Home মুখ্য পৃষ্ঠা প্ৰগতিশীল সাহিত্য পৰিষদৰ অনন্যৰূপে গণৰাজ্য দিৱস উদযাপন- বৃক্ষৰোপন-কবিতা পাঠ-’প্ৰগতি’ গ্ৰন্থ উন্মোচন-

প্ৰগতিশীল সাহিত্য পৰিষদৰ অনন্যৰূপে গণৰাজ্য দিৱস উদযাপন- বৃক্ষৰোপন-কবিতা পাঠ-’প্ৰগতি’ গ্ৰন্থ উন্মোচন-

197
0

প্ৰগতিশীল সাহিত্য পৰিষদৰ অনন্যৰূপে গণৰাজ্য দিৱস উদযাপন-

বৃক্ষৰোপন-কবিতা পাঠ-’প্ৰগতি’ গ্ৰন্থ উন্মোচন-

দৈনন্দিন বাৰ্তা Live@ছাহেদ আলী আহমেদ ¸ হাউলী  ¸ ২৮ জানুৱাৰী : যতিগাওঁ বৰপেটাৰ মুখ্য কাৰ্যালয়ৰে পৰিচালিত প্ৰগতিশীল সাহিত্য পৰিষদ¸  অসমে অনন্যৰূপ কাৰ্যসূচীৰে পালন কৰিলে ৬৯ তম গণৰাজ্য  দিৱস ।  পৰিষদৰ এক গুৰুত্বপূৰ্ণ সাধাৰণ সভাৰ সিন্ধান্তমতে গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি লোৱা কাৰ্যসূচী অনুসৰি পূৱা ছাফাই কাম পৰিচালনা কৰে মজিবৰ ৰহমান ¸ গোলাপ হুছেইন আৰু খোৰশ্বিদ আলমে।  পতাকা উত্তোলন কৰে পৰিষদৰ সভাপতি সাহিত্যিক আবুল হুছেইনে আৰু ছহিদ বেদীত পুষ্পাঞ্জলি শুভাৰম্ভ কৰে জমিৰ হুছেইন আৰু নুৰ হুছেইনে লগতে বৃক্ষৰোপন  কৰে স্থানীয় পঞ্চায়তৰ সভাপতি মহৰ খান আৰু অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল কাদেৰ আহমেদে । দুপৰীয়া পৰিষদৰ উপসভাপতি নুৰুল ইছলাম তালুকদাৰৰ সঞ্চালনাত স্বৰচিত আৰু স্বনিৰ্বাচিত  কবিতা পাঠ অনুষ্ঠানত অাক্ৰাম হুছেইন শিকদাৰ ¸ ছাইফুল ইছলাম ¸  ওমৰ ফাৰুক কিবৰিয়া ¸  নুৰ হুছেইন ¸ বিশ্ব বন্ধু দেৱান ¸ সমন্বয়ৰ বাট বিচৰা কবি ছাহেদ ছাহেদ আলী আহমেদ ¸ ৰুনিয়া  খাতুন ¸ নুৰুল হক ¸ নুৰুল ইছলাম ¸¸ নুৰ হুছেইন ¸ আাতিফা আকতাৰ ¸ জান্নাতি  খানমকে আদি কৰি বৰপেটা¸ নলবাৰী ¸ বঙাইগাঁও আৰু কামৰূপৰ দুকুৰি নবীন-প্ৰবীণ কবিয়ে লগতে কেইবাগৰাকী শিশুয়ে কবিতা পাঠ কৰি অনুষ্ঠানটোক জীপাল কৰি তোলাৰ লগতে সকলোকে আপ্লুত কৰে । আবেলি পৰিষদৰ সভাপতি আবুল  হুছেইনৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে প্ৰবীণ সাংবাদিক তথা সাহিত্যিক শিক্ষাৰত্ন অক্ষয় কুমাৰ মিশ্ৰ ¸ আমন্ত্ৰিত অতিথি হিচাপে কবি আক্ৰাম হুছেইন শিকদাৰ আৰু সাহিত্যিক আনোৱাৰ হুছেইনৰ লগতে স্থানীয় বহুকেইগৰাকী জ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে । অনষ্ঠানত সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই প্ৰগতিশীল পৰিষদৰ অন্যতম সম্পাক ছাহেদ আলী আহমেদে সম্পাদনা কৰা  তথা গণৰাজ্য দিৱস উপলক্ষে বিশেষ সংখ্যাৰূপে যুগুত কৰা ’ প্ৰগতি ’ নামৰ কাব্য  সংকলনখনৰ প্ৰথম সংখ্যা    উন্মোচন কৰি ভাষণ প্ৰসংগত কয় যে- কবিতা হৈছে মানুহৰ মনক অনন্যৰুপে দিব পৰা মানসিক খোৰাক । কবিতাই মানুহৰ হৃদয়ত পুঞ্জিভূত হৈ থকা সুখ-দুখৰ বহিৰ্প্ৰকাশ কৰি সৌন্দৰ্য আৰু মাদকতাৰ ৰূপ লয় ¸  সেয়েহে কবিতা অবিহনে সাহিত্যই পূৰ্ণৰূপ লব  নোৱাৰে । প্ৰগতিশীল পৰিষদৰ সম্পাদক ওমৰ ফাৰুক কিৱৰিয়া আৰু কাৰ্যালয় সম্পাদক  নুৰ হুছেইনে আতঁধৰা মুকলিসভাত শলাগৰ শৰাই যাঁচে প্ৰগতিৰ সম্পাদক ছাহেদ আলী আহমেদে । সন্ধিয়া প্ৰগতিশীলৰ উপ সভাপতি চান মামুদে বন্তিপ্ৰজ্জ্বলৰ অন্তত দিনযজোৰ  কাৰ্যসূচীৰ সামৰণি পৰে । স্থানীয় সৰ্বস্তৰৰ ৰাইজে সহযোগ কৰা অনুষ্ঠানটো সফলতাৰে  সম্পন্ন হোৱাত ৰাইজে গভীৰ সন্তোষ প্ৰকাশ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here