Home মুখ্য পৃষ্ঠা মানুহৰ মনবোৰ’

মানুহৰ মনবোৰ’

175
0

মানুহৰ মনবোৰ’

সকলোৱে জানে যে জীৱশ্ৰেষ্ঠ বুলি মানুহকেই কোৱা হয়। কিন্তু কেতিয়াবা কিছুমান মানুহৰ মনোভাৱ,কৰ্মই মানুহ নামৰ এই জীৱটোক পশুতকৈও অধম খাপত লৈ যায়। সাধাৰণতে আজি যি পৰিস্থিতিত, যি অসুবিধাত আমাৰ সমাজখন চলি আছে ইয়াৰ প্ৰধান কাৰণ হ’ল সমাজত বাস কৰা কিছুমান মানুহৰ মন আৰু কৰ্মবোৰ।এইক্ষেত্ৰত ব্যক্তিগত অনুভৱেৰে কিছুমান মানুহৰ পৰিচয় দিম বাৰু। মই লেখা-মেলা প্ৰায় অষ্টম শ্ৰেণীত পঢ়ি থাকোতেই আৰম্ভ কৰিছিলোঁ কিন্তু মই প্ৰচলিত কৰা নাছিলোঁ মানুহৰ মাজত মই যে লেখা-মেলাও কৰোঁ। থিক তেনেকৈ তিনি বছৰ আগতে কলেজৰ প্ৰাচীৰ পত্ৰিকা, বাৰ্ষিক মুখপত্ৰত লেখা-মেলা কৰিলোঁ।এনেকৈয়ে প্ৰথমতে মোক কলেজৰ কিছু ছাত্ৰ-ছাত্ৰী,ছাৰ-বাইদেউসকলে জনা হ’ল।ইয়াৰ পিছতেই  মই প্ৰথমবাৰৰ বাবে দৈনিক কাকতত লেখা-মেলা আৰম্ভ কৰিলোঁ। প্ৰথম লেখাটি মোৰ নিয়মীয়া বাৰ্তা বাতৰি কাকতত ফটো সহকাৰে প্ৰকাশ পাইছিল। মোৰ লেখা কাকতত পাই প্ৰথমে মোৰ ঠাইৰ মানুহবোৰে শুভেচ্ছা জনালে, আন দুজনকো দেখুৱালে মোৰ লেখাটিক। এনেকৈয়ে সময়বোৰ পাৰ হৈ গৈ থাকিল। মই লাহে-লাহে অসমৰ প্ৰায়ভাগ আগশাৰীৰ কাকততেই লেখা-মেলা কৰি থাকিলো আলোচনীতো লেখা-মেলা কৰি থাকিলো। ঠিক এবছৰ পাছতেই মোক কিছুমান মানুহে প্ৰশ্ন কৰা হ’ল যে মই লেখাৰ বিনিময়ত টকা-পইছা পাওঁনে। মই ক’লো মইটো টকা পাবৰ বাবে লেখা-মেলা নকৰোঁ; সমাজৰ হকে লিখো। তেতিয়া মোক কিছুমান মানুহে কিছুমান কথা ক’লে যাক শুনি মোৰ মনটোৱেই কিবা বেয়া লাগি গ’ল। মোক ক’লে বৰ্তমান সময়ত এনেই একো কাম কৰি লাভ নাই। টকা নাপালে এইবোৰ লিখি তই জীৱন চলিব নোৱাৰিবি; পেট নভৰিব তোৰ এইবিলাকত।ঠিক সেই সময়ত সেই মানুহবোৰৰ মনবোৰক পঢ়ি বহুতেই ধিক্কাৰ আহিছিল নিজৰ ওপৰত যে ক’ত যে বাস কৰি আছোঁ মই। আচলতে বহুত মানুহেই কেৱল টকাকহে চিনে বাকী একোকেই নিচিনে। মানুহৰ জীৱনত যে টকা-পইছাৰ বাহিৰেও এটা অইন জীৱন আছে বহুতেই নাজানে; জানিবও নিবিচাৰে।