৰীঃ নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত ৰূপহী ভকতগাৱত অহা ২৯ জানুৱাৰীত বিজেপি দলৰ এক বিশাল সভাৰ আযোজন কৰিছে ৷আগন্তক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্যৰাখি এই বিশাল সভাৰ আযোজন কৰিছে বুলি জানিব পৰা গৈছে ৷উক্ত সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকি পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজাব ৷সভাখন সাফল্যমণ্ডিত কৰিবলৈ কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া,সাধাৰন সম্পাদক বিৰাজ কুমাৰ নন্দি,সম্পাদক প্ৰাণজিৎত বৰা,কোষাধক্ষ্য ঞ্জানদীপ মহন্ত,বিজেপিৰ অসম সংখ্যালঘু মৰ্চাৰ সম্পাদক গুলজাৰ হুছেইন আৰু পৱিত্ৰ ওজা সদলবলে দলীয় নেতা-কৰ্মী লগত লৈ আজি সভাস্থলীৰ বুজ লয় ৷বিজেপিৰ এই সভাখন সাফল্যমণ্ডিত কৰিবলৈ সকলো দলীয় নেতা-কৰ্মীক কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াই আহ্বান জনাইছে ৷অনিল শইকীয়াই সাংবাদিকৰ লগত হোৱা এক বাৰ্তালাপত কয় যে কেন্দ্ৰত নৰেন্দ্ৰ মোডী আমাৰ চৰকাৰে যি ভাৰতৰ পৰা কংগ্ৰেছ মুক্ত কৰিবৰ পদক্ষেপ লৈছে আমিও তাৰ অংশ হিচাপে ৰূপহীহাটৰ পৰা কংগ্ৰেছ মুক্ত কৰিবলৈ উক্ত সভাৰ পৰা অভিযান চলাব বুলি সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here