Home মুখ্য পৃষ্ঠা ক্ষেত্ৰ প্ৰচাৰ সঞ্চালকালয়ৰ বিশেষ সজাগতা আভিযানত বিভিন্ন চৰকাৰী আচনিৰ সম্পকে সজাগতা আগবঢ়ালে...

ক্ষেত্ৰ প্ৰচাৰ সঞ্চালকালয়ৰ বিশেষ সজাগতা আভিযানত বিভিন্ন চৰকাৰী আচনিৰ সম্পকে সজাগতা আগবঢ়ালে বিধায়ক ৰূপক শৰ্মাই

95
0

ক্ষেত্ৰ প্ৰচাৰ সঞ্চালকালয়ৰ বিশেষ সজাগতা আভিযানত বিভিন্ন চৰকাৰী আচনিৰ সম্পকে সজাগতা আগবঢ়ালে বিধায়ক ৰূপক শৰ্মাই

নগাঁও-২৯,জানুৱাৰী:ভাৰত চৰকাৰৰ অধীনস্থ ক্ষেত্ৰ প্ৰচাৰ সঞ্চালকালয় নগাঁও আৰু ডিফু শাখাৰ উদ্যোগত কালি বিয়লি এক বিশেষ সজাগতা অভিযান কাৰ্যসূচী সম্পন্ন কৰা হয় নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খন্ডৰ অন্তৰ্গত ভকতগাও এম ই মাদ্ৰাছাৰ প্ৰাঙ্গনত।মুদ্ৰা যোজনা, উজ্বলা যোজনা ,বেটী বচাও বেটী পঢ়াও,গ্ৰামীণ বিদুৎতিকৰন যোজনা আৰু স্বচ্ছতা আভিযানক মূল বিষয়বস্তু হিচাপে লৈ অনুষ্ঠিত হোৱা সভাখনত নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,এ পি ডি চি এল নগাঁৱৰ সং মন্ডল বিষয়া  নিতুল কুমাৰ হালৈ,বেংক বিষয়া গৌৰাংগ চন্দ্ৰ দাস,জনস্বাস্হ্য কাৰিকৰী বিভাগৰ জিলা প্ৰতিনিধি ৰেকিবুদ্দিন আহমেদ,ভাৰত চৰকাৰৰ ক্ষেত্ৰ প্ৰচাৰ সঞ্চালকালয় অসম মন্ডলৰ সহকাৰী সঞ্চালক পল্লব চক্ৰৱৰ্তী উপস্থিত থাকে।ক্ষেত্ৰ প্ৰচাৰ সঞ্চালকালয়ৰ নগাও শাখাৰ বিষয়া বিকাশ ৰাজবংশীয়ে আত ধৰা সভাখনত মূল বিষয় বস্তুৰ লগত সংগতি ৰাখি কুইজ,চুটি নাটক আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়।ইফালে সভাত ভাষন প্ৰসংগত বিধায়ক ৰূপক শৰ্মাই চৰকাৰৰ উক্ত আচনি  সমূহৰ উপকাৰিতা আৰু আচনি সমূহ সাধাৰণ জনতায়ে ব্যৱহাৰ কৰি কিদৰে উপকৃত হব এই সম্পকে মন্তব্য আগবঢ়াই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here