Home মুখ্য পৃষ্ঠা ১ ফেব্ৰুৱাৰীৰ পৰা জোনাইত বানে কেবাঙৰ ৩৬তম অধিৱেশন

১ ফেব্ৰুৱাৰীৰ পৰা জোনাইত বানে কেবাঙৰ ৩৬তম অধিৱেশন

112
0

১ ফেব্ৰুৱাৰীৰ পৰা জোনাইত বানে কেবাঙৰ ৩৬তম অধিৱেশন

👉১ কোটি টকীয়া বাজেটেৰে অনুষ্ঠিত হ’বলগা অধিবেশনৰ প্ৰস্তুতি প্ৰায় পূৰ্ণ পৰ্য্যায়ত

দৈনন্দিন বাৰ্তা Live@ জোনাই- চিচিবৰগাঁও, ২৯ জানুৱাৰী: অহা ১ ফেব্ৰুৱাৰীৰ পৰা জোনাইৰ জোনকাৰেঙৰ আৱটানি লত্তাত চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব মিছিং সমাজৰ পিতৃ সংগঠন মিছিং বানে কেবাঙৰ ৩৬ তম সাধাৰণ অধিৱেশন। চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই অধিৱেশনখনিত ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশৰ পৰা প্ৰায় এহেজাৰ প্ৰতিনিধি উপস্থিত থকাৰ উপৰিও এক লাখ ৰাইজৰ সমাগম ঘটিব বুলি জানিবলৈ দিছে উদযাপন সমিতিয়ে। এই অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ১০ হাজাৰ লোকে বহিব পৰাকৈ মূল মণ্ডপ, পাঁচ হাজাৰ লোক একেলগে বহি খাব পৰা ভোজনালয়, প্ৰতিনিধি শিবিৰ নানা প্ৰদৰ্শনীস্থলীৰ লগতে মূল তোৰণৰ নিৰ্মাণকাৰ্য প্ৰায় আশী শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি উদযাপন সমিতিৰ সম্পাদক নৰেশ কুম্বাঙে জানিবলৈ দিয়ে। আনহাতে এই অধিৱেশনলৈ অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী বিধায়কক নিমন্ত্ৰণ জনোৱাৰ লগতে মুকলি অধিৱেশনলৈ পদ্মশ্ৰী বঁটা প্ৰাপ্ত অৰণ্য মানৱ যাদৱ পায়েঙে মুখ্য অতিথিৰ আসন অলংকিত কৰিব বুলি জানিবলৈ দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here