Home মুখ্য পৃষ্ঠা কৰ্মৰত শিক্ষয়িত্ৰীক শালীনতা হনি কৰাক কেন্দ্ৰকৰি গৰৈমাৰীত ব্লক অগপ মহিলা পৰিষদৰ উত্তাল...

কৰ্মৰত শিক্ষয়িত্ৰীক শালীনতা হনি কৰাক কেন্দ্ৰকৰি গৰৈমাৰীত ব্লক অগপ মহিলা পৰিষদৰ উত্তাল প্ৰতিবাদঃ সভাপতি আক্ৰাম হুছেইনক গ্ৰেপ্তাৰৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণঃ

425
0

কৰ্মৰত শিক্ষয়িত্ৰীক শালীনতা হনি কৰাক কেন্দ্ৰকৰি গৰৈমাৰীত ব্লক অগপ মহিলা পৰিষদৰ উত্তাল প্ৰতিবাদঃ

  • সভাপতি আক্ৰাম হুছেইনক গ্ৰেপ্তাৰৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণঃ

দৈনন্দিন বাৰ্তা Live@সোণতলী পৰা ৰেজাউল কবিৰ , ২৯ জানুৱাৰীঃ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰক প্ৰশ্ৰয় দিয়া ছযগাঁও সমষ্টিৰ অন্তৰ্গত ২নং হাতীশলা ভলুকাবাড়ী গাঁওপঞ্চায়তৰ সভাপতি আক্ৰাম হুছেইনে যোৱা ২২ জানুৱাৰীত বিদ্যালয়ত পাঠদান চলাই থকা এগৰাকী কৰ্মৰত প্ৰাধান শিক্ষয়িত্ৰীক শালীনতা হানি কৰাক কেন্দ্ৰকৰি আজি গৰৈমাৰী ব্লক অগপ মহিলা পৰিষদৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি সমগ্ৰ গৰৈমাৰী অঞ্চলৰ আকাশ বতাহ কপাই তোলে ৷ উল্লেখ্য, যোৱা ২২ জানুৱাৰীত হাতীশলা গাঁৱৰ মানিক দেৱানি মেমৰিয়েল প্ৰাথমিক বিদ্যালযৰ় প্ৰধান শিক্ষয়িত্ৰী মিছ ৰৌচনাৰা বেগমে বিদ্যালয়ত পাঠদান দি থকা অৱস্থাত ২নং হাতীশলা ভলুকাবাড়ী গাঁওপঞ্চায়তৰ সভাপতি আক্ৰাম হুছেইন আৰু সচিব ফুলচান আলীয়ে তেঁওলোকৰ সাংগো-পাংগ লৈ উক্ত বিদ্যালয়ত উপস্থিত হৈ শিক্ষয়িত্ৰী গৰাকীক পাঠদান বন্ধ কৰি বিদ্যালয় ছুটি দিবলৈ নিৰ্দেশ দিয়ে ৷ এই কথা শিক্ষয়িত্ৰী গৰাকীয়ে অমান্তি হোৱাত সভাপতি আক্ৰাম হুছেইনে ৰৌচনাৰাক শাৰীৰিক ভাৱে অশালীন ব্যৱহাৰ আৰু অপদস্ত কৰি মাটিত বগৰাই বগৰাই কাপোৰ টানি চিঙি পেলোৱাৰ লগতে তেওঁ পিন্ধি থকা সোণৰ গহনা লুট কৰি নিয়াৰ উপৰিও শাৰীৰিক ভাৱে প্ৰহাৰ কৰে ৷ ঘটনা সন্দৰ্ভত শিক্ষয়িত্ৰীয়ে যোৱা ২২ তাৰিখে ছয়গাঁও আৰক্ষী থানাত আই পি ছি ৪৪৮/৩৫৪/৩২৫/৩৫৬/৫০৬/৩৪৮/৩৪ ভাৰতীয় দণ্ডবিধিৰ ৭৫/১৮ নম্বৰৰ এটি গোচৰ ৰুজু কৰিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে অপৰাধী আক্ৰাম হুছেইনক গ্ৰেপ্তাৰ নকৰাটো এক ৰহস্যৰ বিষয় হৈ পৰিছে ৷ এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাই আজি গৰৈমাৰী ব্লক অগপ মহিলা পৰিষদৰ উদ্যোগত গৰৈমাৰীস্থিত অগপ কাৰ্যালয়ৰ পৰা মহিলা সকলে হাতে হাতে প্লেকাৰ্ড, বেনাৰ, ফেষ্টুন আদি লৈ সদল বলে উলাই আহি আক্ৰাম হুছেইনক গ্ৰেপ্তাৰ কৰক, মহিলাৰ ওপৰত নিৰ্যাতন নচলিব, সাভাপতিৰ ভণ্ডামি নচলিম, নাৰীক সুৰক্ষিত কৰক আদি ধ্বনিৰে প্ৰতিবাদ জনাই গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও কৰে যদিও চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি হাতী বৰুৱাই বাহিৰলৈ ওলাই নাহি কাৰ্যালয়ৰ দৰ্জা বন্ধ কৰি ভিতৰত বহি থাকে ৷ ইফালে মহিলা সকলৰ বিপুল দাবীত শেষত কাৰ্যালয়ৰ পৰা ওলাই আহে আৰু প্ৰতিবাদকাৰী সকলে সভাপতি আক্ৰাম হুছেইনক ৩৬ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় ৷ লগতে চোৰ-ডকাইত, নাৰী সৰবৰাহকাৰী, নাৰী নিৰ্যাতনকাৰী তথা উদণ্ড নেতা আক্ৰাম হুছেইনৰ উদ্ভণ্ডালিক নাকী লগাবলৈ কেইবাটাও দাবী সম্ভলিত এখনি স্মাৰক-পত্ৰ চক্ৰ বিষযাক প্ৰেৰণ কৰে ৷ আনহাতে অহা ৩৬ ঘণ্টা সময় সীমাৰ ভিতৰত সভাপতি আক্ৰাম হুছেইনক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে পৰৱৰ্তী সময়ত গণতান্ত্ৰিক ভাৱে জংগী আন্দোলন গঢ়ি তুলিব বুলি মহিলা পৰিষদৰ সভানেত্ৰী মঞ্জুৱাৰা খাতুনে সকীয়াই দিয়ে ৷ আনহাতে মহিলা পৰিষদৰ সম্পাদিকা গোলাপজান নেছা, অজুফা বেগম, জাহিদা বেগম, মীনা কলিতাৰ উপৰি বিশিষ্ট মহিলা কৰ্মকৰ্তাসকল অংশ গ্ৰহণ কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here