Home মুখ্য পৃষ্ঠা মুৰফুলনিত “বন্ধু”ৰ উদ্যোগত ব্যতিক্ৰমীভাৱে ৬৯তম গণতন্ত্ৰ দিৱস উদযাপন

মুৰফুলনিত “বন্ধু”ৰ উদ্যোগত ব্যতিক্ৰমীভাৱে ৬৯তম গণতন্ত্ৰ দিৱস উদযাপন

126
0

মুৰফুলনিত “বন্ধু”ৰ উদ্যোগত ব্যতিক্ৰমীভাৱে ৬৯তম গণতন্ত্ৰ দিৱস উদযাপন

দৈনন্দিন বাৰ্তা Live@ মুৰফুলনি, ২৬জানুৱাৰী : গোলাঘাট জিলাৰ মৰঙি মৌজাৰ অন্তৰ্গত মুৰফুলনিত আজি “বন্ধু” নামৰ এটি স্বেচ্ছাসেৱী সংস্থাই ব্যতিক্ৰমী ভাৱে ৬৯ তম গণতন্ত্ৰ দিৱস উদযাপন কৰে । “বন্ধু”ৰ উদ্যোগত আজি বৃক্ষৰোপন কৰে ।ফলঙনিৰ দহজন যুৱকে গঠন কৰা এই স্বেচ্ছাসেৱী সংস্থাটোৱে আজি ফলঙনি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত বৃক্ষৰোপন কৰ ।তেওঁলোকে যোৱা ১৫ জানুৱাৰীৰ পৰা এই প্ৰদক্ষেপ হাতত লৈছে ।যিহেতু বৰ্তমান বায়ু প্ৰদূষণৰ ফলত বিভিন্ন দুৰাৰোগ্য ৰোগ উদ্ভৱ হৈছে ।যিহেতু উদ্যোগীকৰণৰ যুগ । উদ্যোগ স্থাপন হব ।উদ্যোগ নাথাকিলে সংস্থাপন নহলে দেশৰ আৰ্থিক অৱস্থা তথা আন দেশৰ লগত সমানে বিকাশ নহব ।বৰ্তমান অসম তথা ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ জ্বলন্ত সমস্যা হৈছে নিবনুৱা সমস্যা ।নিবনুৱা সমস্যা সমাধানৰ বাবে উদ্যোগ স্থাপন হব লাগিব । কিন্তু উদ্যোগ স্থাপন হলে বায়ু প্ৰদূষণ হব ।বৃক্ষৰোপনৰ দ্বাৰা প্ৰদূষণ অলপ হলেও ৰোধ হব ।সেয়ে প্ৰতিমাহৰ ৪টা দিনত সংস্থাটোৱে বৃক্ষৰোপন কৰি যাব ।গছপুলি খিনি জীয়াই ৰাখিবৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিব ।আজি বৃক্ষৰোপন স্থলীৰ পৰাই সকলোৱে বেছি নোৱাৰিলেও প্ৰতি মাহে দুটা গছপুলি ৰোপণ কৰি আমাৰ ভৱিষ্যত প্ৰজন্মক জীয়াই থাকিবৰ বাবে ভৱিষ্যত প্ৰজন্মই বিশুদ্ধ বায়ু পাবৰ বাবে এক সুস্থিৰ সেউজ পৰিৱেশ গঢ়ি তুলিবৰ বাবে অসমবাসীক আহ্বান জনাইছে “বন্ধু”ৰ সভাপতি প্ৰশান্ত শইকীয়া আৰু প্ৰধান সচিব ভৰত দাসে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here