Home মুখ্য পৃষ্ঠা প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথৰ আধাৰশিলা মুকলি বিধায়ক সঞ্জয় কিশানৰ

প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথৰ আধাৰশিলা মুকলি বিধায়ক সঞ্জয় কিশানৰ

325
1

প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথৰ আধাৰশিলা মুকলি বিধায়ক সঞ্জয় কিশানৰ

দৈনন্দিন বাৰ্তা live@ তিনিচুকীয়া, ২৯ জানুৱাৰীঃ তিনিচুকীয়াত আজি বিধায়ক সঞ্জয় কিশানে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা আচনিৰ জৰিয়তে নিৰ্মাণ হব লগীয়া এটি পথৰ আধাৰশিলা মুকলি কৰে৷ তিনিচুকীয়াৰ শুকানী লাংকাচিৰ পৰা মহাকালি চাহ বাগিছাৰ ৩১৫ নং এন এল আৰ গ্ৰাণ্ট পথটি এই আচনিৰ জৰিয়তে নিৰ্মাণ হব৷ তিনি কিলোমিটাৰ দৈঘ্যৰ পথটি নিৰ্মাণৰ বাবে ১ কোটি ৮৫ লাখ টকাৰ অনুমোদন লাভ কৰিছে৷ আজি আধাৰশিলা মুকলি কৰি বিধায়ক গৰাকীয়ে বিভাগীয় ঠিকাদাৰ অভিযন্তাই যাতে লুণ্ঠনৰাজ চলাব নোৱাৰে তাৰ বাবে পথটি নিৰ্মাণৰ সময়ত স্থানীয় ৰাইজক চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনাই৷ ১৫ বছৰে কংগ্ৰেছৰ দখলত থকা আৰু কংগ্ৰেছী প্ৰাক্তন বিধায়ক গৰাকীয়ে লুটি পুতি খোৱা সমষ্ঠিটোক উন্নয়নৰ দিশে আগুৱাই নিবলৈ তেও সদায়ে বদ্ধপৰিকৰ আৰু এই ক্ষেত্ৰত তেও কেতিয়াও আপোচ নকৰে বুলি আজি আধাৰশিলা অনুষ্ঠানত বিধায়ক সঞ্জয় কিশানে মন্তব্য কৰে৷

1 COMMENT

  1. I simply want to mention I am just beginner to weblog and actually enjoyed this website. Most likely I’m going to bookmark your blog post . You amazingly have wonderful posts. Regards for sharing your website page.

LEAVE A REPLY

Please enter your comment!
Please enter your name here