Home মুখ্য পৃষ্ঠা সোণতলীত তীব্ৰবেগী এল্টোৰ খুন্দাত নিহত শিশু

সোণতলীত তীব্ৰবেগী এল্টোৰ খুন্দাত নিহত শিশু

226
0

সোণতলীত তীব্ৰবেগী এল্টোৰ খুন্দাত নিহত শিশু

দৈনন্দিন বাৰ্তা Live@ সোণতলীৰ পৰা ৰেজাউল কবিৰ, ২৮ জানুৱাৰীঃ দক্ষিণ কামৰূপৰ ছয়গাঁৱ সমষ্টিৰ কান্দুলীমাৰীত আজি দুপৰীয়া সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী এল্টোৰ খুন্দাত নিহত হয় এটি পাঁচ বছৰীয়া শিশু ৷ প্ৰাপ্ত বাতৰি মতে, বকো সমষ্টিৰ সোণতলীৰ উত্তৰ শেলেসুঁতি গাঁওনিবাসী ছাইদুৰ ৰহমানৰ কন্যা শ্বাহিনা আখতাৰে সোণতলী-ছমৰীয়া গড়কাপ্টানি পথৰ কান্দুলিমাৰীত শিশুটিয়ে ৰাস্তা পাৰ হ’ব লওতে পাছফালৰ পৰা অহা AS 01 BR 3147 এল্টো মাৰুতি গাড়ীখনে কান্দুলিমাৰীস্থিত গড়কাপ্টানি পথত শিশুটিক খুন্দা মাৰে ৷ লগে লগে শিশুটি ৰক্তাত্ব হৈ পৰে ৷ স্থানীয় ৰাইজে শিশুটিক উদ্ধাৰ কৰি গৰৈমাৰী সামহিক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীসহ চালক হানিফ আলীক গ্ৰেপ্তাৰ কৰাৰ লগতে জোৰশিমূলী আৰক্ষীয়ে শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here