এদিন এজন ছাৰে মোক কৈছিল- “সঞ্জীৱ তুমি যি কৰি ভালপোৱা,যি কৰি সুখী হোৱা সেই কামেকেই কৰি যোৱা। হয়তো সেই কামত তোমাৰ উপাৰ্জন খুব কম হ’ব পাৰে; আলু পিতিকাৰে ভাত খাই সংসাৰ চলাব লগা হ’ব পাৰে কিন্তু তুমি তাতেই সুখ লাভ কৰিবা।” সঁচাকৈয়ে আচল সুখ মানুহে সেইটোতহে বিচাৰি পায় যিটো কাম কৰি মানুহে ভালপায়। কিন্তু বৰ্তমান সময়ত এইবোৰ কথা মূল্যহীন মানুহৰ মনত। মানুহে জানে মাথোঁ টকা ঘটিব।সমাজ বিষয়ত কথা ক’বলৈ গ’লে সমাজত নানান দূৰ্ঘটনা ঘটি থাকে। ইয়াৰ ওপৰত নানান জনে নানান অভিমত প্ৰকাশ কৰে। যেনে কোনোবা এজন ল’ৰাৰ কিবা দূৰ্ঘটনা ঘটিল। সেই দূৰ্ঘটনাটোক মানুহে লগ লাগি নানান কাৰণৰ সৃষ্টি কৰি পেলাই।কোনোবাই ক’ব ল’ৰাজনে নিছা কৰি আহিছিল,কোনোবাই ক’ব ল’ৰাজনে গাড়ী চলাব নাজানে।কিন্তু মানুহে এনকৈ খুব কম ভাগেই কয় যে অকস্মিকভাৱে দূৰ্ঘটনা হ’ল আৰু কিবাকৈ। সমাজত কিছুমান ভাল কাম কৰা মানুহো আছে যাক মানুহে লগ লাগিয়েই বেয়াৰ পথত লৈ আহে কিছুমান কৰ্মৰে,কিছুমান কথাৰে। এয়াই মানুহৰ মনোভাৱ,স্বভাৱ যাৰ কাৰণে কিছুমান মানুহে ভাল কামো শান্তিত কৰিব নোৱাৰে।বৰ্তমান সময়ত কোনোবাই যদি ৰাস্তাৰ কিনাৰত পৰিও থাকে বহুতে তাৰ ওচৰেৰেহে যাৱ কিন্তু সেই মানুহজনক কোনেও গুৰুত্ব নিদিয়ে কি হৈছে সেইজন লোকৰ। কোনোবাই হয়তো ফটো মাৰি ফেচবুকত আপলোড হে কৰিব পাৰিলে।ধনী লোকৰ কথাটো ক’বই নেলাগে।বেছিভাগ ধনী ঘৰৰ মানুহে দুখীয়াক দান দিবলৈ বহুত টান পায় কিন্তু এইপিনে নিজৰ সন্তানক দামি চকলেট এটা কিনি দিব পাৰে। আজি সৎ মনোভাৱেৰে কাম কৰা কিছুমান মানুহৰ ওপৰত কৰা বিতৰ্ককেই চকু ফুৰাওক। যিবোৰ মানুহে সমাজত মানুহৰ বাবে বহুতেই ভাল কাম কৰি আহিছে সেই কৰ্মবোৰকেই এচামে বিতৰ্কৰ মাধ্যমেৰে বেয়াৰ পিনে লৈ যায়। ইয়াৰ পৰা এটাই পৰিচয় পায় যে বৰ্তমান সময়ত ভাল মানুহ এজনক প্ৰথমে মানুহেই হত্যা কৰি দানৱলৈ পৰিৱৰ্তন কৰে; ভাল মানুহৰ স্থান নাই সমাজত।

▪সঞ্জীৱ সাগৰ দাস,ভৱানীপুৰ,বৰপেটা
ফোন:-8721957517

LEAVE A REPLY

Please enter your comment!
Please enter your name here