Home মুখ্য পৃষ্ঠা ঘিলাবাৰী জৰাজীৰ্ণ পশু চিকিৎসালয় মেৰামতি , শীঘ্ৰে চিকিৎসক – কৰ্মচাৰী নিয়োগৰ দাবী 

ঘিলাবাৰী জৰাজীৰ্ণ পশু চিকিৎসালয় মেৰামতি , শীঘ্ৰে চিকিৎসক – কৰ্মচাৰী নিয়োগৰ দাবী 

135
0
ঘিলাবাৰী জৰাজীৰ্ণ পশু চিকিৎসালয় মেৰামতি 
  •  চিকিৎসক – কৰ্মচাৰী নিয়োগৰ দাবী 
Dainandinbarta Liveনগৰবেৰা, ২৮ জানুৱাৰী :  কামৰূপ  জিলাৰ  বকো সমষ্টিৰ অন্তৰ্গত  ঘিলাবাড়ী পশু চিকিৎসায়ৰ জৰাজীৰ্ণ গৃহৰ পুতৌজনক অৱস্থাই বৃহত্তৰ অঞ্চলটোৰ  ৰাইজৰ মাজত ব্যাপক  প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে,  ৷ জানিব পৰা মতে সুদীৰ্ঘ   বিশ/ পচিশ বছৰৰে ধৰি   গোহালী সদৃশ   বন জংগলে আৱৰি  আছে চিকিৎসালয় খন ৷ দীৰ্ঘ দিন ধৰি মেৰামতিৰ অভাৱত  দৰজা খৰিকিতো দুৰৰ কথা, চালবিহীন গৃহ, ভিতৰৰ পৰা ওপৰলৈ চালে দেখা যায় মুক্ত আকাশ খন।সম্প্ৰতি চিকিৎসালয় খন ভূত বাংলাত   পৰিণত হৈছে ৷ বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজৰ সুবিধাৰ্থে পশু চিকিৎসালয় খন ১৯৮৫ চনত  নিৰ্মান কৰা হয় যদিও ৰাইজে আজিলৈকে চিকিৎসালয়খনত চিকিৎসকতো দূৰৰে কথা এজন কৰ্মচাৰীৰ মুখ দেখা নাপালে। অথচ কৃষি প্ৰধান অঞ্চলটোৰ  ৭০ শতাংশ লোক প্ৰত্যক্ষ নাইবা পৰোক্ষভাৱে  কৃষিজীৱি ৷কোনো এখন চৰকাৰ তথা জন প্ৰতিনিধিৰে  গুৰুত্ব নাই হাজাৰ; হাজাৰ জনসাধাৰণৰ বসতিপূৰ্ণ অঞ্চলটোৰ  পশুধনৰ চিকিৎসাৰ প্ৰতি ৷ৰাইজে পোৱা নাই পশু চিকিৎসা  সেৱাৰ সুফল । অথচ কাগজে-কলমে হ’লে ঠিক-ঠাক নাইবা  ,কাৰ্যক্ষেত্ৰত বিকাশৰ নামত অব্যাহত আছে লুণ্ঠন ৰাজ । বিগত কংগ্ৰেছ চৰকাৰৰ পোন্ধৰ বছৰীয়া শাসনৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই আজিও চিকিৎসালয় খন জৰাজীৰ্ণ পৰি আছে বুলি বুলি ৰাইজৰ মাজত অভিযোগ উত্থাপিত হৈছে ৷ ইফালে ৰাজ্য খনত আমূল  পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি  চৰকাৰ গঠন কৰা বি জে পি নেতৃত্বাধীন  সোণোৱাল চৰকাৰে আৰম্ভ কৰিছে চৰম ভেকোভাওনা ৷ ৰাইজে   পৰিৱৰ্তনকামী নতুন চৰকাৰৰ ওচৰত দাবী জনাইছে অতি শীঘ্ৰে পশু চিকাৎসালয়খন মেৰামতি  কৰি প্ৰয়োজনীয় কৰ্মচাৰী নিয়োগ কৰিবলৈ ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here